--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত গুলীয়াই হত্যা কৰিলে ভাৰতীয় এজন ৩৬ বছৰীয়া যুৱকক। উত্তৰ কেৰ’লিনাৰ তেওঁৰ দোকানত হোৱা ডকাইতিৰ সময়ত ভাৰতীয় মেনংক পেটেলক কৰুণভাৱে গুলীয়াই হত্যা কৰা হয়। উল্লেখ্য যে, মঙলবাৰে পুৱা ২৫৮০ এয়াৰপ’ৰ্ট ৰোডৰ ট’বেক’ হাউছৰ মালিক পেটেলক আক্ৰমণ কৰা হয়। এই অপৰাধৰ বাবে ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এজন কিশোৰক জিম্মাত লৈছে যদিও বয়সৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই। মঙলবাৰে সন্ধিয়া সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও কোনো সবিশেষ তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।

ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ জনসংযোগ বিষয়া কেপ্তেইন মাৰ্ক মেকডেনিয়েলে জনোৱা মতে, প্ৰথম অৱস্থাত ট’বেক’ হাউছৰ ষ্ট’ৰৰ পৰা ৯১১ নম্বৰত হেং আপ কলৰ প্ৰতি সঁহাৰি জনাইছিল। বাটত আহি থাকোতেহে তেওঁ গুলীচালনাৰ বিষয়ে তথ্য পালে। উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে পেটেলক একাধিক গুলীৰ আঘাতত আক্ৰান্ত হোৱা দেখা পায়। পেটেলক নোভাণ্ট হেল্থ ৰ’ৱান মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় আৰু পিছত চাৰ্লটৰ প্ৰেছবিটেৰিয়ান হাস্পতাললৈ সলনি কৰা হয় আৰু তাতেই  তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

চিচিটিভি ফুটেজত দেখা গৈছে যে এজন ওখ, বগা পুৰুষে ক’লা শ্বৰ্ট, ক’লা হুডি, ক’লা মাস্ক আৰু বুৰ্গাণ্ডী ল’গ’ থকা বগা নাইকি টেনিছ জোতা পিন্ধি সেই স্থানৰ পৰা দৌৰি আহিছে। ক’লা ৰঙৰ হেণ্ডগান এটা লৈ যোৱা যেন লাগিল। যদিও ইয়াৰ সঠিক উদ্দেশ্য স্পষ্ট নহয়, শ্বেৰিফৰ কাৰ্যালয়ৰ মতে এই কাণ্ড সম্ভৱতঃ ডকাইতি। এই আক্ৰমণত আন কোনো লোক আহত হোৱা নাই। "মাইক" নামেৰে জনাজাত পেটেলেৰ এগৰাকী গৰ্ভৱতী পত্নী আৰু ৫ বছৰীয়া কন্যা সন্তান আছিল ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক