--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰবাৰ প্ৰেক্ষাপটত মহামান্য উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়৷শেহতীয়াকৈ পশ্চিমবংগৰ সন্দেশখালিত মহিলাৰ বিৰুদ্ধে যৌন হিংসাৰ অভিযোগৰ এছআইটিৰ তদন্ত বিচৰা পিআইএলক সোমবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।

আবেদনকাৰীৰ দ্বাৰা যুক্তি দিয়া হৈছিল যে যোৱা বছৰৰ মে’ মাহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰত আদালতৰ নিৰীক্ষণত এছ আই টিৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে ন্যায়াধীশ বি ভি নাগাৰাত্নাই সন্দেশখালি বিষয়টোক মণিপুৰৰ পৰিস্থিতিৰ সৈতে তুলনা নকৰিবলৈ অনুৰোধ জনাইছে।

ন্যায়াধীশ বি ভি নাগাৰাত্না আৰু আগষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে কলিকতা উচ্চ ন্যায়ালয়ে ইতিমধ্যে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে, আৰু আবেদনকাৰীয়ে বিচৰা সকাহ প্ৰদান কৰিব পাৰে।

উল্লেখ্য সন্দেশখালিৰ একাধিক মহিলাই টিএমচিৰ কেইবাজনো নেতাৰ বিৰুদ্ধে ব যৌন শোষণ আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছিল। স্থানীয় জিলা পৰিষদৰ সদস্য শ্বেখ শ্বাহজাহান প্ৰধান দোষী বুলি মহিলাসকলে অভিযোগ উত্থাপন কৰে।

শ্বেখ শ্বাহজাহানে আত্মগোপন কৰাৰ পাছতে টিএমচিৰ নেতাসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ লৈ ওলাই আহে মহিলাকেইগৰাকী। সন্দেশখালিৰ শ্বাহজাহানৰ ঘৰলৈ গৈ থকা বলবৎকাৰী সঞ্চালকালয়ৰ এটা দলক জানুৱাৰী মাহত আক্ৰমণ কৰা হৈছিল, আৰু তেতিয়াৰ পৰাই তেওঁ পলাতক হৈ আছে৷তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক - শিবাপ্ৰসাদ হাজৰা আৰু উত্তম চৰ্দাৰ - যিসকলো টিএমচিৰ নেতা, আৰক্ষীয়ে অঞ্চলটোৰ মহিলাসকলৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ পাছত গ্ৰেপ্তাৰ হয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো
আমেৰিকাত গ্ৰেপ্তাৰ নীৰৱ মোদীৰ ভাতৃ নেহাল, PNB কেলেংকাৰীত আছিল হাত
ব্ৰহ্মপুত্ৰত নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ
২৩ জুলাইৰ পৰা ডুৰাণ্ড কাপ
কলিয়াবৰত বহু চৰ্চিত এটি ভিডিঅ' ক্লিপ ; এজন যুৱকক পৰিকল্পিত ভাবে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ