--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাদ্দুৰ কৰ্ণাটকৰ এখন সৰু গাঁও। শেহতীয়াকৈ গাঁওখন চৰ্চালৈ আহিছে। এই গাঁৱৰ পুৰুষসকলে বিয়াৰ বাবে কইনাৰ সন্ধানত মহাদেশ্বৰ পৰ্বতৰ দিশে পদযাত্ৰা আৰম্ভ কৰিছে।

গাঁওখনৰ পুৰুষসকলে বিয়া পাতিবলৈ কইনা বিচাৰি নোপোৱাৰ কাৰণ আছে। সেয়া হৈছে কৰ্ণাটকৰ ৰাজধানী চহৰ বেংগালুৰুৰ পাত্ৰ অবিহনে মাদ্দুৰৰ কোনো ছোৱালীৱে গাওঁখনৰ যুৱকসকলক বিয়া পাতিবলৈ ইচ্ছুক নহয়। ফলত গাঁওখনৰ প্ৰায় ২০০ পুৰুষ এতিয়াও অবিবাহিত হৈ আছে।

এই পদযাত্ৰাত অংশগ্ৰহণ কৰা বহুতো যুৱকে বাংগালোৰত নথকাৰ বাবেই তেওঁলোকে প্ৰেয়সীসকলকো হেৰুৱাইছিল। সেয়ে মহাদেশ্বৰ পৰ্বতলৈ পদযাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে। মহাদেশ্বৰ পৰ্বতক মাদুৰাবাসীয়ে শিৱৰ বাসস্থান বুলি গণ্য কৰে। ১০৫ কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছত পোনপটীয়াকৈ ভগৱানৰ ওচৰত আত্মাৰ সঙ্গী বিচাৰি প্ৰাৰ্থনা কৰিব তেওঁলোকে।

এই পদযাত্ৰাক ‘ব্ৰহ্মচাৰিগালা পদযাত্ৰা’ নামেৰে নামাকৰণ কৰা হৈছে। এই যাত্ৰাৰ আয়োজক সংগঠনৰ মতে, যাত্ৰা আৰম্ভ হ’ব ২০০ জন অবিবাহিত পুৰুষৰ পৰা। এই পৰ্যন্ত ২০০ খন আৱেদন দাখিল কৰা হৈছে। পদযাত্ৰাত অংশগ্ৰহণ কৰা সকলোৰে বয়স প্ৰায় ৩০ বছৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু