--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী পৰিয়ালত এতিয়া বিবাহ বাৰ্ষিকী চলি আছে। মুকেশ আম্বানীৰ ভাতৃ অনিলৰ পুত্ৰ জয় আনমোল আম্বানী আৰু কৃষা শ্বাহৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিন পৰিছে।

বিবাহবাৰ্ষিকী উপলক্ষে অনিলৰ পত্নী টিনাই ছচিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে। সেই ছবিখনত অনিল, টিনা, জে আৰু কৃষাক একেলগে দেখা গৈছে। ছবিখন পোষ্ট কৰি জয় আৰু কৃষালৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে টিনা আম্বানীয়ে।

২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত জয় আৰু কৃষাই বিবাহপাশত আবদ্ধ হয়। জানো আহক আম্বানী পৰিয়ালৰ বোৱাৰী কৃষা শ্বাহ আম্বানীৰ বিষয়ে!

কৃষাৰ পিতৃ আছিল নিকুঞ্জ এণ্টাৰপ্ৰাইজৰ পৰিচালন সঞ্চালক। ইয়াৰ উপৰিও তেওঁক ‘এছ ভি এছ একুৱা টেকন’লজি’ নামৰ কোম্পানী এটাৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হয়। কৃষাৰ মাক আছিল এগৰাকী সাজ-পোছাকশিল্পী। একাংশই অনুমান কৰিছে যে জয় আৰু কৃষাৰ কথা-বাৰ্তা পৰিয়ালৰ সূত্ৰৰ জৰিয়তে হৈছিল।

কিন্তু পৰিয়ালৰ কাকো খবৰ নিদিয়াকৈ জয় আৰু কৃষাই ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল। ইয়াৰ পিছত দুয়োৰে মাজত সম্পৰ্ক গঢ় লৈ উঠিল। ২০২১ চনত কৃষাৰ পিতৃৰ মৃত্যু হয়।

২০২১ চনৰ ডিচেম্বৰ মাহত কৃষাই আম্বানী-পুত্ৰ জয়ৰ সৈতে এংগেজমেণ্ট পৰ্যায় সম্পূৰ্ণ কৰে। এংগেজমেণ্ট ফেজৰ প্ৰায় দুমাহৰ ভিতৰতে জয় আৰু কৃষাৰ বিয়া হৈছিল।

দুগৰাকী ভাই-ভনীৰ সৈতে মুম্বাইত ডাঙৰ-দীঘল হৈছিল আম্বানী বোৱাৰী কৃষা। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেওঁ। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনৈতিক অৰ্থনীতিৰ স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰে কৃষাই।

ইয়াৰ পিছত কৃষাই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা সামাজিক নীতি আৰু উন্নয়নৰ শিক্ষা গ্ৰহণ কৰে। তাৰপাছতে তেওঁ অহৰহ সমাজসেৱাৰ লগত জড়িত হৈ আছিল।

কৃষা দীৰ্ঘদিন ধৰি ব্ৰিটেইনৰ এটা ব্যক্তিগত সংস্থাৰ সৈতে জড়িত আছিল। কিন্তু পিছত সেই কাম এৰি তেওঁ দেশলৈ উভতি আহে ভাৰতলৈ আহি ‘ডিস্কো’ নামৰ নিজাকৈ কোম্পানী এটা প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৱে ব্যৱসায়ী আৰু নামী কোম্পানীসমূহৰ মাজত এক সংযোগৰ সৃষ্টি কৰে।

কৃষাই কয় যে তেওঁৰ সংস্থাটোৱে কেৱল ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অনলাইন আৰু অফলাইন চেনেলৰ জৰিয়তে বিভিন্ন সংগঠন আৰু ব্যৱসায়ীক এটা ছাতিৰ তলত একত্ৰিত কৰিবলৈ সক্ষম হৈছে।

নিজাকৈ কোম্পানী গঢ়ি তোলাৰ উপৰিও কৃষাই মানসিক স্বাস্থ্যৰ বাবেও কাম কৰে। মহামাৰীৰ সময়ত কেনেধৰণৰ মানসিক সমস্যা হ’ব পাৰে সেই বিষয়ে কৃষাই প্ৰচাৰ কৰিছিল।

কৃষা বেছিভাগ সময়তে কামতে ব্যস্ত থাকে। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যাও বহুত কম। এই প্ৰতিবেদন লিখাৰ সময়লৈকে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যাই মাত্ৰ প্ৰায় ১৩ হাজাৰ স্পৰ্শ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক