--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শ্বেখ হাছিনাক বৰ্জিত কৰাৰ পিছত ক্ৰমান্বয়ে পৰিস্থিতি পুনৰ শুদ্ধ পথলৈ অনাৰ চেষ্টা চলাইছে অন্তৱৰ্তীকালীন চৰকাৰে ।এক বিশেষ বাৰ্তালাপত বাংলাদেশ সমাজ কল্যাণৰ উপদেষ্টা শৰ্মিন মুৰ্ছিদে কয় যে আইন-শৃংখলা পুনৰুদ্ধাৰ আমাৰ প্ৰাধান্য। আজি দেশৰ দুই এজনৰ বাহিৰে সকলোৱে শান্তি বিচাৰে। যিকোনো পৰিৱৰ্তন অনাটো এটা কঠিন প্ৰক্ৰিয়া, কিন্তু আমি চেষ্টা কৰি আছো। আমি সমগ্ৰ ব্যৱস্থাটো পুনৰ নিৰ্মাণ কৰিব বিচাৰো আৰু সেই দিশতে কাম কৰি আছো। আৰু দেশৰ যুৱক-যুৱতীসকলেও আমাক সহায় কৰিছে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সমাজ কল্যাণ উপদেষ্টা শৰ্মিন মুৰ্ছিদে কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে দেশত আইন-শৃংখলা বজাই ৰখা। তেওঁ কয়, "এই সময়ত আমাৰ প্ৰাথমিক কাৰ্য দেশত আইন-শৃংখলা পুনৰুদ্ধাৰ কৰা। আমি দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ পুনৰ চেষ্ঠা কৰিছো। গণতান্ত্ৰিক নিৰ্বাচনৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব দিয়া হৈছে। শাসন ব্যৱস্থাও উন্নত কৰিব লাগিব।আমি পূৰ্বৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ কাম কৰি আছো।"


বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত মন্ত্ৰী শৰ্মিন মুৰ্ছিদে কয়, "আমি দেশৰ যুৱক-যুৱতীসকলক আগন্তুক দায়িত্বৰ বাবে প্ৰস্তুত কৰি আছো। আমি কাকো সংখ্যালঘু কৰা নাই, আমি সকলোৱে এক পৰিয়াল। আমি সকলোকে একেলগে লৈ আগবাঢ়ি যাম। আমি মৌলিক দাৰ্শনিক পৰিৱৰ্তন আনিবলৈ কাম কৰি আছো। ৰাজনীতিৰ বাবেই কোনো কোনো ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল।  হিংসাৰ বলি হোৱা লোকসকল কোনো বিশেষ ৰাজনৈতিক দলৰ লগতে জড়িত আছিল ৷ সংখ্যালঘুৰ ওপৰত হোৱা আক্রমণক কেৱল হিন্দুৰ ওপৰত কৰা আক্রমণ বুলি আমি চোৱা উচিত নহয়৷ হিংসাৰ সময়ত যুৱকসকলে বহু মছজিদ আৰু মন্দিৰক সুৰক্ষা দিছিল, অৱশ্যে আমি আক্ৰমণ হোৱা নাছিল বুলি কোৱা নাই।"

অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ অনাটো নতুন বাংলাদেশ চৰকাৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। এই সন্দৰ্ভত শৰ্মিন মুৰ্শ্বিদে কয়, "শেহতীয়াকৈ  ভুল তথ্য পোৱাৰ বাবে বাংলাদেশৰ অৰ্থনীতিত যথেষ্ট ক্ষতি হৈছে। এতিয়া আমাৰ মনোযোগ অৰ্থনীতিক পুনৰ শুদ্ধ পথলৈ অনাৰ ওপৰত। আমি বহু সংস্থাৰ লগত কাম কৰি আছো, অতি সোনকালে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক