--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰযুক্তিয়ে এতিয়া বহু কথাই সলাই পেলাইছে। এতিয়া সকলোতে অনলাইনৰ যুগ। বজাৰ কৰাৰ পৰা আৰম্ভ কৰি শিক্ষাগ্ৰহণ কৰালৈকে সকলোতে অনলাইন ব্যৱস্থাই আধিপত্য বিৰাজ কৰিছে। এইবাৰ আকৌ বিয়াও হ’ল অনলাইনতে। মধ্য প্ৰদেশৰ চিওনীত এজন পুৰোহিতে  আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত দৰা-কইনাৰ বাবে  অনলাইন বিবাহৰ ব্যৱস্থা কৰি বিবাহ কাৰ্য সম্পন্ন কৰে। 

পুৰোহিতে ভাৰতত থাকিয়েই ভিডিঅ’ কনফাৰেন্সিঙৰ সহায়ত  আমেৰিকাৰ দৰা-কইনাৰ সৈতে সংযোগ স্থাপন কৰে আৰু মন্ত্ৰ পাঠ কৰে।  অনলাইন বিবাহৰ পিছত কইনা আৰু দৰা সুখী হৈ পৰা পৰিলক্ষিত হয়।তেওঁলোকক পুৰোহিতক ৪ লাখ ২০ হাজাৰ    টকা দক্ষিণা হিচাবে  দিয়ে । জানিব পৰা মতে  বিয়াখন ২১ মে'ত হৈছিল। য'ত কইনা আৰু দৰাৰ দুয়োফালৰ লোকসকল এই বিবাহ অনুষ্ঠানত অনলাইনোগে সংযোগ  হৈছিল। 

ইফালে দম্পতীহালে পুৰোহিতে কৰিবলৈ কোৱা  সকলো ৰীতি-নীতি সম্পূৰ্ণকৈ পালন কৰিছিল।  এই বিবাহ কাৰ্যসূচীৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত  প্ৰকাশ পাইছে। অনলাইনত হোৱা বিয়া খন এতিয়া বহু  মানুহৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।মধ্যপ্ৰদেশৰ  চিওনিৰ বৰাপথাৰৰ বাসিন্দা সুনীল উপাধ্যায়ৰ পুত্ৰ দেৱেশ্বৰ উপাধ্যায়ে আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰি আছে। 

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা  পুনেৰ  সুপ্ৰিয়াক লগ পাইছিল আৰু পিছত তেওঁক  বিয়া কৰোৱাৰ  সিদ্ধান্ত লৈছিল । কিন্তু কামৰ হেঁচাৰ বাবে তেওঁ   ভাৰতলৈ আহিব পৰা নাছিল। তেওঁলোকে ভাৰতীয় হিন্দু ৰীতি-নীতি অনুসৰি বিবাহ কৰিব বিচাৰিছিল । কইনাৰ পৰিয়ালটোৱে চিওনিৰ ৬৭ বছৰীয়া পুৰোহিত  ৰাজেন্দ্ৰ পাণ্ডেৰ সৈতে বিষয়টোকলৈ কথা পাতিছিল আৰু অনলাইনতে বিয়া খন সম্পন্ন কৰোৱাৰ কথা কৈছিল।  সেইমতে বিবাহৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল । 












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস