--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰত পুনৰ হত্যাৰ বলি হ'ল এজন ভাৰতীয় নাগৰিক। যুক্তৰাষ্ট্ৰৰ আলাবামা প্ৰদেশত ঘটিছে ভয়ংকৰ ঘটনা। 

এটা গুৰদ্বাৰৰ বাহিৰত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে এজন শিখ সংগীতশিল্পীক।

নিহত সংগীতশিল্পীজনক ৰাজ সিং ওৰফে গোল্ডী বুলি চিনাক্ত কৰা হৈছে। নিহত গোল্ডী উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ টাণ্ডা সাহুৱালা নামৰ এখন গাঁৱৰ বাসিন্দা।

প্ৰকাশিত খবৰ অনুসৰি ২৯ বছৰীয়া গোল্ডী এক ধৰ্মীয় কীৰ্ত্তন গোটৰ অংশ হিচাপে আমেৰিকালৈ গৈছিল। ডেৰ বছৰ ধৰি তেওঁ কীৰ্ত্তন গোটটোৰ সৈতে আমেৰিকাত আছিল।

নিজৰ দলৰ সৈতে কীৰ্ত্তন পৰিৱেশন কৰাৰ পিছত গুৰদ্বাৰাৰ বাহিৰত থিয় হৈ থকা অৱস্থাত অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰে গোল্ডীক।

২৪ ফেব্ৰুৱাৰীত গোল্ডীক হত্যা কৰা বুলি জানিব পৰা গৈছে। ২৫ ফেব্ৰুৱাৰীত তেওঁৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হৈছিল।

নিহত গোল্ডী তেওঁৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান তথা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। 

গোল্ডীৰ পৰিয়ালে জাতিগত ঘৃণাৰ বাবেই যুৱকজনক হত্যা কৰা বুলি আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে পাঁচ বছৰ পূৰ্বে তেওঁৰ পিতৃ ধীৰে সিঙৰ মৃত্যু হৈছিল।

গোল্ডীৰ পৰিয়ালে চৰকাৰৰ ওচৰত হত্যাকাৰীক শাস্তি দিবলৈ অনুৰোধ জনোৱাৰ লগতে গোল্ডীৰ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

ফেব্ৰুৱাৰী মাহত আমেৰিকাত এজন ভাৰতীয়ৰ মৃত্যুৰ এয়া দ্বিতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ১৫ ফেব্ৰুৱাৰীত আলাবামাত এজন গ্ৰাহকে ভাৰতীয় মূলৰ হোটেলৰ মালিকক গুলীয়াই হত্যা কৰিছিল। এটা কোঠাক লৈ দুয়োৰে মাজত বিবাদ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী