--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি আজিও পাহৰিব পৰা নাই নন্দিতা শইকীয়াৰ নৃশংস হত্যাকাণ্ড। ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰীগৰাকী বলি হৈছিল এক নৃশংস হত্যাকাণ্ডৰ। প্ৰেমিকৰূপী ঘাতকে ৰিণ্টু শৰ্মা নামৰ যুৱকজনে চোকা আস্ত্ৰৰে আক্ৰমণ কৰি নিঃশেষ কৰি পেলাইছিল সম্ভাৱনাপূৰ্ণ জীৱন। একপক্ষীয় তথাকথিত প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই সংঘটিত হৈছিল এই নিৰ্মম ঘটনা। নন্দিতা শইকীয়া নামৰ মৰমলগা, হাঁহিমুখীয়া ছোৱালীজনীৰ তেজে তুমুৰলি শৰীৰ চাব নোৱাৰি আমি চকু মুদিছিলোঁ আৰু কৈছিলোঁ, আৰু যেন, কেতিয়াও ক’তো নঘটে এনে ঘটনা। হত্যাকাৰী ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ইতিমধ্যে চাৰিশ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছে আৰক্ষীয়ে। কিন্তু এনে কাণ্ডৰ আকৌ পুনৰাবৃত্তি ঘটিছে। একপক্ষীয় প্ৰেমৰ বাবেই পুনৰ হত্যাৰ বলি হৈছে এগৰাকী ১৪বছৰীয়া কিশোৰী।

তিনিজন লোকে এগৰাকী ১৪বছৰীয়া কিশোৰী ছুৰীৰে নিৰ্মমভাৱে আক্ৰমণ কৰি হত্যা কৰিছে একপক্ষীয় প্ৰেমৰ বাবে। হত্যাকাৰী কেইজনৰ দুজন হৈছে নাবালক। মঙলবাৰে এই ঘটনা সংঘটিত হৈছে পুনেৰ ৰাজপথত। আবেলি সময়ত কাবাদীৰ অনুশীলনৰ বাবে ওলাই গৈছিল কিশোৰীগৰাকী। সেই সময়তে তেওঁ বলি হয় আক্ৰমণৰ। আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাৰ মূল অভিযুক্ত হৈছে কিশোৰীগৰাকীৰ দূৰ সম্পৰ্কীয় আত্মীয়। যিয়ে একপক্ষীয় প্ৰেমৰ বাবে কিশোৰীগৰাকীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু সেই হত্যাকাণ্ডৰ ঘটনাক নেতৃত্ব দিছিল। ঘটা সংঘটিত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে অভিযুক্ত দুই নাবালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে, কিশোৰীগৰাকীয়ে বাইৱাড়ী এলেকাৰ য়ছ লনছত কাবাদীৰ অনুশীলনৰ বাবে গৈছিল। তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে তাত ঠিয় হৈ থকাৰ সময়তে প্ৰায় ৫.৪৫ মিনিটত এখন মটৰ চাইকেলত তিনি হত্যাকাৰী আহি উপস্থিত হয়। দুই কিশোৰৰ সৈতে এজন ২২ বছৰীয়া যুৱকো আছিল। এজনে মটৰ চাইকেলৰ কাষত ঠিয় হৈ থাকে আৰু ২২বছৰীয়া যুৱকজন সহিতে দুজনে কিশোৰীগৰাকীক ছুৰীৰে আক্ৰমণ কৰে।

আক্ৰমণ ইমানেই নৃশংস আছিল যে, কিশোৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনা সংঘটিত কৰি তিনি হত্যাকাৰীয়ে পলায়ন কৰে যদিও দুই নাবালক অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। আনহাতে ২২বছৰীয়া অভিযুক্তজন পলাই আছে। শুভৱ ভাগৱত নামৰ এই ২২ বছৰীয়া যুৱকজন কিশোৰীগৰাকীৰ দূৰ সম্পৰ্কীয় আত্মীয় আৰু তেওঁ প্ৰায়েই কিশোৰীগৰাকীৰ ঘৰত আছিল। কিশোৰীগৰাকীৰে একপক্ষীয় প্ৰেম কৰিবলৈ লোৱা শুভমৰ পৰিকল্পনাতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নন্দিতা শইকীয়াই হওক বা পুনেৰ ওই ১৪ বছৰীয়া কিশোৰীগৰাকীয়েই হওক, তেওঁলোকৰ জীৱনৰ এনে অকাল পতন নিঃসন্দেহে অতি দুৰ্ভাগ্যজনক কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক