--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাৰ এই নীতিৰ অকণো লৰচৰ নহয় বুলিও ট্রাম্পে লগতে কয়।

ডিজিটেল ডেস্ক : ব্ৰিকছৰ সদস্য দেশবোৰক মুকলিকৈ ভাবুকি দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রাম্পে কয় যে ব্রিকছকে ধৰি যিবিলাক ৰাষ্ট্ৰ গোটে 'আমেৰিকা-বিৰোধী নীতি'ক সমর্থন কৰিব, সেই গোটবোৰৰ সামগ্ৰীৰ বিৰুদ্ধে আমেৰিকাই ১০% অতিৰিক্ত শুল্ক আৰোপ কৰিব।


আমেৰিকাৰ এই নীতিৰ অকণো লৰচৰ নহয় বুলিও ট্রাম্পে লগতে কয়। উল্লেখযোগ্য যে ব্রাজিলৰ ৰাজধানী ৰিয়' ডে জেনেইৰ'ত অনুষ্ঠিত ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকা) দেশসমূহৰ শীৰ্ষ সন্মিলনৰ যুটীয়া ঘোষণাপত্ৰত ট্রাম্পৰ শুল্ক নীতিক সমালোচনা কৰা হৈছে। এই কথাত ক্ষুব্ধ হৈ পৰে ট্রাম্প আৰু লগে লগে এই দেশবোৰৰ বিৰুদ্ধে ১০% অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি দিয়ে।


ট্রাম্পে সোমবাৰে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'যিবিলাক দেশে ব্ৰিকছৰ আমেৰিকা-বিৰোধী নীতিক সমর্থন কৰিব, সেই দেশবোৰৰ বিৰুদ্ধে অতিৰিক্ত ১০% কৰ আৰোপ কৰা হ'ব।' ট্রাম্পে তেওঁৰ শুল্ক নীতিৰ প্ৰসংগত লগতে এই কথাও ঘোষণা কৰে যে আমেৰিকাই আজি দুপৰীয়া (দেশখনৰ স্থানীয় সময়মতে) ১২ বজাৰ পৰা বিভিন্ন দেশলৈ শুল্কৰ প্ৰসংগত পত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰিব। তেওঁ কয়, 'মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে বিভিন্ন দেশৰ সৈতে শুল্ক চুক্তি আৰু পত্ৰ সাত জুলাইৰ দুপৰীয়া ১২ বজাৰ পৰা পত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰা হ'ব।' উল্লেখযোগ্য যে ব্রিক্‌ছ দেশসমূহে দেওবাৰে জাৰি কৰা ঘোষণাপত্ৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰভাৱিত কৰা আৰু বিশ্ব বাণিজ্য সংগঠনৰ (ডব্লিউ টি অ') নীতি উলংঘা কৰা আমেৰিকাৰ একপক্ষীয় শুল্ক নীতি আৰু ইয়াৰ সৈতে জড়িত ব্যৱস্থাসমূহক সমালোচনা কৰে। ইফালে চীনৰ বিদেশ বিভাগে ট্রাম্পৰ এই ভাবুকিৰ প্ৰত্যুত্তৰ দি কয় যে ব্ৰিকছৰ দেশসমূহে মুক্ত, সার্বজনীন আৰু সকলোৰে সহযোগিতাৰে সফল হোৱাক গুৰুত্ব দিয়ে।


ব্রিকছে উদীয়মান আৰু উন্নয়নশীল অর্থব্যৱস্থাৰ মাজত সহযোগিতাক উৎসাহিত কৰে। ইয়াৰ উদ্দেশ্য কোনো দেশৰ বিৰুদ্ধে কাম কৰাটো নহয়। ইফালে আমেৰিকাই ট্রাম্পৰ বিশেষ তথা নতুন শুল্ক নীতি ১ আগষ্টৰ পৰাহে কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰে। পূৰ্বতে এই নতুন শুল্ক নীতি ৯ জুলাইৰ পৰাহে কাৰ্যকৰী কৰাৰ কথা আছিল। আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে দেওবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে এতিয়াও শুল্কৰ হাৰ তথা বাণিজ্যিক চুক্তিৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত লৈ আছে। আগতীয়াকৈ শুল্ক কার্যকৰী হ'বলগীয়া দেশবোৰলৈ আজিৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে ট্রাম্প প্রশাসনে এপ্রিলত আমেৰিকাৰ কেইবাখনো বাণিজ্যিক সহযোগী দেশৰ সামগ্রীত ১০% মূল শুল্ক লগোৱাৰ ঘোষণা কৰিছিল। ইয়াৰ পাছত একাংশ দেশৰ বিৰুদ্ধে ৫০% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ