--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত ভগৱান ৰামলাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল। এই অভিষেক অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে, তাৰ পাছতেই মন্দিৰত দেখা গ’ল দৰ্শন কৰিবলৈ আগ্ৰহী মানুহৰ বিশাল শাৰী। এক প্ৰতিবেদন অনুসৰি অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন হোৱাৰ পাছত আগন্তুক ৫ বছৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত ডেৰ-দুই লাখ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব পাৰিব।

ইকনমিক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি হিউমেন কেপিটেল ছাৰ্চ প্লেটফৰ্ম বেটাৰপ্লেছে কয় যে অযোধ্যাত শ্ৰী ৰাম মন্দিৰ উদ্বোধনৰ পাছত আগন্তুক চাৰি-পাঁচ বছৰত ১,৫০,০০০ৰ পৰা ২,০০,০০০ লোকে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। বেটাৰপ্লেচৰ সহ-প্ৰতিষ্ঠাপক তথা গ্ৰুপৰ মুখ্য কাৰ্যবাহী প্ৰবীণ আগৰৱালাই কয় যে ইয়াৰ উপৰিও অযোধ্যাত হোটেল চেইন, এপাৰ্টমেণ্ট ইউনিট, স্বাস্থ্যসেৱাৰ সুবিধা আৰু অন্যান্য আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিবলৈ লোৱা হৈছে, যাৰ বাবে ৫০,০০০ৰ পৰা ১ লাখ তাৎক্ষণিক চাকৰিৰ সৃষ্টি হ’ব।


বেটাৰপ্লেচৰ হিচাপ অনুসৰি অহা কেইবছৰমানৰ ভিতৰত প্ৰতি বছৰে ৫ কোটি লোকে অযোধ্যা ভ্ৰমণ কৰিব। অহা কেইমাহমানৰ ভিতৰত ১-২ লাখ পৰ্যটক আহিবলৈ আৰম্ভ কৰিব, যাৰ বাবে তৎক্ষণাত ১০,০০০ৰ পৰা ৩০,০০০ চাকৰিৰ সৃষ্টি হ’ব। ভ্ৰমণ আৰু পৰ্যটনৰ সৈতে জড়িত খণ্ড যেনে আতিথ্য, হোটেল, পৰ্যটন সম্পৰ্কীয় কোম্পানীসমূহো শীঘ্ৰে লাভৱান হ’বলৈ গৈ আছে। ইয়াৰ উপৰিও খাদ্য আৰু পানীয়, দৈনিক প্ৰয়োজনীয় সামগ্ৰী, ব্যক্তিগত যত্নৰ সামগ্ৰী, স্বাস্থ্যসেৱা, বেংকিং খণ্ড লাভৱান হ’ব। 


মন্দিৰটো উদ্বোধনৰ পূৰ্বে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAT) অনুমান কৰিছিল যে মন্দিৰৰ অৰ্থনীতিৰ পৰা উৎপন্ন হোৱা ব্যৱসায়িক পৰিসংখ্যাই ১ লাখ কোটি টকা অতিক্ৰম কৰিব পাৰে। দেশৰ ৩০খন চহৰৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ পাছতে CAT-এ এই তথ্য প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু