--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিশাসিত গুজৰাটত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ হাৰ৷ বৰ্ধিত নিবনুৱা সমস্যায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মোদী-শ্বাহৰ গৃহ ৰাজ্যখনত৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ আত্মহত্যা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ 

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই শুকুৰবাৰে বিজেপিশাসিত ৰাজ্যখনত আত্মহত্যাৰ বৰ্ধিত হাৰক লৈ কেন্দ্ৰ আৰু গুজৰাট চৰকাৰক লক্ষ্য কৰি লয় আৰু অভিযোগ কৰি কয় যে তেওঁলোকে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।

তেওঁ এইটোও কৈছিল যে গৃহৰাজ্যৰ এই গুৰুতৰ মানৱীয় ঘটনাৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ মৌনতা ৰহস্যজনক৷ তেওঁ গুজৰাট চৰকাৰক নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষাক প্ৰাধান্য দিবলৈ আৰু ৰাজ্যখনৰ ওপৰত ক’লা ছাঁ পেলোৱা সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এক বিবৃতিত খৰ্গেই কয়, গভীৰ উদ্বেগ আৰু গভীৰ হতাশাৰ সৈতে মই গুজৰাট চৰকাৰে আত্মহত্যাৰ হাৰ সন্দৰ্ভত পোহৰলৈ অনা দুখজনক খবৰত ব্যথিত হৈছোঁ৷

কংগ্ৰেছ ৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাজ্যিক বিধানসভাত উপস্থাপন কৰা শেহতীয়া তথ্যই সূচায় যে বিজেপি চৰকাৰৰ শাসনত যোৱা তিনিটা বিত্তীয় বৰ্ষত ২৫,০০০তকৈও অধিক লোকে আত্মহত্যাৰ ফলত প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত প্ৰায় ৫০০গৰাকী ছাত্ৰ আছিল।
     
তেওঁ কয় যে পৰিসংখ্যাই হতাশা, নিৰাশা আৰু সমাধান নোহোৱা অভিযোগৰ সৈতে যুঁজি থকা জনসাধাৰণৰ এক ভয়ংকৰ ছবি অংকন কৰিছে। প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱ কৰা এখন ৰাজ্যত ইমানসংখ্যক নাগৰিকে নিজৰ জীৱন ল'বলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক৷

এয়া বিজেপিৰ ডাবল ইঞ্জিনৰ অপশাসনৰ আন এক উদাহৰণ বুলি মন্তব্য কৰে খৰ্গেই৷ তেওঁ লগতে কয়, গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাকৰিৰ খালী পদ মুকলি আৰু পূৰণ কৰা আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী