--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিশাসিত গুজৰাটত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ হাৰ৷ বৰ্ধিত নিবনুৱা সমস্যায়ো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মোদী-শ্বাহৰ গৃহ ৰাজ্যখনত৷ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ আত্মহত্যা আৰু নিবনুৱা সমস্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ 

কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেই শুকুৰবাৰে বিজেপিশাসিত ৰাজ্যখনত আত্মহত্যাৰ বৰ্ধিত হাৰক লৈ কেন্দ্ৰ আৰু গুজৰাট চৰকাৰক লক্ষ্য কৰি লয় আৰু অভিযোগ কৰি কয় যে তেওঁলোকে যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।

তেওঁ এইটোও কৈছিল যে গৃহৰাজ্যৰ এই গুৰুতৰ মানৱীয় ঘটনাৰ ওপৰত প্ৰধানমন্ত্ৰীগৰাকীৰ মৌনতা ৰহস্যজনক৷ তেওঁ গুজৰাট চৰকাৰক নাগৰিকসকলৰ কল্যাণ আৰু সুৰক্ষাক প্ৰাধান্য দিবলৈ আৰু ৰাজ্যখনৰ ওপৰত ক’লা ছাঁ পেলোৱা সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এক বিবৃতিত খৰ্গেই কয়, গভীৰ উদ্বেগ আৰু গভীৰ হতাশাৰ সৈতে মই গুজৰাট চৰকাৰে আত্মহত্যাৰ হাৰ সন্দৰ্ভত পোহৰলৈ অনা দুখজনক খবৰত ব্যথিত হৈছোঁ৷

কংগ্ৰেছ ৰ মুৰব্বীগৰাকীয়ে কয় যে ৰাজ্যিক বিধানসভাত উপস্থাপন কৰা শেহতীয়া তথ্যই সূচায় যে বিজেপি চৰকাৰৰ শাসনত যোৱা তিনিটা বিত্তীয় বৰ্ষত ২৫,০০০তকৈও অধিক লোকে আত্মহত্যাৰ ফলত প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত প্ৰায় ৫০০গৰাকী ছাত্ৰ আছিল।
     
তেওঁ কয় যে পৰিসংখ্যাই হতাশা, নিৰাশা আৰু সমাধান নোহোৱা অভিযোগৰ সৈতে যুঁজি থকা জনসাধাৰণৰ এক ভয়ংকৰ ছবি অংকন কৰিছে। প্ৰগতি আৰু সমৃদ্ধিৰ গৌৰৱ কৰা এখন ৰাজ্যত ইমানসংখ্যক নাগৰিকে নিজৰ জীৱন ল'বলৈ বাধ্য হোৱাটো অতি দুৰ্ভাগ্যজনক৷

এয়া বিজেপিৰ ডাবল ইঞ্জিনৰ অপশাসনৰ আন এক উদাহৰণ বুলি মন্তব্য কৰে খৰ্গেই৷ তেওঁ লগতে কয়, গুজৰাট চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে চাকৰিৰ খালী পদ মুকলি আৰু পূৰণ কৰা আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি পূৰণতো ব্যৰ্থ হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু