--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংস্থাপনৰ পথ মুকলি কৰিলে অযোধ্যাৰ ৰাম মন্দিৰে৷ ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হৈ যোৱাৰ পাছত জনসমুদ্ৰৰ সৃষ্টি হৈছে অযোধ্যাত৷ শেহতীয়া এক প্ৰতিবেদন অনুসৰি অযোধ্যা আৰু অঞ্চলটোৰ কাষৰীয়া চহৰসমূহত ৰাম মন্দিৰ উদ্বোধনৰ পাছত অহা পাঁচ বছৰত ১.৫ৰ পৰা ২লাখ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। 

ইকোনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অযোধ্যাত শ্ৰীৰাম মন্দিৰ উদ্বোধনৰ ফলত অহা চাৰিৰ পৰা পাঁচ বছৰৰ ভিতৰত ১,৫০,০০০ৰ পৰা ২,০০,০০০ লোকে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি অযোধ্যাই নগৰখনৰ হোটেল ব্যৱস্থাপনা, এপাৰ্টমেণ্ট গোট, স্বাস্থ্যসেৱা সুবিধা আৰু অন্যান্য আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে, যি অহা কেইবছৰমানৰ ভিতৰত ৫০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত তাৎক্ষণিক চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে৷ 

‘বেটাৰপ্লেচ’এ অনুমান কৰিছে যে অহা কেইবছৰমানৰ ভিতৰত প্ৰতিবছৰে ৫ কোটি লোক ৰাম মন্দিৰ ভ্ৰমণ কৰিবলৈ অযোধ্যাত উপস্থিত হ'ব। অহা কেইমাহমানৰ ভিতৰত ১-২ লাখ পৰ্যটক আহিবলৈ আৰম্ভ কৰিব, যাৰ ফলত লগে লগে ১০ হাজাৰৰ পৰা ৩০ হাজাৰ চাকৰি সৃষ্টি হ'ব। ভ্ৰমণ আৰু পৰ্যটন সম্পৰ্কীয় খণ্ড যেনে আতিথ্য, হোটেল, পৰ্যটন সম্পৰ্কীয় কোম্পানীবোৰ লাভান্বিত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰি খাদ্য আৰু পানীয়, দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী, ব্যক্তিগত যত্নৰ সামগ্ৰী, স্বাস্থ্যসেৱা, বেংকিং খণ্ড উপকৃত হ'ব৷

মন্দিৰৰ উদ্বোধনৰ পূৰ্বে কনফেডাৰেচন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (চিএটি) অনুমান কৰিছিল যে মন্দিৰৰ অৰ্থনীতিৰ পৰা উৎপন্ন হোৱা ব্যৱসায়ৰ পৰিমাণ এক লাখ কোটি টকা অতিক্ৰম কৰিব পাৰে। দেশৰ ৩০খন চহৰৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ পাছত চিএটিয়ে এই তথ্য মুকলি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু