--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনোবাই দূৰৈৰ দ্বীপ এটালৈ গৈ বিয়া পাতে। কাৰোবাৰ বিয়াত আকৌ মনোৰঞ্জন দিয়ে দামী পপ ষ্টাৰে। এই দেশত সঞ্চয়ৰ এক বৃহৎ অংশ বিবাহৰ বাবে ব্যয় কৰা হয়। আনকি মহামাৰীৰ পিছত দেশত আৰ্থিক মন্দাৱস্থাৰ সন্মুখীন হ’লেও বিয়াৰ বাজেট কৰ্তন কৰা হোৱা নহয়। ইয়াৰ বিপৰীতে দিনক দিনে বৃদ্ধি পালে। এনে কিছুমান দামী বিয়াৰ বিষয়ে ক’বলৈ লোৱা হৈছে৷

২০১৬ চনত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী জনাৰ্ধন ৰেড্ডীৰ কন্যাই বিবাহপাশত আবদ্ধ হয়। সেই বিয়াত ৫০০ কোটি টকা খৰচ হৈছিল। ৩০ একৰ মাটিত নিৰ্মাণ কৰা হৈছিল এই মণ্ডপ। মণ্ডপৰ প্ৰৱেশদ্বাৰত দুটা হাতীৰ মূৰ্তি আছিল। বিয়াৰ নিমন্ত্ৰণী পত্ৰখন আহিছিল নীলা ৰঙৰ বাকচ এটাত। ইয়াৰ এল চি ডি স্ক্ৰীণ আছিল। খোদ নিমন্ত্ৰণ পত্ৰৰ বাবেই খৰচ হৈছিল পাঁচ কোটি টকা। প্ৰায় ৫০ হাজাৰ লোকে এই বিয়াত অংশগ্ৰহণ কৰে। তাত আছিল তিনি হাজাৰ নিৰাপত্তাৰক্ষী আৰু বাউন্সাৰ।

উদ্যোগপতি মুকেশ আম্বানীৰ একমাত্ৰ কন্যা  ঈশা আম্বানীৰ বিয়াখনো কম জনপ্ৰিয় নাছিল। ২০১৮ চনত এই বিয়াখন অনুষ্ঠিত হৈছিল। উদয়পুৰত আয়োজন কৰা হয় প্ৰাক বিবাহ অনুষ্ঠান। আমেৰিকাৰ পপ তাৰকা বিয়ন্সে ইয়াত গীত গাইছিল। উদয়পুৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অংশ ল’বলৈ গৈছিল আমেৰিকাৰ প্ৰাক্তন প্ৰথম মহিলা হিলাৰী ক্লিণ্টন, শচীন টেণ্ডুলকাৰ, প্ৰিয়ংকা চোপ্ৰা, নিক জ’নাছ, উদ্যোগপতি লক্ষ্মী মিত্তল। শ শ চাৰ্টাৰ্ড বিমান অতিথিসহ উদয়পুৰ বিমানবন্দৰত অৱতৰণ কৰে। বিয়াৰ অনুষ্ঠানটোও চকু কপালত তুলিছিল। বিয়াৰ দিনা অমিতাভ বচ্চন, অভিষেক বচ্চন, ঐশ্বৰ্য ৰায় বচ্চনৰ পৰা আমিৰ খানেও খাদ্য পৰিবেশন কৰে।

২০১১ চনত কংগ্ৰেছ নেতা কনোৱাৰ সিং তনৱাৰৰ পুত্ৰ ললিতৰ বিবাহো চকু কপালত তুলিছিল। কইনাৰ নাম আছিল সোহনাৰ প্ৰাক্তন বিধায়ক সুখবীৰ সিং জৌনাপুৰীয়াৰ কন্যা যোগিতা। হাৰিয়ানাৰ জৌনাপুৰ গাঁৱত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। ১৫ হাজাৰ অতিথিয়ে অংশগ্ৰহণ কৰে বিয়াত। সূত্ৰ অনুসৰি দৰা-কইনাক এখন হেলিকপ্টাৰ উপহাৰ দিয়া হৈছিল, যাৰ বাবে ২১ কোটি টকা খৰচ হৈছিল। গোটেই সপ্তাহটোত বিভিন্ন বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকশিল্পী আহিছিল। এংগেজমেণ্টত উপস্থিত থকা সকলো অতিথিকে ৩০ গ্ৰাম ৰূপালী বিস্কুট, ছাফাৰী চুট আৰু নগদ ২১০০ টকা উপহাৰ দিয়া হয়।

২০১১ চনত নিউজিলেণ্ডৰ উদ্যোগপতি এছ ৰবিন্দ্ৰই ভাৰতত নিজৰ দুই পুত্ৰক বিয়া কৰায়। প্ৰবাসী ভাৰতীয়গৰাকীয়ে হায়দৰাবাদত পুত্ৰ এছ ৰোহিত আৰু এছ ৰঞ্জিতৰ বিবাহ অনুষ্ঠানৰ আয়োজন কৰে। কাজিন শ্ৰুতি আৰু দীপকৰ বিবাহ হৈছিল ৰোহিত আৰু ৰঞ্জিতৰ সৈতে। প্লেটিনাম মংগলসূত্ৰ পিন্ধি বিয়া পাতিছিল। দুয়োগৰাকী কইনাই বিয়াৰ সকলো অনুষ্ঠানৰ বাবে মনীষ মালহোত্ৰাই ডিজাইন কৰা ড্ৰেছ পিন্ধিছিল। হায়দৰাবাদৰ জিএমআৰ গাৰ্ডেনত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। ১৫ হাজাৰ লোক উপস্থিত থাকে। বিয়াত বাংলা, পাঞ্জাবী, ৰাজস্থানী ৰীতি-নীতি পালন কৰা হৈছিল। বিবাহ অনুষ্ঠানৰ অন্যতম থিম আছিল ‘যোধা-আকবৰ’ চিনেমা, আৰবী ৰজনী। কইনা দুগৰাকীক গোলাপী ৰঙৰ মাৰ্চিডিজ গাড়ীৰে চহৰত ফুৰোৱা হৈছিল৷

২০১৮ চনত প্ৰিয়ংকা চোপ্ৰাই নিক জোনাছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যোধপুৰৰ উমাইদ পেলেচত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান। সেই বিয়াও আছিল সাধুকথাৰ দৰে। খৰচ হৈছিল প্ৰায় ১০৫ কোটি। হিন্দু আৰু খ্ৰীষ্টান বিবাহ দুটা ৰীতি-নীতি অনুসৰি কৰা হৈছিল। প্ৰিয়ংকাই গাহলুদত আবু জানি-সন্দীপ খোছলাৰ ডিজাইন কৰা ড্ৰেছ পিন্ধিছিল। কইনাইও মেহেন্দী ডিজাইন পিন্ধিছিল। আৰু বিয়াত তাই পিন্ধিছিল সব্যসাচিৰ ডিজাইন কৰা ৰঙা লেহেংগা।

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিয়াও কম চৰ্চিত নাছিল। ইটালীৰ টাস্কানিত এই বিয়াখন অনুষ্ঠিত হয়। সব্যশচীৰ ডিজাইনৰ পেষ্টেল ৰঙৰ ড্ৰেছ পিন্ধিছিল দৰা-কইনা। ৯০ কোটি টকা খৰচ হৈছিল বিয়াত। বিয়াত মাত্ৰ ৪৪ জন অতিথিয়েহে অংশ লৈছিল। ভাৰতীয় আৰু ইটালীৰ পোষ্টত অতিথিসকলক আমোদ দিয়া হৈছিল। পিছত মুম্বাইত পুনৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠিত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে