--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ড্ৰাগছৰ গোচৰৰ পৰা পোৱা নাই ৰেহাই। বিগত এসপ্তাহ ধৰি আৰক্ষীৰ জিম্মাত আছে শ্বাহৰুখ পুত্ৰ আৰিয়ান। মাতৃৰ জন্মদিনতো ঘৰলৈ আহিব নোৱাৰিলে আৰিয়ানে। ইফালে, নিসংগতাই বেৰি ধৰিছে শ্বাহৰুখৰ ৰাজপ্ৰাসাদ। পুত্ৰৰ বিপৰ্যস্ত অৱস্থাত চিন্তিত,উদ্বিগ্ন শ্বাহৰুখ। দুঃচিন্তাত বিনিদ্ৰ ৰজনী কটাইছে বলীউড বাদশ্বাহে। মান্নাটৰ বিলাসী জীৱন এৰি কাৰাগাৰত কি অৱস্থাত আছে আৰিয়ান? সেই চিন্তাতে টোপনি নহা হৈছে বাদশ্বাহৰ।

টোপনিৰ পৰা এতিয়া ঘনে-ঘনে সাৰ পায় শ্বাহৰুখ-গৌৰীয়ে। উপায়হীন বাহশ্বাহে আৰক্ষীৰ দ্বাৰাই ঘনাই খবৰ লৈছে প্ৰিয় পুত্ৰৰ ...

ষ্টাৰ-পুত্ৰ হোৱা সত্ত্বেও কোনো অতিৰিক্ত সা-সুবিধা লাভ কৰা নাই আৰিয়ানে। সেয়ে টোপনিৰ পৰা এতিয়া ঘনে-ঘনে সাৰ পায় শ্বাহৰুখ-গৌৰীয়ে। উপায়হীন বাহশ্বাহে আৰক্ষীৰ দ্বাৰাই ঘনাই খবৰ লৈছে প্ৰিয় পুত্ৰৰ। উল্লেখ্য যে, দেওবাৰৰ পৰাই নাৰকোটিক্স কণ্ট্ৰোল ব্যুৰ’ৰ জিম্মাত আছে আৰিয়ান। বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল শ্বাহৰুখ পুত্ৰক। অন্তৱৰ্তীকালীন জামিনৰ আবেদনো কৰিছিল খান পৰিয়ালে। কিন্তু ন্যায়াধীশে শ্বাহৰুখৰ পুত্ৰৰ জামিন আবেদন খাৰিজ কৰে আৰু তেওঁক ১৪ দিনৰ ন্যায়িৰক জিম্মালৈ প্ৰেৰণ কৰে।

পুত্ৰৰ বিপৰ্যস্ত অৱস্থাত চিন্তিত,উদ্বিগ্ন শ্বাহৰুখ। দুঃচিন্তাত বিনিদ্ৰ ৰজনী কটাইছে বলীউড বাদশ্বাহে। মান্নাটৰ বিলাসী জীৱন এৰি কাৰাগাৰত কি অৱস্থাত আছে আৰিয়ান?

শুকুৰবাৰে আৰিয়ানৰ দ্বিতীয়খন জামিনৰ আবেদনো নাকচ কৰিছিল আদালতে। গোচৰটোৰ শুনানি সোমবাৰে হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত শুনানি প্ৰক্ৰিয়া স্থগিত ৰাখে আদালতে। আৰিয়ান গোচৰৰ শুনানিৰ দিন বুধবাৰে অৰ্থাত্‍ আজি নিৰ্ধাৰণ কৰিছে আদালতে। কিং খানে বুধবাৰৰ জামিনৰ শুনানিৰ বাবে বাট চাইছে। পুত্ৰ ৰঙাঘৰৰ আলহী হোৱাৰ পাছৰে পৰা কঠিন সময় অতিবাহিত কৰিছে খান পৰিয়ালে। মুকলি আকাশৰ তললৈ আহিব নে আৰিয়ান? কিছু সময় পাছতে সকলো স্পষ্ট হৈ পৰিব!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক