--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিএছএফৰ শিবিৰতো নিৰাপদ নহয় মহিলা কনিষ্টবল৷ শিবিৰৰ ভিতৰতে বিএছএফৰ এগৰাকী মহিলা কনিষ্টবলক সহকৰ্মীয়ে ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ  সৃষ্টি কৰিছে৷ ঘচটনাটো সংঘটিত হৈছে  পশ্চিমবংগত৷  তৃণমূল কংগ্ৰেছে  বিএছএফ কনিষ্টবলক বলাৎকাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। 

তৃণমূলৰ  মুখপাত্ৰ কুনাল ঘোষে বিষয়টো ৰাজহুৱা কৰি টুইটাৰত প্ৰশ্ন কৰিছে যে  গৃহ মন্ত্ৰালয়ৰ অধীনৰ বিএছএফ শিবিৰত এনে এক আচৰিত ঘটনাৰ ঘটাৰ বিষয়ে বিজেপি নেতৃতেবাধীন চৰকাৰে  কি ব্যৱস্থা  গ্ৰহণ কৰিছে? ঘটনাটো প্ৰকৃততে কিদৰে ঘটিছিল? ১৮ ফেব্ৰুৱাৰীত নাদিয়াৰ কৃষ্ণগুঞ্জ আৰক্ষী থানা অঞ্চলৰ বিএছএফ শিবিৰত এগৰাকী মহিলা কনিষ্টবলক ধৰ্ষণ কৰা হৈছিল। ভুক্তভোগীগৰাকীক  প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক  চিকিৎসাৰ বাবে এছ.এছ.কে.এম. চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।এছএছকেএমৰ চিকিৎসকসকলে ভুক্তভোগীৰ পৰিয়ালক আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ কৈছিল। 


বিএছএফৰ একাংশ বিষয়াই ভুক্তভোগীৰ সৈতে ভবানীপুৰ আৰক্ষী থানালৈ গৈছিল। মহিলা কনিষ্টবলগৰাকীয়ে লিখিত অভিযোগ দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধিৰ ৩৬৭/২(গ) ধাৰাৰ অধীনত ভবানীপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল।  এজাহাৰখন পিছত  কৃষ্ণগঞ্জ আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছিল। বিএছএফে কৈছে যে তেওঁলোকে বিষয়টোৰ বিভাগীয় তদন্ত চলাই আছে। 

অভিযুক্ত কোম্পানী কমাণ্ডাৰ (ইন্সপেক্টৰ ৰেংক) জনক ইতিমধ্যে নিলম্বিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু