--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাত গুলীয়াই হত্যা কৰিলে  এজন ৩৬ বছৰীয়া ভাৰতীয় যুৱকক। উত্তৰ কেৰ’লিনাৰ তেওঁৰ দোকানত হোৱা ডকাইতিৰ সময়ত ভাৰতীয় মেনংক পেটেলক কৰুণভাৱে গুলীয়াই হত্যা কৰা হয়। উল্লেখ্য যে, মঙলবাৰে পুৱা ২৫৮০ এয়াৰপ’ৰ্ট ৰোডৰ ট’বেক’ হাউছৰ মালিক পেটেলক আক্ৰমণ কৰা হয়। এই অপৰাধৰ বাবে ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে এজন কিশোৰক জিম্মাত লৈছে যদিও বয়সৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই। মঙলবাৰে সন্ধিয়া সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰা হয় যদিও কোনো সবিশেষ তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।

ৰ’ৱান কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ জনসংযোগ বিষয়া কেপ্তেইন মাৰ্ক মেকডেনিয়েলে জনোৱা মতে, প্ৰথম অৱস্থাত ট’বেক’ হাউছৰ ষ্ট’ৰৰ পৰা ৯১১ নম্বৰত হেং আপ কলৰ প্ৰতি সঁহাৰি জনাইছিল। বাটত আহি থাকোতেহে তেওঁ গুলীচালনাৰ বিষয়ে তথ্য পালে। উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে পেটেলক একাধিক গুলীৰ আঘাতত আক্ৰান্ত হোৱা দেখা পায়। পেটেলক নোভাণ্ট হেল্থ ৰ’ৱান মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয় আৰু পিছত চাৰ্লটৰ প্ৰেছবিটেৰিয়ান হাস্পতাললৈ সলনি কৰা হয় আৰু তাতেই  তেওঁ শেষ নিস্বাস ত্যাগ কৰে।

চিচিটিভি ফুটেজত দেখা গৈছে যে এজন ওখ, বগা পুৰুষে ক’লা শ্বৰ্ট, ক’লা হুডি, ক’লা মাস্ক আৰু বুৰ্গাণ্ডী ল’গ’ থকা বগা নাইকি টেনিছ জোতা পিন্ধি সেই স্থানৰ পৰা দৌৰি আহিছে। ক’লা ৰঙৰ হেণ্ডগান এটা লৈ যোৱা যেন লাগিল। যদিও ইয়াৰ সঠিক উদ্দেশ্য স্পষ্ট নহয়, শ্বেৰিফৰ কাৰ্যালয়ৰ মতে এই কাণ্ড সম্ভৱতঃ ডকাইতি। এই আক্ৰমণত আন কোনো লোক আহত হোৱা নাই। "মাইক" নামেৰে জনাজাত পেটেলেৰ এগৰাকী গৰ্ভৱতী পত্নী আৰু ৫ বছৰীয়া কন্যা সন্তান আছিল ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ