--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বুকুৰ বিষত আক্ৰান্ত হৈ মৃত্যু হয় এজন কৃষকৰ৷ পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ ঘৰৰ সন্মুখত বিক্ষোভৰ সময়ত এই আন্দোলনকাৰী কৃষকজনৰ মৃত্যু হয়। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰি কৃষকজনৰ হহৃদৰোগত মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম নৰিন্দৰ পাল।ব্যক্তিজন পাটিয়ালা জিলাৰ বাথৈ কলন গাঁৱৰ বাসিন্দা আছিল। বি কে ইউ একতা উগ্ৰহন নামৰ এটা কৃষক সংগঠনে দেওবাৰে অমৰিন্দৰ সিঙৰ ঘৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সেই কাৰ্যসূচীত নাৰিন্দৰে অংশগ্ৰহণ কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰতিবাদৰ সময়ত নৰিন্দৰে হঠাতে বুকুৰ বিষ অনুভৱ কৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে চিকিৎসা আৰম্ভ কৰিলে যদিও তেওঁক বচাব পৰা নগ’ল৷


উল্লেখ্য যে,যোৱা মঙলবাৰৰ পৰা কৃষকসকলৰ দাবী কেন্দ্ৰলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে ‘দিল্লী চালো’ কাৰ্যসূচী। উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানা – মূলতঃ এই তিনিখন ৰাজ্যৰ কৃষকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰায় তিনিশ কৃষক সংগঠনে এই প্ৰতিবাদত যোগদান কৰিছে। কৃষকসকলে দাবী জনাইছে যে চৰকাৰে শস্যৰ উচিত সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা দিব লাগে। একে সময়তে সকলো কৃষি ঋণ ৰেহাই দিব লাগে।

পঞ্জাব-হাৰিয়ানাৰ শম্ভু সীমান্তত বিগত এসপ্তাহ ধৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই আন্দোলনৰ সময়তে শুকুৰবাৰে পুৱা জ্ঞান সিং নামৰ এজন কৃষকৰ মৃত্যু হয়। জ্ঞান আছিল পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement