--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংঘৰ্ষ জৰ্জৰিত চুডানৰ পৰা ভাৰতীয় নাগৰিকক দেশলৈ ঘূৰাই অনাৰ বাবে আজি ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেচন কাবেৰী’। এক টুইটযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই উদ্ধাৰ অভিযানৰ বাবে প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি উল্লেখ কৰিছে।

টুইট যোগে জয়শংকৰে কয়, “চুডানত আবদ্ধ হৈ থকা আমাৰ নাগৰিকসকলক ঘূৰাই অনাৰ বাবে অপাৰেচন কাবেৰী আৰম্ভ হৈছে। প্ৰায় ৫০০ ভাৰতীয়ই প’ৰ্ট চুডানত উপস্থিত হৈছে। আৰু অধিক লোক যাত্ৰাপথত আছে।”

“আমাৰ জাহাজ আৰু বিমানে তেওঁলোকক স্বগৃহলৈ ঘূৰাই আনিবলৈ সাজু হৈছে। চুডানত থকা আমাৰ সকলো ভাই-ভনীক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”- বিদেশমন্ত্ৰী জয়শংকৰে লগতে কয়।

উল্লেখ্য ভয়াৱহ গৃহযুদ্ধত জৰ্জৰিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ চুডান। সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত ক্ষমতাৰ সংঘাতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে দেশখনত। এই সংঘাতৰ পৰিণতিত দেশখনত এইপৰ্যন্ত চাৰি শতাধিক লোক নিহত হোৱাৰ লগতে প্ৰায় কমেও ৩৭০০ লোক আহত হৈছে।

ভাৰতে দেওবাৰে ভাৰতীয় নাগৰিকৰ স্থানান্তৰৰ বাবে বায়ুসেনাৰ চি-১৩০জে জেদ্দাত সাজু হৈ থকাৰ লগতে আৰু আই এন এছ সুমেধাই প’ৰ্ট চুডানত উপস্থিত হৈছে বুলি ঘোষণা কৰিছিল।

যোৱা শনিবাৰে বিভিন্ন দেশৰ পৰা ১৫০ জনতকৈ অধিক লোক চুডানৰ পৰা চৌদি আৰৱত উপস্থিত হৈছিল। চৌদি আৰৱৰ বাহিৰেও ভাৰতকে ধৰি আন ১২ খন দেশৰ নাগৰিক এই লোকসকলৰ মাজত আছিল।

ইফালে আজি ফ্ৰান্সে ভাৰতীয় নাগৰিককে ধৰি ২৮ খন দেশৰ ৩৮৮ জন লোকক স্থানান্তৰিত কৰে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, চুডানৰ এই গৃহযুদ্ধত ইতিমধ্যে দেশখনত কৰ্মৰত এলবাৰ্ট অগেষ্টিন নামৰ এগৰাকী ভাৰতীয় লোকৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে