--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হ'ল এজন ভাৰতীয় নাগৰিক। যুক্তৰাষ্ট্ৰৰ আলাবামা প্ৰদেশত ঘটিছে ভয়ংকৰ ঘটনা। 

এটা গুৰদ্বাৰৰ বাহিৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এজন শিখ সংগীতশিল্পীক।

নিহত সংগীতশিল্পীজনক ৰাজ সিং ওৰফে গোল্ডী বুলি চিনাক্ত কৰা হৈছে। নিহত গোল্ডী উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ টাণ্ডা সাহুৱালা নামৰ এখন গাঁৱৰ বাসিন্দা।

প্ৰকাশিত খবৰ অনুসৰি ২৯ বছৰীয়া গোল্ডী এক ধৰ্মীয় কীৰ্ত্তন গোটৰ অংশ হিচাপে আমেৰিকালৈ গৈছিল। ডেৰ বছৰ ধৰি তেওঁ কীৰ্ত্তন গোটটোৰ সৈতে আমেৰিকাত আছিল।

নিজৰ দলৰ সৈতে কীৰ্ত্তন পৰিৱেশন কৰাৰ পিছত গুৰদ্বাৰাৰ বাহিৰত থিয় হৈ থকা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে গোল্ডীক।

২৪ ফেব্ৰুৱাৰীত গোল্ডীক হত্যা কৰা বুলি জানিব পৰা গৈছে। ২৫ ফেব্ৰুৱাৰীত তেওঁৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হৈছিল।

নিহত গোল্ডী তেওঁৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান তথা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। 

গোল্ডীৰ পৰিয়ালে জাতিগত ঘৃণাৰ বাবেই যুৱকজনক হত্যা কৰা বুলি আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে পাঁচ বছৰ পূৰ্বে তেওঁৰ পিতৃ ধীৰে সিঙৰ মৃত্যু হৈছিল।

গোল্ডীৰ পৰিয়ালে চৰকাৰৰ ওচৰত হত্যাকাৰীক শাস্তি দিবলৈ অনুৰোধ জনোৱাৰ লগতে গোল্ডীৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

ফেব্ৰুৱাৰী মাহত আমেৰিকাত এজন ভাৰতীয়ৰ মৃত্যুৰ এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত আলাবামাত এজন গ্ৰাহকে ভাৰতীয় মূলৰ হোটেলৰ মালিকক গুলীয়াই হত্যা কৰিছিল। এটা কোঠাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু