--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যেৰে দুদিনীয়া ভ্ৰমণসূচী লৈ কৰ্ণাটকত ব্যস্ত হৈ পৰিছে ৰাহুল গান্ধী। আগন্তুক নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুদিনীয়া কৰ্ণাটক ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষকৰ দুৰ্দশাক আওকাণ কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

সোমবাৰে বেনলাগাৱীৰ ৰামদুৰ্গ অঞ্চলত কুঁহিয়াৰ খেতিয়কসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে কৃষকসকলৰ বাবে বিশেষ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব।

“এইটো সঁচা যে আপোনালোকক ফচলৰ সঠিক মূল্য দিয়া নহয়। মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। গেছ চিলিণ্ডাৰ আৰু ইন্ধনৰ দাম বৃদ্ধি পাইছে আৰু সেই অনুপাতে আপোনালোকৰ আয় অতি কম। মাত্ৰ এটা কামেৰে কৃষকসকলে সকাহ নাপাব। আমি আপোনালোকৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব আৰু তাৰ বাবে এখন বিপণনৰ ক্ষেত্ৰও প্ৰদান কৰিব লাগিব।” ৰাহুল গান্ধীয়ে লগতে কয়।

ৰাহুল গান্ধীৰ অভিযোগ যে এজন বা দুজন উদ্যোগপতিৰ বাবে গুৰুত্ব দি বিজেপি চৰকাৰে কৃষকসকলক পিঠি দিছে। ৰাহুল গান্ধীৰ মতে কৃষকসকল উপকৃত হ’বলৈ হ’লে উদ্যোগপতিৰ প্ৰতি থকা চৰকাৰৰ বিশেষ অনুকম্পা আৰু কৃষকৰ প্ৰতি থকা কুদৃষ্টি সলনি কৰিব লাগিব চৰকাৰে।

ৰাহুলে কয়- কয়- “আদানী আৰু আম্বানীয়ে হাজাৰ হাজাৰ কোটি টকা বেংকৰ ঋণ পৰিশোধ কৰিবলৈ থাকিলেও বেংকলৈ গ’লে সহজেই ঋণ পায়। কিন্তু দুখীয়া কৃষকে বেংকলৈ গ’লওে ঋণ লাভ নকৰে। গতিকে মই কৈছো যে সমতা থাকিব লাগিব। যদি আপুনি ডাঙৰ উদ্যোগপতিক ঋণ দিয়ে, তেন্তে কৃষকো ঋণ দিব লাগিব।’-ৰাহুল গান্ধীয়ে কয়।

শাসনলৈ আহিলেই জি এছ টিৰ গাঁথনি সলনি কৰিব কংগ্ৰেছে, এই ঘোষণা কৰে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা জি এছ টি বিশেষ কেইজনমান লোকৰ বাবে কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে।

ৰাহুলে কয়- “জিএছটি কেৱল প্ৰভাৱশালীসকলক সহায় কৰিবলৈ অনা হৈছে। ই ইমানেই জটিল যে বহুতে জি এছ টি কি ভালদৰে বুজি নাপায়৷ ইয়াৰ ফলতে বন্ধ হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান। আমি দিল্লীত ক্ষমতালৈ আহিলে এই জি এছ টিৰ গাঁথনি সলনি কৰিম। মাত্ৰ এটা কৰ থাকিব আৰু ই ন্যূনতম নিৰিখত হ’ব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন