--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ  অন্যতম শ্ৰেষ্ঠ বেটছমেনসকলৰ ভিতৰত বিৰাট কোহলী অন্যতম৷   ৩৩  বছৰ বয়সতো তেওঁৰ ফিটনেছে বহুতকে  আচৰিত কৰি আহিছে। কোহলী পঢ়াশুনাত কেনে আছিল ? তেওঁ মাধ্যমিকৰ পৰীক্ষাত কোন বিষয়ত  কিমান নম্বৰ লাভ কৰিছিল? বিৰাটে শেহতীয়াকৈ  তেওঁৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বীটখন   ৰাজহুৱা কৰিছে।


বিৰাটে ইণ্টাৰনেটত তেওঁৰ মাৰ্কশ্বীটৰ এখন ছবি আপলোড কৰিছে। কোহলীয়ে দিয়া তেওঁৰ মাৰ্কশ্বীট অনুসৰি কোহলীয়ে পৰীক্ষাত  কেৱল ইংৰাজীতহে এ প্লাছ পাইছিল। কোহলীয়ে ইংৰাজীত ৮৩ নম্বৰ লাভ কৰিছিল৷  ইয়াৰ উপৰি তেওঁ হিন্দীত ৭৫, গণিতত ৫১, বিজ্ঞান আৰু প্ৰযুক্তিত ৫৫, সামাজিক বিজ্ঞানত ৮১ আৰু  তথ্য প্ৰযুক্তিত ৭৪ নম্বৰ  লাভ কৰিছিল।


বিৰাট বৰ্তমান আই পি এলৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ আছে। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বাবে অনুশালনত  যথেষ্ট সময় অতিবাহিত কৰিছে। দলটোৰ  প্ৰশিক্ষক শংকৰ বসুৱে বিৰাটক উচ্চ প্ৰশংসা কৰিছে। বিৰাটে পূৰ্বে আই পি এলৰ ২২৩ খন খেলত ৬৬২৪ ৰাণ সংগ্ৰহ কৰিছে। বিৰাট হৈছে একমাত্ৰ ক্ৰিকেটাৰ যিয়ে ২০০৮ চনৰ পৰা ফ্ৰেঞ্চাইজিৰ হৈ একেৰাহে খেলি আছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ২ এপ্ৰিলত চলিত বৰ্ষৰ আই পি এলৰ প্ৰথমখন খেল খেলিব। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে