--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নব্বৈৰ দশকত মুম্বাইত মাফিয়াৰ উৎপাত বাঢ়ি আহিছিল। ১৯৯৭ চনত গুলচন কুমাৰক ব্যস্ত ৰাস্তাত গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা মায়ানগৰী ভীতিগ্ৰস্ত হৈ পৰিছিল। শুনা গৈছিল যে আণ্ডাৰৱৰ্লডৰ হিটলিষ্টত কেইবাগৰাকীও তাৰকা আছে। লগতে শুনা গ’ল যে কুখ্যাত গেংষ্টাৰ আবু চেলেমে শ্বাহৰুখ খানক হত্যা কৰিবলৈ চোকা গুলীচালনাকাৰীক ‘ছুপাৰী’ দিছিল! কাৰণটো? অভিনেতাজনে আবুৰ ঘনিষ্ঠ প্ৰযোজকৰ সৈতে কাম কৰিবলৈ সন্মত হোৱা নাছিল।

লগে লগে মুম্বাই আৰক্ষীয়ে ‘বলিউডৰ বাদশ্বাহৰ’ৰ বাবে দেহৰক্ষী নিয়োগ কৰে। কিন্তু সেই সময়ত অভিনেতাজনে ভয়ত মূৰপোলোকা মৰা নাছিল। এইবাৰ পৰিচালক সঞ্জয় গুপ্তাই ‘জোৱান’ দেখাৰ পিছত স্মৰণ কৰিলে।

‘শ্বুটআউট এট লোকাণ্ডৱালা’, ‘কাবিল’, ‘মুছাফিৰ’ আদি ছবিৰ পৰিচালক সঞ্জয় গুপ্তাই সদায় নিজৰ ছবিত মুম্বাইৰ মাফিয়া আৰু অন্ধকাৰ জগতখনক চিত্ৰিত কৰি আহিছে। ‘জোৱান’ দেখাৰ পিছত শ্বাহৰুখক লৈ আপ্লুত হৈ পৰে পৰিচালকগৰাকী।

তেওঁ নিজৰ টুইটাৰ একাউণ্টত লিখিছে, ''মই ‘জৱান’ চাবলৈ আহিছিলো। আৰু ভাবিলোঁ এই কথা শ্বেয়াৰ কৰিব লাগে। ৯০ৰ দশকত যেতিয়া চিনেমাৰ তাৰকাসকলক মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডে হাৰাশাস্তি কৰিছিল আৰু চৰম সীমাত উপনীত হৈছিল, তেতিয়া কেৱল শ্বাহৰুখ খানেহে হাৰ নামানিছিল। তেতিয়া তেওঁ কৈছিল- ‘গুলি মাৰিব বিচাৰে নেকি? কৰক! কিন্তু মই তোমাৰ বাবে কাম নকৰো। মই পাঠান। আজিও তেওঁ একেই আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ