--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংস্থাপনৰ পথ মুকলি কৰিলে অযোধ্যাৰ ৰাম মন্দিৰে৷ ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হৈ যোৱাৰ পাছত জনসমুদ্ৰৰ সৃষ্টি হৈছে অযোধ্যাত৷ শেহতীয়া এক প্ৰতিবেদন অনুসৰি অযোধ্যা আৰু অঞ্চলটোৰ কাষৰীয়া চহৰসমূহত ৰাম মন্দিৰ উদ্বোধনৰ পাছত অহা পাঁচ বছৰত ১.৫ৰ পৰা ২লাখ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষ নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। 

ইকোনমিক টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, অযোধ্যাত শ্ৰীৰাম মন্দিৰ উদ্বোধনৰ ফলত অহা চাৰিৰ পৰা পাঁচ বছৰৰ ভিতৰত ১,৫০,০০০ৰ পৰা ২,০০,০০০ লোকে নিযুক্তি লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি অযোধ্যাই নগৰখনৰ হোটেল ব্যৱস্থাপনা, এপাৰ্টমেণ্ট গোট, স্বাস্থ্যসেৱা সুবিধা আৰু অন্যান্য আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰিবলৈ সাজু হৈছে, যি অহা কেইবছৰমানৰ ভিতৰত ৫০ হাজাৰৰ পৰা ১ লাখ পৰ্যন্ত তাৎক্ষণিক চাকৰি সৃষ্টি কৰিব বুলি আশা কৰা হৈছে৷ 

‘বেটাৰপ্লেচ’এ অনুমান কৰিছে যে অহা কেইবছৰমানৰ ভিতৰত প্ৰতিবছৰে ৫ কোটি লোক ৰাম মন্দিৰ ভ্ৰমণ কৰিবলৈ অযোধ্যাত উপস্থিত হ'ব। অহা কেইমাহমানৰ ভিতৰত ১-২ লাখ পৰ্যটক আহিবলৈ আৰম্ভ কৰিব, যাৰ ফলত লগে লগে ১০ হাজাৰৰ পৰা ৩০ হাজাৰ চাকৰি সৃষ্টি হ'ব। ভ্ৰমণ আৰু পৰ্যটন সম্পৰ্কীয় খণ্ড যেনে আতিথ্য, হোটেল, পৰ্যটন সম্পৰ্কীয় কোম্পানীবোৰ লাভান্বিত হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ উপৰি খাদ্য আৰু পানীয়, দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী, ব্যক্তিগত যত্নৰ সামগ্ৰী, স্বাস্থ্যসেৱা, বেংকিং খণ্ড উপকৃত হ'ব৷

মন্দিৰৰ উদ্বোধনৰ পূৰ্বে কনফেডাৰেচন অব্ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (চিএটি) অনুমান কৰিছিল যে মন্দিৰৰ অৰ্থনীতিৰ পৰা উৎপন্ন হোৱা ব্যৱসায়ৰ পৰিমাণ এক লাখ কোটি টকা অতিক্ৰম কৰিব পাৰে। দেশৰ ৩০খন চহৰৰ পৰা পোৱা প্ৰতিক্ৰিয়াৰ পাছত চিএটিয়ে এই তথ্য মুকলি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক