--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বুকুৰ বিষত আক্ৰান্ত হৈ মৃত্যু হয় এজন কৃষকৰ৷ পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ ঘৰৰ সন্মুখত বিক্ষোভৰ সময়ত এই আন্দোলনকাৰী কৃষকজনৰ মৃত্যু হয়। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰি কৃষকজনৰ হহৃদৰোগত মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম নৰিন্দৰ পাল।ব্যক্তিজন পাটিয়ালা জিলাৰ বাথৈ কলন গাঁৱৰ বাসিন্দা আছিল। বি কে ইউ একতা উগ্ৰহন নামৰ এটা কৃষক সংগঠনে দেওবাৰে অমৰিন্দৰ সিঙৰ ঘৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সেই কাৰ্যসূচীত নাৰিন্দৰে অংশগ্ৰহণ কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰতিবাদৰ সময়ত নৰিন্দৰে হঠাতে বুকুৰ বিষ অনুভৱ কৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে চিকিৎসা আৰম্ভ কৰিলে যদিও তেওঁক বচাব পৰা নগ’ল৷


উল্লেখ্য যে,যোৱা মঙলবাৰৰ পৰা কৃষকসকলৰ দাবী কেন্দ্ৰলৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে ‘দিল্লী চালো’ কাৰ্যসূচী। উত্তৰ প্ৰদেশ, পঞ্জাৱ আৰু হাৰিয়ানা – মূলতঃ এই তিনিখন ৰাজ্যৰ কৃষকসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। প্ৰায় তিনিশ কৃষক সংগঠনে এই প্ৰতিবাদত যোগদান কৰিছে। কৃষকসকলে দাবী জনাইছে যে চৰকাৰে শস্যৰ উচিত সমৰ্থন মূল্যৰ আইনী নিশ্চয়তা দিব লাগে। একে সময়তে সকলো কৃষি ঋণ ৰেহাই দিব লাগে।

পঞ্জাব-হাৰিয়ানাৰ শম্ভু সীমান্তত বিগত এসপ্তাহ ধৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই আন্দোলনৰ সময়তে শুকুৰবাৰে পুৱা জ্ঞান সিং নামৰ এজন কৃষকৰ মৃত্যু হয়। জ্ঞান আছিল পঞ্জাৱৰ গুৰদাসপুৰৰ বাসিন্দা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু