--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত গুলীয়াই হত্যা কৰিলে ভাৰতীয় এজন ৩৬ বছৰীয়া যুৱকক। উত্তৰ কেৰ’লিনাৰ তেওঁৰ দোকানত হোৱা ডকাইতিৰ সময়ত ভাৰতীয় মেনংক পেটেলক কৰুণভাৱে গুলীয়াই হত্যা কৰা হয়। উল্লেখ্য যে, মঙলবাৰে পুৱা ২৫৮০ এয়াৰপ’ৰ্ট ৰোডৰ ট’বেক’ হাউছৰ মালিক পেটেলক আক্ৰমণ কৰা হয়। এই অপৰাধৰ বাবে ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এজন কিশোৰক জিম্মাত লৈছে যদিও বয়সৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই। মঙলবাৰে সন্ধিয়া সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও কোনো সবিশেষ তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।

ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ জনসংযোগ বিষয়া কেপ্তেইন মাৰ্ক মেকডেনিয়েলে জনোৱা মতে, প্ৰথম অৱস্থাত ট’বেক’ হাউছৰ ষ্ট’ৰৰ পৰা ৯১১ নম্বৰত হেং আপ কলৰ প্ৰতি সঁহাৰি জনাইছিল। বাটত আহি থাকোতেহে তেওঁ গুলীচালনাৰ বিষয়ে তথ্য পালে। উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে পেটেলক একাধিক গুলীৰ আঘাতত আক্ৰান্ত হোৱা দেখা পায়। পেটেলক নোভাণ্ট হেল্থ ৰ’ৱান মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় আৰু পিছত চাৰ্লটৰ প্ৰেছবিটেৰিয়ান হাস্পতাললৈ সলনি কৰা হয় আৰু তাতেই  তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

চিচিটিভি ফুটেজত দেখা গৈছে যে এজন ওখ, বগা পুৰুষে ক’লা শ্বৰ্ট, ক’লা হুডি, ক’লা মাস্ক আৰু বুৰ্গাণ্ডী ল’গ’ থকা বগা নাইকি টেনিছ জোতা পিন্ধি সেই স্থানৰ পৰা দৌৰি আহিছে। ক’লা ৰঙৰ হেণ্ডগান এটা লৈ যোৱা যেন লাগিল। যদিও ইয়াৰ সঠিক উদ্দেশ্য স্পষ্ট নহয়, শ্বেৰিফৰ কাৰ্যালয়ৰ মতে এই কাণ্ড সম্ভৱতঃ ডকাইতি। এই আক্ৰমণত আন কোনো লোক আহত হোৱা নাই। "মাইক" নামেৰে জনাজাত পেটেলেৰ এগৰাকী গৰ্ভৱতী পত্নী আৰু ৫ বছৰীয়া কন্যা সন্তান আছিল ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান