--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ জাৰ্চিত পুনৰ উজ্জ্বলি উঠিল লিয়নেল মেছি। দেশৰ মাটিত চলি থকা দ্বিতীয়খন প্ৰদৰ্শনীমূলক মেচতো তেওঁৰ শক্তি দেখা গ’ল। কুৰাছাৱাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত তেওঁ হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে মেছিয়ে এক নজিৰ গঢ়ি তুলিলে। দেশৰ জাৰ্চিত ১০০টা গ’ল দিয়ে ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে।

বিশ্বৰ তৃতীয়জন ফুটবলাৰ হিচাপে তেওঁ এই নজিৰ গঢ়ে। তালিকাৰ প্ৰথম স্থানত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। তেওঁৰ পিছত ইৰাণৰ আলী দেই। মেছিয়ে দুয়োজন ফুটবলাৰক স্পৰ্শ কৰিলে।

বুধবাৰে পুৱাৰ খেলখনত আৰ্জেণ্টিনাই কুৰাচাওক ৭-০ গ’লত পৰাস্ত কৰে। খেলখনৰ ২০ মিনিটৰ অন্তত মেচখনৰ প্ৰথমটো গ’ল আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ১০০তম গ’লটো দিয়ে মেছিয়ে। পেনাল্টি বক্সৰ ভিতৰত জিওভানি ল’ৱে চেলছ’ৰ পাছ লাভ কৰে। ইয়াৰ পিছত কুৰাছাৱাৰ দুজন ডিফেণ্ডাৰক পৰাস্ত কৰি বলটো নেটত সোমাই দিয়ে।

মেচখনত দুৰ্বল কুৰছাৱাৰ বিৰুদ্ধে আৰ্জেণ্টিনাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমাৰ্ধতে মেছিয়ে হেট্ৰিক অৰ্জন কৰে। অৱশ্যে দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক অলপ লঘু খেলা দেখা গ’ল। দ্বিতীয়াৰ্ধত এটা গ’ল দিয়ে দলটোৱে।

মেচৰ পিছত প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে কয় যে তেওঁলোকে কুৰাচাওক সহজভাৱে ল’ব নিবিচাৰে। ৭টা গ’ল দিয়াৰ পাছতো তেওঁ ভাবে যে অনাগত দিনত আৰ্জেণ্টিনাই অধিক উন্নতি কৰিব লাগিব।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰোনাল্ডোৰ নামত ১২২টা গ’ল আছে। আলীয়ে ১০৯টা গ’ল দিছে। মেছিৰ নামত এতিয়া ১০২টা গ’ল আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে