--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইটো কথা সকলোৰে জ্ঞাত যে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেটাৰে শ শ কোটি টকা উপাৰ্জন কৰি আছে৷যি সমূহ উপাৰ্জনৰ উৎস কেৱল ক্ৰীড়া নহয় বৰঞ্চ বিজ্ঞাপন আদিও হয়৷কিন্তু ইয়াৰ অন্তৰালত থাকে কিছু কোম্পানী আৰু ব্যক্তি৷আৰু এই ক্ষেত্ৰত আছে এহাল ভাতৃ-ভগ্নীৰ যুটি যিয়ে এটা বৃহৎ ক্ৰীড়া কোম্পানী স্থাপন কৰিছিল যিয়ে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এই চুক্তিসমূহ লাভ কৰাত সহায় কৰিছিল।

ভাতৃ-ভগ্নীৰ যুটি বাণ্টী ছাজদেহ আৰু ঋতিকা ছাজদেহ হৈছে দুগৰাকী সফল ক্ৰীড়া পৰিচালনা পেছাদাৰী, যিয়ে তেওঁলোকৰ কোম্পানী কৰ্ণাৰষ্টোন স্প’ৰ্টছৰ জৰিয়তে ভাৰতীয় দলৰ দুজন তাৰকা ক্ৰিকেটাৰ – বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক পৰিচালনা কৰিছে।

কৰ্ণাৰষ্টোন হৈছে উদ্যোগী বাণ্টী ছাজদেহৰ নেতৃত্বত এটা ক্ৰীড়া আৰু ব্যৱস্থাপনা কোম্পানী। বান্টিয়ে ভগ্নীৰ সৈতে এই ব্যৱসায় আৰম্ভ কৰিছিল৷ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ প্ৰাৰম্ভিক পৰ্যায়ত চুক্তি স্বাক্ষৰ কৰি, পাছলৈ চলচ্চিত্ৰ জগতলৈয়ো ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল।

বাণ্টী আৰু ঋতিকা ছাজদেহে বিৰাট কোহলীক কোটি কোটি মূল্যৰ একাধিক এণ্ডাৰছমেণ্ট চুক্তিত উপনীত হোৱাত সহায় কৰিছিল, যেনে এডিডাছ আৰু অন্যান্য আগশাৰীৰ ব্ৰেণ্ডৰ সৈতে ব্ৰেণ্ডৰ চুক্তি।২০০৮ চনত বাণ্টী ছাজদেহে আৰম্ভ কৰিছিল কৰ্ণাৰষ্টোন স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট, আৰু কোম্পানীটোৰ প্ৰথম চুক্তিসমূহৰ ভিতৰত অন্যতম হৈছে বিৰাট কোহলীৰ স্প’ৰ্টছ এপাৰেল কোম্পানী পুমাৰ ১০০ কোটি টকাৰ এণ্ড্ৰছমেণ্ট।


ঋতিকা ছাজদেহ আৰু বাণ্টী ছাজদেহৰ এজেন্সী কৰ্ণাৰষ্টোন স্প’ৰ্টছৰ আন কিছুমান ক্লায়েণ্ট হৈছে বিখ্যাত ক্ৰীড়াবিদ আৰু বলীউডৰ অভিনেতা যেনে পি ভি সিন্ধু, ছানিয়া মিৰ্জা, কুলদীপ যাদৱ, অনন্যা পাণ্ডে, ছাৰা আলী খান, বিজয় দেৱেৰকোণ্ডা আদি।টফ্লাৰে জনোৱা মতে, বাণ্টী সাজদেহ আৰু ঋতিকা সাজদেহৰ কোম্পানী কৰ্ণাৰষ্টোনৰ ৰাজহ ১৫০ কোটিৰো অধিক বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে পূৰ্বে বিৰাট কোহলীৰ মেনেজাৰ হিচাপে কৰ্মৰত ঋতিকা ছাজদেহ বৰ্তমান ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক