--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইটো কথা সকলোৰে জ্ঞাত যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেটাৰে শ শ কোটি টকা উপাৰ্জন কৰি আছে৷যি সমূহ উপাৰ্জনৰ উৎস কেৱল ক্ৰীড়া নহয় বৰঞ্চ বিজ্ঞাপন আদিও হয়৷কিন্তু ইয়াৰ অন্তৰালত থাকে কিছু কোম্পানী আৰু ব্যক্তি৷আৰু এই ক্ষেত্ৰত আছে এহাল ভাতৃ-ভগ্নীৰ যুটি যিয়ে এটা বৃহৎ ক্ৰীড়া কোম্পানী স্থাপন কৰিছিল যিয়ে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এই চুক্তিসমূহ লাভ কৰাত সহায় কৰিছিল।

ভাতৃ-ভগ্নীৰ যুটি বাণ্টী ছাজদেহ আৰু ঋতিকা ছাজদেহ হৈছে দুগৰাকী সফল ক্ৰীড়া পৰিচালনা পেছাদাৰী, যিয়ে তেওঁলোকৰ কোম্পানী কৰ্ণাৰষ্টোন স্প’ৰ্টছৰ জৰিয়তে ভাৰতীয় দলৰ দুজন তাৰকা ক্ৰিকেটাৰ – বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক পৰিচালনা কৰিছে।

কৰ্ণাৰষ্টোন হৈছে উদ্যোগী বাণ্টী ছাজদেহৰ নেতৃত্বত এটা ক্ৰীড়া আৰু ব্যৱস্থাপনা কোম্পানী। বান্টিয়ে ভগ্নীৰ সৈতে এই ব্যৱসায় আৰম্ভ কৰিছিল৷ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰাৰম্ভিক পৰ্যায়ত চুক্তি স্বাক্ষৰ কৰি, পাছলৈ চলচ্চিত্ৰ জগতলৈয়ো ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল।

বাণ্টী আৰু ঋতিকা ছাজদেহে বিৰাট কোহলীক কোটি কোটি মূল্যৰ একাধিক এণ্ডাৰছমেণ্ট চুক্তিত উপনীত হোৱাত সহায় কৰিছিল, যেনে এডিডাছ আৰু অন্যান্য আগশাৰীৰ ব্ৰেণ্ডৰ সৈতে ব্ৰেণ্ডৰ চুক্তি।২০০৮ চনত বাণ্টী ছাজদেহে আৰম্ভ কৰিছিল কৰ্ণাৰষ্টোন স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট, আৰু কোম্পানীটোৰ প্ৰথম চুক্তিসমূহৰ ভিতৰত অন্যতম হৈছে বিৰাট কোহলীৰ স্প’ৰ্টছ এপাৰেল কোম্পানী পুমাৰ ১০০ কোটি টকাৰ এণ্ড্ৰছমেণ্ট।


ঋতিকা ছাজদেহ আৰু বাণ্টী ছাজদেহৰ এজেন্সী কৰ্ণাৰষ্টোন স্প’ৰ্টছৰ আন কিছুমান ক্লায়েণ্ট হৈছে বিখ্যাত ক্ৰীড়াবিদ আৰু বলীউডৰ অভিনেতা যেনে পি ভি সিন্ধু, ছানিয়া মিৰ্জা, কুলদীপ যাদৱ, অনন্যা পাণ্ডে, ছাৰা আলী খান, বিজয় দেৱেৰকোণ্ডা আদি।টফ্লাৰে জনোৱা মতে, বাণ্টী সাজদেহ আৰু ঋতিকা সাজদেহৰ কোম্পানী কৰ্ণাৰষ্টোনৰ ৰাজহ ১৫০ কোটিৰো অধিক বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে পূৰ্বে বিৰাট কোহলীৰ মেনেজাৰ হিচাপে কৰ্মৰত ঋতিকা ছাজদেহ বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু