--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত চলিত অত্যাচাৰৰ বিৰুদ্ধে ভাৰতৰ লগতে বিশ্বৰ বহু ঠাইয়ে মাত মাতিছে। ইফালে ঢাকাত অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ মুৰব্বী অধ্যাপক মহম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰি আশ্বাস দিয়ে যে ‘তেওঁৰ চৰকাৰে সকলো চৰকাৰী ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম আৰু ফলপ্ৰসূ কৰি তোলাৰ লগতে দেশৰ নাগৰিকৰ মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব ৷

বৰ্তমান অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা বেংকাৰ তথা সমাজ চিন্তাবিদ ইউনুছক প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ আগষ্ট,২০২৪ ত নতুন দিল্লীয়ে ভাৰ্চুৱেলি আয়োজন কৰা ‘থাৰ্ড ভয়েচ অৱ গ্ল’বেল চাউথ ছামিট’ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।অধ্যাপক ইউনুছে ঢাকাৰ পৰা এই ভাৰ্চুৱেল সভাত যোগদান কৰিবলৈ সন্মত হয়। তেওঁ লগতে দাবী কৰে যে বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু সমগ্ৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনৰ জীৱন শৈলী প্ৰায় স্বাভাৱিক হৈ পৰিছে।

বাংলাদেশৰ নোবেল বঁটা বিজয়ীগৰাকীয়ে নিৰপেক্ষ চৰকাৰী মুৰব্বী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে টেলিফোনিক বাৰ্তালাপ আৰু ছ’চিয়েল মিডিয়াত মোডীক ধন্যবাদ জনায়, আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতবাসীক অভিনন্দন জনায়।

আনহাতে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্তই প্ৰকাশ কৰা অনুসৰি ২০২৪ চনৰ ১৬ জুলাইৰ পৰা ১১ আগষ্টৰ ভিতৰত বাংলাদেশত  প্ৰায় ৬৫০ জন লোকৰ মৃত্যু হৈছিল।ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ অন্তৱৰ্তীকালীন প্ৰতিবেদন অনুসৰি ৪ আগষ্টলৈকে প্ৰায় ৪০০ লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছিল বাকীসকলক ২০২৪ চনৰ ৫ আৰু ৬ আগষ্টত প্ৰতিবাদৰ নতুন ঢৌত নিহত হয় বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে বাংলাদেশৰ আৰক্ষী আৰু সীমান্তৰক্ষী দৰে নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদৰ সময়ত অবৈধ মাৰাত্মক শক্তি ব্যৱহাৰ কৰি ইচ্ছাকৃতভাৱে নিৰস্ত্ৰ লোকক লক্ষ্য কৰি লৈছিল।

প্ৰতিবাদকাৰী, গণ্য-মান্য ব্যক্তি, সাংবাদিক আদিও আছিল ভুক্তভোগীসকলৰ ভিতৰত ৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আহত হোৱাৰ লগতে চিকিৎসালয়সমূহ ৰোগীৰ আগমনৰ ফলত ৰোগীৰ সংখ্যা বৃদ্ধি পায়। কাৰফিউ,ইণ্টাৰনেট বন্ধ আৰু চলাচলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে তথ্য সংগ্ৰহত বাধাৰ সৃষ্টি হয় ৷উল্লেখ্য যে ২০২৪ চনৰ জুন মাহত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ শান্তিপূৰ্ণ আছিল যদিও জুলাই মাহৰ মাজভাগৰ পৰা ই হিংসাত্মক পৰিস্থিতিলৈ নামি আহে। জুলাই মাহত বিশেষকৈ বহিষ্কৃত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ আৱামি লীগৰ নেতাই প্ৰতিবাদকাৰীসকলক ৰাজাকাৰ বুলি প্ৰজ্বলনমূলক মন্তব্য কৰাৰ পিছতে এই হিংসাত্মক প্ৰতিবাদ বৃদ্ধি পায় ৷

শেষত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে অন্তৱৰ্তীকালীন চৰকাৰক মানৱ অধিকাৰৰ দ্বাৰা পৰিচালিত এক অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণমূলক প্ৰক্ৰিয়াৰ জৰিয়তে গণতান্ত্ৰিক শৃংখলা আৰু আইনৰ শাসন পুনৰুদ্ধাৰৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

বাংলাদেশৰ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ ন্যায়ৰ দাবীত প্ৰতিবাদী বিক্ষোভৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে ভাৰতীয় জনতা পাৰ্টিৰ নেতা নুপুৰ শৰ্মাই ১৬ আগষ্টত নতুন দিল্লীৰ যন্তৰ মন্তৰত এক সমাৱেশত অংশ লৈছিল, য’ত তেওঁ নিজৰ কথা স্পষ্ট কৰে যে হিন্দু জীৱন গুৰুত্বপূৰ্ণ! বহু মাহৰ পাছতো ৰাজহুৱাভাৱে উপস্থিত হৈ তেওঁ এতিয়াও নিজৰ জীৱনৰ ওপৰত ইছলামিক ভাবুকিৰ সন্মুখীন হৈছে, তেওঁ দৃঢ়তাৰে কয়, “আমি হিন্দু গণহত্যা বন্ধ কৰাটো প্ৰয়োজন। যিসকলে এই অপৰাধ কৰিছে তেওঁলোকে শাস্তি পোৱাটো জৰুৰী ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক