--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিএছএফৰ শিবিৰতো নিৰাপদ নহয় মহিলা কনিষ্টবল৷ শিবিৰৰ ভিতৰতে বিএছএফৰ এগৰাকী মহিলা কনিষ্টবলক সহকৰ্মীয়ে ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে৷ ঘচটনাটো সংঘটিত হৈছে  পশ্চিমবংগত৷  তৃণমূল কংগ্ৰেছে  বিএছএফ কনিষ্টবলক বলাৎকাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

তৃণমূলৰ  মুখপাত্ৰ কুনাল ঘোষে বিষয়টো ৰাজহুৱা কৰি টুইটাৰত প্ৰশ্ন কৰিছে যে  গৃহ মন্ত্ৰালয়ৰ অধীনৰ বিএছএফ শিবিৰত এনে এক আচৰিত ঘটনাৰ ঘটাৰ বিষয়ে বিজেপি নেতৃতেবাধীন চৰকাৰে  কি ব্যৱস্থা  গ্ৰহণ কৰিছে? ঘটনাটো প্ৰকৃততে কিদৰে ঘটিছিল? ১৮ ফেব্ৰুৱাৰীত নাদিয়াৰ কৃষ্ণগুঞ্জ আৰক্ষী থানা অঞ্চলৰ বিএছএফ শিবিৰত এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণ কৰা হৈছিল। ভুক্তভোগীগৰাকীক  প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক  চিকিৎসাৰ বাবে এছ.এছ.কে.এম. চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।এছএছকেএমৰ চিকিৎসকসকলে ভুক্তভোগীৰ পৰিয়ালক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ কৈছিল। 


বিএছএফৰ একাংশ বিষয়াই ভুক্তভোগীৰ সৈতে ভবানীপুৰ আৰক্ষী থানালৈ গৈছিল। মহিলা কনিষ্টবলগৰাকীয়ে লিখিত অভিযোগ দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ৩৬৭/২(গ) ধাৰাৰ অধীনত ভবানীপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।  এজাহাৰখন পিছত  কৃষ্ণগঞ্জ আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছিল। বিএছএফে কৈছে যে তেওঁলোকে বিষয়টোৰ বিভাগীয় তদন্ত চলাই আছে। 

অভিযুক্ত কোম্পানী কমাণ্ডাৰ (ইন্সপেক্টৰ ৰেংক) জনক ইতিমধ্যে নিলম্বিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক