--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হনুমানৰ বিৰুদ্ধে ভূমি দখলৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত উঠিছে। সেইবাবে জাননী প্ৰেৰণ কৰা হৈছে ৰামভক্ত হনুমানলৈ। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশত।

মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ সবলগড় চহৰত ৰেলৱেৰ ভূমিত  হনুমান মন্দিৰ নিৰ্মাণ কৰা হৈছে। সেয়ে ৰে’লৱে’ বিভাগে ভূমি দখলৰ অভিযোগত জাননী প্ৰেৰণ কৰিছে হনুমানলৈ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই জাননীখন ৰে’লৱেই ‘বজৰংবলী’লৈ প্ৰেৰণ কৰিছে। কিন্তু পিছত ভুল বুজি পাই জাননীখন প্ৰত্যাহাৰ কৰা হয়।

অক্ষয় কুমাৰ-পৰেশ ৰাৱালে অভিনীত হিন্দী ছবি ‘অ’ মাই গড’ত প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণ বিচাৰি দেৱতাসকলৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰা হৈছিল। সেই ছবিখনক লৈ বহুত হুলস্থুলৰ সৃষ্টি হৈছিল। এইবাৰো বাস্তৱতেই সংঘটিত হ’ল একেধৰণৰ ঘটনা।

ৰে’লৱেৰ সূত্ৰ অনুসৰি, যোৱা ৮ ফেব্ৰুৱাৰীত ‘বজৰংবলী’ক সম্বোধন কৰি এই জাননী জাৰি কৰা হৈছিল। জাননীৰ জৰিয়তে ৭ দিনৰ ভিতৰত বেদখল কৰা মাটি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। জাননীখনত লগতে উল্লেখ কৰা হৈছে যে যদিহে ৰে’লৱেই মন্দিৰৰ গাঁথনিটো আঁতৰাই নিদিয়ে তেন্তে সকলো খৰচ অধিগ্ৰহণকাৰীয়ে বহন কৰিব লাগিব। হনুমান মন্দিৰত ৰে’লৱেই আঁৰি দিছিল এই জাননী।

জাননীখনৰ ছবি ভাইৰেল হোৱাৰ পিছতে এক উত্তেজনাৰ সৃষ্টি হয় আৰু পিছত ৰে’লৱেই ভুলটো শুধৰাই মন্দিৰৰ পুৰোহিত হৰিশংকৰ শৰ্মাৰ নামত নতুন জাননী জাৰি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক