--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি আজিও পাহৰিব পৰা নাই নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ড। ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰীগৰাকী বলি হৈছিল এক নৃশংস হত্যাকাণ্ডৰ। প্ৰেমিকৰূপী ঘাতকে ৰিণ্টু শৰ্মা নামৰ যুৱকজনে চোকা আস্ত্ৰৰে আক্ৰমণ কৰি নিঃশেষ কৰি পেলাইছিল সম্ভাৱনাপূৰ্ণ জীৱন। একপক্ষীয় তথাকথিত প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই সংঘটিত হৈছিল এই নিৰ্মম ঘটনা। নন্দিতা শইকীয়া নামৰ মৰমলগা, হাঁহিমুখীয়া ছোৱালীজনীৰ তেজে তুমুৰলি শৰীৰ চাব নোৱাৰি আমি চকু মুদিছিলোঁ আৰু কৈছিলোঁ, আৰু যেন, কেতিয়াও ক’তো নঘটে এনে ঘটনা। হত্যাকাৰী ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ইতিমধ্যে চাৰিশ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। কিন্তু এনে কাণ্ডৰ আকৌ পুনৰাবৃত্তি ঘটিছে। একপক্ষীয় প্ৰেমৰ বাবেই পুনৰ হত্যাৰ বলি হৈছে এগৰাকী ১৪বছৰীয়া কিশোৰী।

তিনিজন লোকে এগৰাকী ১৪বছৰীয়া কিশোৰী ছুৰীৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰিছে একপক্ষীয় প্ৰেমৰ বাবে। হত্যাকাৰী কেইজনৰ দুজন হৈছে নাবালক। মঙলবাৰে এই ঘটনা সংঘটিত হৈছে পুনেৰ ৰাজপথত। আবেলি সময়ত কাবাদীৰ অনুশীলনৰ বাবে ওলাই গৈছিল কিশোৰীগৰাকী। সেই সময়তে তেওঁ বলি হয় আক্ৰমণৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাৰ মূল অভিযুক্ত হৈছে কিশোৰীগৰাকীৰ দূৰ সম্পৰ্কীয় আত্মীয়। যিয়ে একপক্ষীয় প্ৰেমৰ বাবে কিশোৰীগৰাকীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু সেই হত্যাকাণ্ডৰ ঘটনাক নেতৃত্ব দিছিল। ঘটা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে অভিযুক্ত দুই নাবালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, কিশোৰীগৰাকীয়ে বাইৱাড়ী এলেকাৰ য়ছ লনছত কাবাদীৰ অনুশীলনৰ বাবে গৈছিল। তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে তাত ঠিয় হৈ থকাৰ সময়তে প্ৰায় ৫.৪৫ মিনিটত এখন মটৰ চাইকেলত তিনি হত্যাকাৰী আহি উপস্থিত হয়। দুই কিশোৰৰ সৈতে এজন ২২ বছৰীয়া যুৱকো আছিল। এজনে মটৰ চাইকেলৰ কাষত ঠিয় হৈ থাকে আৰু ২২বছৰীয়া যুৱকজন সহিতে দুজনে কিশোৰীগৰাকীক ছুৰীৰে আক্ৰমণ কৰে।

আক্ৰমণ ইমানেই নৃশংস আছিল যে, কিশোৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত কৰি তিনি হত্যাকাৰীয়ে পলায়ন কৰে যদিও দুই নাবালক অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। আনহাতে ২২বছৰীয়া অভিযুক্তজন পলাই আছে। শুভৱ ভাগৱত নামৰ এই ২২ বছৰীয়া যুৱকজন কিশোৰীগৰাকীৰ দূৰ সম্পৰ্কীয় আত্মীয় আৰু তেওঁ প্ৰায়েই কিশোৰীগৰাকীৰ ঘৰত আছিল। কিশোৰীগৰাকীৰে একপক্ষীয় প্ৰেম কৰিবলৈ লোৱা শুভমৰ পৰিকল্পনাতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নন্দিতা শইকীয়াই হওক বা পুনেৰ ওই ১৪ বছৰীয়া কিশোৰীগৰাকীয়েই হওক, তেওঁলোকৰ জীৱনৰ এনে অকাল পতন নিঃসন্দেহে অতি দুৰ্ভাগ্যজনক কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক