--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ড্ৰাগছৰ গোচৰৰ পৰা পোৱা নাই ৰেহাই। বিগত এসপ্তাহ ধৰি আৰক্ষীৰ জিম্মাত আছে শ্বাহৰুখ পুত্ৰ আৰিয়ান। মাতৃৰ জন্মদিনতো ঘৰলৈ আহিব নোৱাৰিলে আৰিয়ানে। ইফালে, নিসংগতাই বেৰি ধৰিছে শ্বাহৰুখৰ ৰাজপ্ৰাসাদ। পুত্ৰৰ বিপৰ্যস্ত অৱস্থাত চিন্তিত,উদ্বিগ্ন শ্বাহৰুখ। দুঃচিন্তাত বিনিদ্ৰ ৰজনী কটাইছে বলীউড বাদশ্বাহে। মান্নাটৰ বিলাসী জীৱন এৰি কাৰাগাৰত কি অৱস্থাত আছে আৰিয়ান? সেই চিন্তাতে টোপনি নহা হৈছে বাদশ্বাহৰ।

টোপনিৰ পৰা এতিয়া ঘনে-ঘনে সাৰ পায় শ্বাহৰুখ-গৌৰীয়ে। উপায়হীন বাহশ্বাহে আৰক্ষীৰ দ্বাৰাই ঘনাই খবৰ লৈছে প্ৰিয় পুত্ৰৰ ...

ষ্টাৰ-পুত্ৰ হোৱা সত্ত্বেও কোনো অতিৰিক্ত সা-সুবিধা লাভ কৰা নাই আৰিয়ানে। সেয়ে টোপনিৰ পৰা এতিয়া ঘনে-ঘনে সাৰ পায় শ্বাহৰুখ-গৌৰীয়ে। উপায়হীন বাহশ্বাহে আৰক্ষীৰ দ্বাৰাই ঘনাই খবৰ লৈছে প্ৰিয় পুত্ৰৰ। উল্লেখ্য যে, দেওবাৰৰ পৰাই নাৰকোটিক্স কণ্ট্ৰোল ব্যুৰ’ৰ জিম্মাত আছে আৰিয়ান। বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল শ্বাহৰুখ পুত্ৰক। অন্তৱৰ্তীকালীন জামিনৰ আবেদনো কৰিছিল খান পৰিয়ালে। কিন্তু ন্যায়াধীশে শ্বাহৰুখৰ পুত্ৰৰ জামিন আবেদন খাৰিজ কৰে আৰু তেওঁক ১৪ দিনৰ ন্যায়িৰক জিম্মালৈ প্ৰেৰণ কৰে।

পুত্ৰৰ বিপৰ্যস্ত অৱস্থাত চিন্তিত,উদ্বিগ্ন শ্বাহৰুখ। দুঃচিন্তাত বিনিদ্ৰ ৰজনী কটাইছে বলীউড বাদশ্বাহে। মান্নাটৰ বিলাসী জীৱন এৰি কাৰাগাৰত কি অৱস্থাত আছে আৰিয়ান?

শুকুৰবাৰে আৰিয়ানৰ দ্বিতীয়খন জামিনৰ আবেদনো নাকচ কৰিছিল আদালতে। গোচৰটোৰ শুনানি সোমবাৰে হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত শুনানি প্ৰক্ৰিয়া স্থগিত ৰাখে আদালতে। আৰিয়ান গোচৰৰ শুনানিৰ দিন বুধবাৰে অৰ্থাত্‍ আজি নিৰ্ধাৰণ কৰিছে আদালতে। কিং খানে বুধবাৰৰ জামিনৰ শুনানিৰ বাবে বাট চাইছে। পুত্ৰ ৰঙাঘৰৰ আলহী হোৱাৰ পাছৰে পৰা কঠিন সময় অতিবাহিত কৰিছে খান পৰিয়ালে। মুকলি আকাশৰ তললৈ আহিব নে আৰিয়ান? কিছু সময় পাছতে সকলো স্পষ্ট হৈ পৰিব!

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ