--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱকজনে দুগৰাকী যুৱতীক বাইকত উঠাই ষ্টাণ্ট কৰিলে। তেওঁৰ এই কৃতিত্ব ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। যুৱকজনৰ দক্ষতাৰ বাবে প্ৰশংসাও কৰা হয়। কিন্তু ফলাফল ভাল নহ’ল। বাইকখনৰ সৈতে তেওঁৰ এই কৃতিত্ব দেখি সক্ৰিয় হৈ পৰে মুম্বাই আৰক্ষী। 

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ১৩ ছেকেণ্ডৰ ভিডিঅ’ এটাত বাইকত ষ্টাণ্ট দেখুৱাই ভাইৰেল হয় যুৱকজন৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰে। দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযুক্তৰ নাম ফৈজ কাদ্ৰী। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা মতে, এজন যুৱকে নিশা খালী ৰাস্তাত বাইক চলাই থকা দেখা গৈছে। বাইকখনৰ পিছফালৰ চিটত বহি আছে এগৰাকী যুৱতী। আৰু আন এগৰাকী যুৱতীয়ে যুৱকজনৰ ফালে মুখ কৰি বহি তেওঁক সাৱটি ধৰিছে। যুৱকজনে ধুমুহাৰ গতিবেগেৰে বাইকখন চলাইছে। কেৱল সেয়াই নহয়, বাইকৰ সন্মুখৰ চকা শূন্যলৈ তুলি অলৌকিক কাম কৰাও দেখা গ’ল।

মুম্বাইৰ ৰাজপথত এনে ষ্টাণ্টৰ ভিডিঅ’ দেখি সক্ৰিয় হৈ পৰে আৰক্ষী। তিনিওজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। ১৩ ছেকেণ্ডৰ ভাইৰেল ভিডিঅ’টোত দেখা পোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি টুইটযোগে মুম্বাই যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰিছিল

অভিযুক্তৰ সন্ধান অব্যাহত থাকে। লগতে আৰক্ষীয়ে তেওঁলোকৰ সন্দৰ্ভত যিকোনো তথ্য দিব পৰা ব্যক্তিক পোনপটীয়াকৈ ডি এমৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছিল। দেওবাৰে বান্দ্ৰা কুৰ্লা কমপ্লেক্স আৰক্ষীয়ে অভিযোগৰ ভিত্তিত বাইকাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে