--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  অন্যতম শ্ৰেষ্ঠ বেটছমেনসকলৰ ভিতৰত বিৰাট কোহলী অন্যতম৷   ৩৩  বছৰ বয়সতো তেওঁৰ ফিটনেছে বহুতকে  আচৰিত কৰি আহিছে। কোহলী পঢ়াশুনাত কেনে আছিল ? তেওঁ মাধ্যমিকৰ পৰীক্ষাত কোন বিষয়ত  কিমান নম্বৰ লাভ কৰিছিল? বিৰাটে শেহতীয়াকৈ  তেওঁৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বীটখন   ৰাজহুৱা কৰিছে।


বিৰাটে ইণ্টাৰনেটত তেওঁৰ মাৰ্কশ্বীটৰ এখন ছবি আপলোড কৰিছে। কোহলীয়ে দিয়া তেওঁৰ মাৰ্কশ্বীট অনুসৰি কোহলীয়ে পৰীক্ষাত  কেৱল ইংৰাজীতহে এ প্লাছ পাইছিল। কোহলীয়ে ইংৰাজীত ৮৩ নম্বৰ লাভ কৰিছিল৷  ইয়াৰ উপৰি তেওঁ হিন্দীত ৭৫, গণিতত ৫১, বিজ্ঞান আৰু প্ৰযুক্তিত ৫৫, সামাজিক বিজ্ঞানত ৮১ আৰু  তথ্য প্ৰযুক্তিত ৭৪ নম্বৰ  লাভ কৰিছিল।


বিৰাট বৰ্তমান আই পি এলৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বাবে অনুশালনত  যথেষ্ট সময় অতিবাহিত কৰিছে। দলটোৰ  প্ৰশিক্ষক শংকৰ বসুৱে বিৰাটক উচ্চ প্ৰশংসা কৰিছে। বিৰাটে পূৰ্বে আই পি এলৰ ২২৩ খন খেলত ৬৬২৪ ৰাণ সংগ্ৰহ কৰিছে। বিৰাট হৈছে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে ২০০৮ চনৰ পৰা ফ্ৰেঞ্চাইজিৰ হৈ একেৰাহে খেলি আছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ২ এপ্ৰিলত চলিত বৰ্ষৰ আই পি এলৰ প্ৰথমখন খেল খেলিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান