--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনুমানৰ বিৰুদ্ধে ভূমি দখলৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত উঠিছে। সেইবাবে জাননী প্ৰেৰণ কৰা হৈছে ৰামভক্ত হনুমানলৈ। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত।

মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ সবলগড় চহৰত ৰেলৱেৰ ভূমিত  হনুমান মন্দিৰ নিৰ্মাণ কৰা হৈছে। সেয়ে ৰে’লৱে’ বিভাগে ভূমি দখলৰ অভিযোগত জাননী প্ৰেৰণ কৰিছে হনুমানলৈ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই জাননীখন ৰে’লৱেই ‘বজৰংবলী’লৈ প্ৰেৰণ কৰিছে। কিন্তু পিছত ভুল বুজি পাই জাননীখন প্ৰত্যাহাৰ কৰা হয়।

অক্ষয় কুমাৰ-পৰেশ ৰাৱালে অভিনীত হিন্দী ছবি ‘অ’ মাই গড’ত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ বিচাৰি দেৱতাসকলৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰা হৈছিল। সেই ছবিখনক লৈ বহুত হুলস্থুলৰ সৃষ্টি হৈছিল। এইবাৰো বাস্তৱতেই সংঘটিত হ’ল একেধৰণৰ ঘটনা।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, যোৱা ৮ ফেব্ৰুৱাৰীত ‘বজৰংবলী’ক সম্বোধন কৰি এই জাননী জাৰি কৰা হৈছিল। জাননীৰ জৰিয়তে ৭ দিনৰ ভিতৰত বেদখল কৰা মাটি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। জাননীখনত লগতে উল্লেখ কৰা হৈছে যে যদিহে ৰে’লৱেই মন্দিৰৰ গাঁথনিটো আঁতৰাই নিদিয়ে তেন্তে সকলো খৰচ অধিগ্ৰহণকাৰীয়ে বহন কৰিব লাগিব। হনুমান মন্দিৰত ৰে’লৱেই আঁৰি দিছিল এই জাননী।

জাননীখনৰ ছবি ভাইৰেল হোৱাৰ পিছতে এক উত্তেজনাৰ সৃষ্টি হয় আৰু পিছত ৰে’লৱেই ভুলটো শুধৰাই মন্দিৰৰ পুৰোহিত হৰিশংকৰ শৰ্মাৰ নামত নতুন জাননী জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু