--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ব্যতিক্ৰমী পূজা ৷ গোৱৰ্ধন পূজা, যাক অন্নকুট পূজা বুলিও জনা যায়, সৰ্বশক্তিমান ভগৱান শ্ৰী কৃষ্ণক উপাসনা কৰিবলৈ উদযাপন কৰা হয় এই পূজা৷ চলিত বৰ্ষৰ গোৱৰ্ধন পূজা ৫ নৱেম্বৰত উদযাপন কৰা হ’ল

কালী পূজাৰ পাছৰ দিনা উদযাপন কৰা এই উৎসৱে হিন্দু পুৰাণত এক বিশেষ স্থান দখল কৰে কিয়নো এই দিনটোত ভগৱান কৃষ্ণই গোৱৰ্ধন পৰ্বতখনক এটা আঙুলিত তুলি, গাঁওবাসী আৰু গৰুবোৰক প্ৰকৃতিৰ ক্ৰোধৰ পৰা আশ্ৰয় দি ভগৱান ইন্দ্ৰক পৰাজিত কৰিছিল৷এই উৎসৱ মূলতঃ অনুষ্ঠিত কৰা হয় মধ্য প্ৰদেশত৷ সকলোৱে জীৱনৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে শিশুৰ সু-স্বাস্থ্যৰ বাবে আয়োজন কৰা হয় গোৱৰ্ধন পূজা৷ যাদৱ সম্প্ৰদায়ৰ মহিলাসকলে বিশেষকৈ এই পূজাৰ আগ-ভাগ লয়৷

দেৱালীৰ পাছৰদিনা উদযাপন কৰা এই উৎসৱৰ যথেষ্ট প্ৰাধান্য আছে, বিশেষকৈ এই পূজাত শিশুসকলক গুবৰৰ দমত শুৱাই থয়৷ মহিলাসকলে তেওঁলোকৰ সন্তানসকলক শুৱাবলৈ একোটাকৈ গোবৰৰ দম প্ৰস্তুত কৰে পৰ্বতৰ আকাৰত আৰু তাৰ সন্তানসকলক গোবৰৰ দমত শুৱাই তেওঁলোকৰ মংগলৰ বাবে মাতৃসকলে প্ৰাৰ্থনা কৰে৷ তাৰ পাছত ভোগৰ বাবে প্ৰতিখন ঘৰৰ পৰা ক্ষীৰ-পুৰী আৰু মিঠাই লগতে গাখীৰ অনা হয়। এইটো বিশ্বাস কৰা হয় যে এই গাখীৰ খোৱা ব্যক্তিসকলৰ স্বাস্থ্য গোটেই বছৰটোতে ভালে থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন