--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক ব্যতিক্ৰমী পূজা ৷ গোৱৰ্ধন পূজা, যাক অন্নকুট পূজা বুলিও জনা যায়, সৰ্বশক্তিমান ভগৱান শ্ৰী কৃষ্ণক উপাসনা কৰিবলৈ উদযাপন কৰা হয় এই পূজা৷ চলিত বৰ্ষৰ গোৱৰ্ধন পূজা ৫ নৱেম্বৰত উদযাপন কৰা হ’ল

কালী পূজাৰ পাছৰ দিনা উদযাপন কৰা এই উৎসৱে হিন্দু পুৰাণত এক বিশেষ স্থান দখল কৰে কিয়নো এই দিনটোত ভগৱান কৃষ্ণই গোৱৰ্ধন পৰ্বতখনক এটা আঙুলিত তুলি, গাঁওবাসী আৰু গৰুবোৰক প্ৰকৃতিৰ ক্ৰোধৰ পৰা আশ্ৰয় দি ভগৱান ইন্দ্ৰক পৰাজিত কৰিছিল৷এই উৎসৱ মূলতঃ অনুষ্ঠিত কৰা হয় মধ্য প্ৰদেশত৷ সকলোৱে জীৱনৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে শিশুৰ সু-স্বাস্থ্যৰ বাবে আয়োজন কৰা হয় গোৱৰ্ধন পূজা৷ যাদৱ সম্প্ৰদায়ৰ মহিলাসকলে বিশেষকৈ এই পূজাৰ আগ-ভাগ লয়৷

দেৱালীৰ পাছৰদিনা উদযাপন কৰা এই উৎসৱৰ যথেষ্ট প্ৰাধান্য আছে, বিশেষকৈ এই পূজাত শিশুসকলক গুবৰৰ দমত শুৱাই থয়৷ মহিলাসকলে তেওঁলোকৰ সন্তানসকলক শুৱাবলৈ একোটাকৈ গোবৰৰ দম প্ৰস্তুত কৰে পৰ্বতৰ আকাৰত আৰু তাৰ সন্তানসকলক গোবৰৰ দমত শুৱাই তেওঁলোকৰ মংগলৰ বাবে মাতৃসকলে প্ৰাৰ্থনা কৰে৷ তাৰ পাছত ভোগৰ বাবে প্ৰতিখন ঘৰৰ পৰা ক্ষীৰ-পুৰী আৰু মিঠাই লগতে গাখীৰ অনা হয়। এইটো বিশ্বাস কৰা হয় যে এই গাখীৰ খোৱা ব্যক্তিসকলৰ স্বাস্থ্য গোটেই বছৰটোতে ভালে থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক