--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী পৰিয়ালত এতিয়া বিবাহ বাৰ্ষিকী চলি আছে। মুকেশ আম্বানীৰ ভাতৃ অনিলৰ পুত্ৰ জয় আনমোল আম্বানী আৰু কৃষা শ্বাহৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিন পৰিছে।

বিবাহবাৰ্ষিকী উপলক্ষে অনিলৰ পত্নী টিনাই ছচিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰিছে। সেই ছবিখনত অনিল, টিনা, জে আৰু কৃষাক একেলগে দেখা গৈছে। ছবিখন পোষ্ট কৰি জয় আৰু কৃষালৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে টিনা আম্বানীয়ে।

২০২২ চনৰ ২০ ফেব্ৰুৱাৰীত জয় আৰু কৃষাই বিবাহপাশত আবদ্ধ হয়। জানো আহক আম্বানী পৰিয়ালৰ বোৱাৰী কৃষা শ্বাহ আম্বানীৰ বিষয়ে!

কৃষাৰ পিতৃ আছিল নিকুঞ্জ এণ্টাৰপ্ৰাইজৰ পৰিচালন সঞ্চালক। ইয়াৰ উপৰিও তেওঁক ‘এছ ভি এছ একুৱা টেকন’লজি’ নামৰ কোম্পানী এটাৰ পৰিচালক হিচাপে নিযুক্তি দিয়া হয়। কৃষাৰ মাক আছিল এগৰাকী সাজ-পোছাকশিল্পী। একাংশই অনুমান কৰিছে যে জয় আৰু কৃষাৰ কথা-বাৰ্তা পৰিয়ালৰ সূত্ৰৰ জৰিয়তে হৈছিল।

কিন্তু পৰিয়ালৰ কাকো খবৰ নিদিয়াকৈ জয় আৰু কৃষাই ইজনে সিজনৰ লগত ডেটিং আৰম্ভ কৰিছিল। ইয়াৰ পিছত দুয়োৰে মাজত সম্পৰ্ক গঢ় লৈ উঠিল। ২০২১ চনত কৃষাৰ পিতৃৰ মৃত্যু হয়।

২০২১ চনৰ ডিচেম্বৰ মাহত কৃষাই আম্বানী-পুত্ৰ জয়ৰ সৈতে এংগেজমেণ্ট পৰ্যায় সম্পূৰ্ণ কৰে। এংগেজমেণ্ট ফেজৰ প্ৰায় দুমাহৰ ভিতৰতে জয় আৰু কৃষাৰ বিয়া হৈছিল।

দুগৰাকী ভাই-ভনীৰ সৈতে মুম্বাইত ডাঙৰ-দীঘল হৈছিল আম্বানী বোৱাৰী কৃষা। উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেওঁ। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ৰাজনৈতিক অৰ্থনীতিৰ স্নাতক অধ্যয়ন সম্পূৰ্ণ কৰে কৃষাই।

ইয়াৰ পিছত কৃষাই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা সামাজিক নীতি আৰু উন্নয়নৰ শিক্ষা গ্ৰহণ কৰে। তাৰপাছতে তেওঁ অহৰহ সমাজসেৱাৰ লগত জড়িত হৈ আছিল।

কৃষা দীৰ্ঘদিন ধৰি ব্ৰিটেইনৰ এটা ব্যক্তিগত সংস্থাৰ সৈতে জড়িত আছিল। কিন্তু পিছত সেই কাম এৰি তেওঁ দেশলৈ উভতি আহে ভাৰতলৈ আহি ‘ডিস্কো’ নামৰ নিজাকৈ কোম্পানী এটা প্ৰতিষ্ঠা কৰে। এই সংস্থাটোৱে ব্যৱসায়ী আৰু নামী কোম্পানীসমূহৰ মাজত এক সংযোগৰ সৃষ্টি কৰে।

কৃষাই কয় যে তেওঁৰ সংস্থাটোৱে কেৱল ভাৰততে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অনলাইন আৰু অফলাইন চেনেলৰ জৰিয়তে বিভিন্ন সংগঠন আৰু ব্যৱসায়ীক এটা ছাতিৰ তলত একত্ৰিত কৰিবলৈ সক্ষম হৈছে।

নিজাকৈ কোম্পানী গঢ়ি তোলাৰ উপৰিও কৃষাই মানসিক স্বাস্থ্যৰ বাবেও কাম কৰে। মহামাৰীৰ সময়ত কেনেধৰণৰ মানসিক সমস্যা হ’ব পাৰে সেই বিষয়ে কৃষাই প্ৰচাৰ কৰিছিল।

কৃষা বেছিভাগ সময়তে কামতে ব্যস্ত থাকে। ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যাও বহুত কম। এই প্ৰতিবেদন লিখাৰ সময়লৈকে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীৰ সংখ্যাই মাত্ৰ প্ৰায় ১৩ হাজাৰ স্পৰ্শ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু