--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত ভগৱান ৰামলাল্লাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল। এই অভিষেক অনুষ্ঠানত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে, তাৰ পাছতেই মন্দিৰত দেখা গ’ল দৰ্শন কৰিবলৈ আগ্ৰহী মানুহৰ বিশাল শাৰী। এক প্ৰতিবেদন অনুসৰি অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন হোৱাৰ পাছত আগন্তুক ৫ বছৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত ডেৰ-দুই লাখ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব পাৰিব।

ইকনমিক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি হিউমেন কেপিটেল ছাৰ্চ প্লেটফৰ্ম বেটাৰপ্লেছে কয় যে অযোধ্যাত শ্ৰী ৰাম মন্দিৰ উদ্বোধনৰ পাছত আগন্তুক চাৰি-পাঁচ বছৰত ১,৫০,০০০ৰ পৰা ২,০০,০০০ লোকে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। বেটাৰপ্লেচৰ সহ-প্ৰতিষ্ঠাপক তথা গ্ৰুপৰ মুখ্য কাৰ্যবাহী প্ৰবীণ আগৰৱালাই কয় যে ইয়াৰ উপৰিও অযোধ্যাত হোটেল চেইন, এপাৰ্টমেণ্ট ইউনিট, স্বাস্থ্যসেৱাৰ সুবিধা আৰু অন্যান্য আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰিবলৈ লোৱা হৈছে, যাৰ বাবে ৫০,০০০ৰ পৰা ১ লাখ তাৎক্ষণিক চাকৰিৰ সৃষ্টি হ’ব।


বেটাৰপ্লেচৰ হিচাপ অনুসৰি অহা কেইবছৰমানৰ ভিতৰত প্ৰতি বছৰে ৫ কোটি লোকে অযোধ্যা ভ্ৰমণ কৰিব। অহা কেইমাহমানৰ ভিতৰত ১-২ লাখ পৰ্যটক আহিবলৈ আৰম্ভ কৰিব, যাৰ বাবে তৎক্ষণাত ১০,০০০ৰ পৰা ৩০,০০০ চাকৰিৰ সৃষ্টি হ’ব। ভ্ৰমণ আৰু পৰ্যটনৰ সৈতে জড়িত খণ্ড যেনে আতিথ্য, হোটেল, পৰ্যটন সম্পৰ্কীয় কোম্পানীসমূহো শীঘ্ৰে লাভৱান হ’বলৈ গৈ আছে। ইয়াৰ উপৰিও খাদ্য আৰু পানীয়, দৈনিক প্ৰয়োজনীয় সামগ্ৰী, ব্যক্তিগত যত্নৰ সামগ্ৰী, স্বাস্থ্যসেৱা, বেংকিং খণ্ড লাভৱান হ’ব। 


মন্দিৰটো উদ্বোধনৰ পূৰ্বে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (CAT) অনুমান কৰিছিল যে মন্দিৰৰ অৰ্থনীতিৰ পৰা উৎপন্ন হোৱা ব্যৱসায়িক পৰিসংখ্যাই ১ লাখ কোটি টকা অতিক্ৰম কৰিব পাৰে। দেশৰ ৩০খন চহৰৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ পাছতে CAT-এ এই তথ্য প্ৰকাশ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement