--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আমেৰিকাৰ এই নীতিৰ অকণো লৰচৰ নহয় বুলিও ট্রাম্পে লগতে কয়।

ডিজিটেল ডেস্ক : ব্ৰিকছৰ সদস্য দেশবোৰক মুকলিকৈ ভাবুকি দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। ট্রাম্পে কয় যে ব্রিকছকে ধৰি যিবিলাক ৰাষ্ট্ৰ গোটে 'আমেৰিকা-বিৰোধী নীতি'ক সমর্থন কৰিব, সেই গোটবোৰৰ সামগ্ৰীৰ বিৰুদ্ধে আমেৰিকাই ১০% অতিৰিক্ত শুল্ক আৰোপ কৰিব।


আমেৰিকাৰ এই নীতিৰ অকণো লৰচৰ নহয় বুলিও ট্রাম্পে লগতে কয়। উল্লেখযোগ্য যে ব্রাজিলৰ ৰাজধানী ৰিয়' ডে জেনেইৰ'ত অনুষ্ঠিত ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্রিকা) দেশসমূহৰ শীৰ্ষ সন্মিলনৰ যুটীয়া ঘোষণাপত্ৰত ট্রাম্পৰ শুল্ক নীতিক সমালোচনা কৰা হৈছে। এই কথাত ক্ষুব্ধ হৈ পৰে ট্রাম্প আৰু লগে লগে এই দেশবোৰৰ বিৰুদ্ধে ১০% অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি দিয়ে।


ট্রাম্পে সোমবাৰে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত কয়, 'যিবিলাক দেশে ব্ৰিকছৰ আমেৰিকা-বিৰোধী নীতিক সমর্থন কৰিব, সেই দেশবোৰৰ বিৰুদ্ধে অতিৰিক্ত ১০% কৰ আৰোপ কৰা হ'ব।' ট্রাম্পে তেওঁৰ শুল্ক নীতিৰ প্ৰসংগত লগতে এই কথাও ঘোষণা কৰে যে আমেৰিকাই আজি দুপৰীয়া (দেশখনৰ স্থানীয় সময়মতে) ১২ বজাৰ পৰা বিভিন্ন দেশলৈ শুল্কৰ প্ৰসংগত পত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰিব। তেওঁ কয়, 'মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে বিভিন্ন দেশৰ সৈতে শুল্ক চুক্তি আৰু পত্ৰ সাত জুলাইৰ দুপৰীয়া ১২ বজাৰ পৰা পত্ৰ প্ৰেৰণৰ কাম আৰম্ভ কৰা হ'ব।' উল্লেখযোগ্য যে ব্রিক্‌ছ দেশসমূহে দেওবাৰে জাৰি কৰা ঘোষণাপত্ৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক প্ৰভাৱিত কৰা আৰু বিশ্ব বাণিজ্য সংগঠনৰ (ডব্লিউ টি অ') নীতি উলংঘা কৰা আমেৰিকাৰ একপক্ষীয় শুল্ক নীতি আৰু ইয়াৰ সৈতে জড়িত ব্যৱস্থাসমূহক সমালোচনা কৰে। ইফালে চীনৰ বিদেশ বিভাগে ট্রাম্পৰ এই ভাবুকিৰ প্ৰত্যুত্তৰ দি কয় যে ব্ৰিকছৰ দেশসমূহে মুক্ত, সার্বজনীন আৰু সকলোৰে সহযোগিতাৰে সফল হোৱাক গুৰুত্ব দিয়ে।


ব্রিকছে উদীয়মান আৰু উন্নয়নশীল অর্থব্যৱস্থাৰ মাজত সহযোগিতাক উৎসাহিত কৰে। ইয়াৰ উদ্দেশ্য কোনো দেশৰ বিৰুদ্ধে কাম কৰাটো নহয়। ইফালে আমেৰিকাই ট্রাম্পৰ বিশেষ তথা নতুন শুল্ক নীতি ১ আগষ্টৰ পৰাহে কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰে। পূৰ্বতে এই নতুন শুল্ক নীতি ৯ জুলাইৰ পৰাহে কাৰ্যকৰী কৰাৰ কথা আছিল। আমেৰিকাৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে দেওবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ট্রাম্পে এতিয়াও শুল্কৰ হাৰ তথা বাণিজ্যিক চুক্তিৰ প্ৰসংগত চূড়ান্ত সিদ্ধান্ত লৈ আছে। আগতীয়াকৈ শুল্ক কার্যকৰী হ'বলগীয়া দেশবোৰলৈ আজিৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে ট্রাম্প প্রশাসনে এপ্রিলত আমেৰিকাৰ কেইবাখনো বাণিজ্যিক সহযোগী দেশৰ সামগ্রীত ১০% মূল শুল্ক লগোৱাৰ ঘোষণা কৰিছিল। ইয়াৰ পাছত একাংশ দেশৰ বিৰুদ্ধে ৫০% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথাও ঘোষণা কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু