--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষ জৰ্জৰিত চুডানৰ পৰা ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনাৰ বাবে আজি ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেচন কাবেৰী’। এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি উল্লেখ কৰিছে।

টুইট যোগে জয়শংকৰে কয়, “চুডানত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অপাৰেচন কাবেৰী আৰম্ভ হৈছে। প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে। আৰু অধিক লোক যাত্ৰাপথত আছে।”

“আমাৰ জাহাজ আৰু বিমানে তেওঁলোকক স্বগৃহলৈ ঘূৰাই আনিবলৈ সাজু হৈছে। চুডানত থকা আমাৰ সকলো ভাই-ভনীক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”- বিদেশমন্ত্ৰী জয়শংকৰে লগতে কয়।

উল্লেখ্য ভয়াৱহ গৃহযুদ্ধত জৰ্জৰিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ চুডান। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশখনত। এই সংঘাতৰ পৰিণতিত দেশখনত এইপৰ্যন্ত চাৰি শতাধিক লোক নিহত হোৱাৰ লগতে প্ৰায় কমেও ৩৭০০ লোক আহত হৈছে।

ভাৰতে দেওবাৰে ভাৰতীয় নাগৰিকৰ স্থানান্তৰৰ বাবে বায়ুসেনাৰ চি-১৩০জে জেদ্দাত সাজু হৈ থকাৰ লগতে আৰু আই এন এছ সুমেধাই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি ঘোষণা কৰিছিল।

যোৱা শনিবাৰে বিভিন্ন দেশৰ পৰা ১৫০ জনতকৈ অধিক লোক চুডানৰ পৰা চৌদি আৰৱত উপস্থিত হৈছিল। চৌদি আৰৱৰ বাহিৰেও ভাৰতকে ধৰি আন ১২ খন দেশৰ নাগৰিক এই লোকসকলৰ মাজত আছিল।

ইফালে আজি ফ্ৰান্সে ভাৰতীয় নাগৰিককে ধৰি ২৮ খন দেশৰ ৩৮৮ জন লোকক স্থানান্তৰিত কৰে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, চুডানৰ এই গৃহযুদ্ধত ইতিমধ্যে দেশখনত কৰ্মৰত এলবাৰ্ট অগেষ্টিন নামৰ এগৰাকী ভাৰতীয় লোকৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন