--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্দুৰ কৰ্ণাটকৰ এখন সৰু গাঁও। শেহতীয়াকৈ গাঁওখন চৰ্চালৈ আহিছে। এই গাঁৱৰ পুৰুষসকলে বিয়াৰ বাবে কইনাৰ সন্ধানত মহাদেশ্বৰ পৰ্বতৰ দিশে পদযাত্ৰা আৰম্ভ কৰিছে।

গাঁওখনৰ পুৰুষসকলে বিয়া পাতিবলৈ কইনা বিচাৰি নোপোৱাৰ কাৰণ আছে। সেয়া হৈছে কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুৰ পাত্ৰ অবিহনে মাদ্দুৰৰ কোনো ছোৱালীৱে গাওঁখনৰ যুৱকসকলক বিয়া পাতিবলৈ ইচ্ছুক নহয়। ফলত গাঁওখনৰ প্ৰায় ২০০ পুৰুষ এতিয়াও অবিবাহিত হৈ আছে।

এই পদযাত্ৰাত অংশগ্ৰহণ কৰা বহুতো যুৱকে বাংগালোৰত নথকাৰ বাবেই তেওঁলোকে প্ৰেয়সীসকলকো হেৰুৱাইছিল। সেয়ে মহাদেশ্বৰ পৰ্বতলৈ পদযাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে। মহাদেশ্বৰ পৰ্বতক মাদুৰাবাসীয়ে শিৱৰ বাসস্থান বুলি গণ্য কৰে। ১০৫ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত পোনপটীয়াকৈ ভগৱানৰ ওচৰত আত্মাৰ সঙ্গী বিচাৰি প্ৰাৰ্থনা কৰিব তেওঁলোকে।

এই পদযাত্ৰাক ‘ব্ৰহ্মচাৰিগালা পদযাত্ৰা’ নামেৰে নামাকৰণ কৰা হৈছে। এই যাত্ৰাৰ আয়োজক সংগঠনৰ মতে, যাত্ৰা আৰম্ভ হ’ব ২০০ জন অবিবাহিত পুৰুষৰ পৰা। এই পৰ্যন্ত ২০০ খন আৱেদন দাখিল কৰা হৈছে। পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোৰে বয়স প্ৰায় ৩০ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক