--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱকজনে দুগৰাকী যুৱতীক বাইকত উঠাই ষ্টাণ্ট কৰিলে। তেওঁৰ এই কৃতিত্ব ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। যুৱকজনৰ দক্ষতাৰ বাবে প্ৰশংসাও কৰা হয়। কিন্তু ফলাফল ভাল নহ’ল। বাইকখনৰ সৈতে তেওঁৰ এই কৃতিত্ব দেখি সক্ৰিয় হৈ পৰে মুম্বাই আৰক্ষী। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ১৩ ছেকেণ্ডৰ ভিডিঅ’ এটাত বাইকত ষ্টাণ্ট দেখুৱাই ভাইৰেল হয় যুৱকজন৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্তৰ নাম ফৈজ কাদ্ৰী। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এজন যুৱকে নিশা খালী ৰাস্তাত বাইক চলাই থকা দেখা গৈছে। বাইকখনৰ পিছফালৰ চিটত বহি আছে এগৰাকী যুৱতী। আৰু আন এগৰাকী যুৱতীয়ে যুৱকজনৰ ফালে মুখ কৰি বহি তেওঁক সাৱটি ধৰিছে। যুৱকজনে ধুমুহাৰ গতিবেগেৰে বাইকখন চলাইছে। কেৱল সেয়াই নহয়, বাইকৰ সন্মুখৰ চকা শূন্যলৈ তুলি অলৌকিক কাম কৰাও দেখা গ’ল।

মুম্বাইৰ ৰাজপথত এনে ষ্টাণ্টৰ ভিডিঅ’ দেখি সক্ৰিয় হৈ পৰে আৰক্ষী। তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। ১৩ ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোত দেখা পোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি টুইটযোগে মুম্বাই যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছিল

অভিযুক্তৰ সন্ধান অব্যাহত থাকে। লগতে আৰক্ষীয়ে তেওঁলোকৰ সন্দৰ্ভত যিকোনো তথ্য দিব পৰা ব্যক্তিক পোনপটীয়াকৈ ডি এমৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছিল। দেওবাৰে বান্দ্ৰা কুৰ্লা কমপ্লেক্স আৰক্ষীয়ে অভিযোগৰ ভিত্তিত বাইকাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু