--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে দুদিনীয়া ভ্ৰমণসূচী লৈ কৰ্ণাটকত ব্যস্ত হৈ পৰিছে ৰাহুল গান্ধী। আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুদিনীয়া কৰ্ণাটক ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ দুৰ্দশাক আওকাণ কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সোমবাৰে বেনলাগাৱীৰ ৰামদুৰ্গ অঞ্চলত কুঁহিয়াৰ খেতিয়কসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে কৃষকসকলৰ বাবে বিশেষ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব।

“এইটো সঁচা যে আপোনালোকক ফচলৰ সঠিক মূল্য দিয়া নহয়। মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। গেছ চিলিণ্ডাৰ আৰু ইন্ধনৰ দাম বৃদ্ধি পাইছে আৰু সেই অনুপাতে আপোনালোকৰ আয় অতি কম। মাত্ৰ এটা কামেৰে কৃষকসকলে সকাহ নাপাব। আমি আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব আৰু তাৰ বাবে এখন বিপণনৰ ক্ষেত্ৰও প্ৰদান কৰিব লাগিব।” ৰাহুল গান্ধীয়ে লগতে কয়।

ৰাহুল গান্ধীৰ অভিযোগ যে এজন বা দুজন উদ্যোগপতিৰ বাবে গুৰুত্ব দি বিজেপি চৰকাৰে কৃষকসকলক পিঠি দিছে। ৰাহুল গান্ধীৰ মতে কৃষকসকল উপকৃত হ’বলৈ হ’লে উদ্যোগপতিৰ প্ৰতি থকা চৰকাৰৰ বিশেষ অনুকম্পা আৰু কৃষকৰ প্ৰতি থকা কুদৃষ্টি সলনি কৰিব লাগিব চৰকাৰে।

ৰাহুলে কয়- কয়- “আদানী আৰু আম্বানীয়ে হাজাৰ হাজাৰ কোটি টকা বেংকৰ ঋণ পৰিশোধ কৰিবলৈ থাকিলেও বেংকলৈ গ’লে সহজেই ঋণ পায়। কিন্তু দুখীয়া কৃষকে বেংকলৈ গ’লওে ঋণ লাভ নকৰে। গতিকে মই কৈছো যে সমতা থাকিব লাগিব। যদি আপুনি ডাঙৰ উদ্যোগপতিক ঋণ দিয়ে, তেন্তে কৃষকো ঋণ দিব লাগিব।’-ৰাহুল গান্ধীয়ে কয়।

শাসনলৈ আহিলেই জি এছ টিৰ গাঁথনি সলনি কৰিব কংগ্ৰেছে, এই ঘোষণা কৰে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জি এছ টি বিশেষ কেইজনমান লোকৰ বাবে কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।

ৰাহুলে কয়- “জিএছটি কেৱল প্ৰভাৱশালীসকলক সহায় কৰিবলৈ অনা হৈছে। ই ইমানেই জটিল যে বহুতে জি এছ টি কি ভালদৰে বুজি নাপায়৷ ইয়াৰ ফলতে বন্ধ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আমি দিল্লীত ক্ষমতালৈ আহিলে এই জি এছ টিৰ গাঁথনি সলনি কৰিম। মাত্ৰ এটা কৰ থাকিব আৰু ই ন্যূনতম নিৰিখত হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement