--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত গুলীয়াই হত্যা কৰিলে  এজন ৩৬ বছৰীয়া ভাৰতীয় যুৱকক। উত্তৰ কেৰ’লিনাৰ তেওঁৰ দোকানত হোৱা ডকাইতিৰ সময়ত ভাৰতীয় মেনংক পেটেলক কৰুণভাৱে গুলীয়াই হত্যা কৰা হয়। উল্লেখ্য যে, মঙলবাৰে পুৱা ২৫৮০ এয়াৰপ’ৰ্ট ৰোডৰ ট’বেক’ হাউছৰ মালিক পেটেলক আক্ৰমণ কৰা হয়। এই অপৰাধৰ বাবে ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এজন কিশোৰক জিম্মাত লৈছে যদিও বয়সৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই। মঙলবাৰে সন্ধিয়া সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও কোনো সবিশেষ তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।

ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ জনসংযোগ বিষয়া কেপ্তেইন মাৰ্ক মেকডেনিয়েলে জনোৱা মতে, প্ৰথম অৱস্থাত ট’বেক’ হাউছৰ ষ্ট’ৰৰ পৰা ৯১১ নম্বৰত হেং আপ কলৰ প্ৰতি সঁহাৰি জনাইছিল। বাটত আহি থাকোতেহে তেওঁ গুলীচালনাৰ বিষয়ে তথ্য পালে। উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে পেটেলক একাধিক গুলীৰ আঘাতত আক্ৰান্ত হোৱা দেখা পায়। পেটেলক নোভাণ্ট হেল্থ ৰ’ৱান মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় আৰু পিছত চাৰ্লটৰ প্ৰেছবিটেৰিয়ান হাস্পতাললৈ সলনি কৰা হয় আৰু তাতেই  তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

চিচিটিভি ফুটেজত দেখা গৈছে যে এজন ওখ, বগা পুৰুষে ক’লা শ্বৰ্ট, ক’লা হুডি, ক’লা মাস্ক আৰু বুৰ্গাণ্ডী ল’গ’ থকা বগা নাইকি টেনিছ জোতা পিন্ধি সেই স্থানৰ পৰা দৌৰি আহিছে। ক’লা ৰঙৰ হেণ্ডগান এটা লৈ যোৱা যেন লাগিল। যদিও ইয়াৰ সঠিক উদ্দেশ্য স্পষ্ট নহয়, শ্বেৰিফৰ কাৰ্যালয়ৰ মতে এই কাণ্ড সম্ভৱতঃ ডকাইতি। এই আক্ৰমণত আন কোনো লোক আহত হোৱা নাই। "মাইক" নামেৰে জনাজাত পেটেলেৰ এগৰাকী গৰ্ভৱতী পত্নী আৰু ৫ বছৰীয়া কন্যা সন্তান আছিল ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন