--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হত্যা-হিংসা-অপৰাধজনিত ঘটনা ভয়ংকৰভাবে বৃদ্ধি পাইছে দেশত। স্বামী-স্ত্ৰীৰ কাজিয়াই চূড়ান্ত ৰূপ লোৱাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। ঘৰ ভাড়া দিবলৈ জমা হোৱা টকাৰে গহনা কিনা বাবে পত্নীক মৰিয়াই হত্যা কৰে এজন লোকে।

বাংগালুৰুৰ দয়ানন্দনগৰৰ বাসিন্দা শ্বেইক ফাৰুক নামৰ লোক এজনে নিজপত্নীক হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ফাৰুকে সোমবাৰে পুৱা পত্নী নাজিয়াৰ হাতত ঘৰ ভাড়া দিবলৈ ৬,৫০০ টকা জমা দিছিল। কিন্তু পত্নীয়ে সেই টকাৰে দীপাৱলীত বিক্ৰী কৰিব বুলি গহনা ক্ৰয় কৰে। সন্ধিয়া ফাৰুকে পত্নীক ঘৰ ভাড়া দিয়াৰ কথা সোধাত নাজিয়াই গহনা বিক্ৰী কৰাৰ পৰিকল্পনাৰ বিষয়ে জনায়। পত্নীৰ কথাত ক্ৰোধান্বিত হয় ফাৰুক আৰু সূত্ৰপাত হয় কাজিয়াৰ। খঙত হিতাহিত জ্ঞান হেৰুৱাই ফাৰুকে পত্নীক মুখত আঘাত কৰাৰ লগতে দেৱালত থেকেচি দিয়ে নাজিয়াৰ মূৰ। পাছত অচেতন অৱস্থাত নাজিয়াক হাস্পতাললৈ লৈ যোৱা হয় যদিও মৃত্যুৰে হাৰ মানে নাজিয়াই।

ইতিমধ্যে নাজিয়াৰ মাতৃয়ে আৰক্ষীক অভিযোগ দাখিল কৰে আৰু ছিদ্দাপুৰা আৰক্ষীয়ে ফাৰুকৰ বিৰুদ্ধে এক হত্যাৰ গোচৰ ৰুজু কৰে। পাছত ছিদ্দাপুৰা আৰক্ষীয়ে ফাৰুকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক