--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰবাৰ প্ৰেক্ষাপটত মহামান্য উচ্চতম ন্যায়ালয়ৰ বিশেষ ৰায়৷শেহতীয়াকৈ পশ্চিমবংগৰ সন্দেশখালিত মহিলাৰ বিৰুদ্ধে যৌন হিংসাৰ অভিযোগৰ এছআইটিৰ তদন্ত বিচৰা পিআইএলক সোমবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে।

আবেদনকাৰীৰ দ্বাৰা যুক্তি দিয়া হৈছিল যে যোৱা বছৰৰ মে’ মাহত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰত আদালতৰ নিৰীক্ষণত এছ আই টিৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। অৱশ্যে ন্যায়াধীশ বি ভি নাগাৰাত্নাই সন্দেশখালি বিষয়টোক মণিপুৰৰ পৰিস্থিতিৰ সৈতে তুলনা নকৰিবলৈ অনুৰোধ জনাইছে।

ন্যায়াধীশ বি ভি নাগাৰাত্না আৰু আগষ্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে কয় যে কলিকতা উচ্চ ন্যায়ালয়ে ইতিমধ্যে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে, আৰু আবেদনকাৰীয়ে বিচৰা সকাহ প্ৰদান কৰিব পাৰে।

উল্লেখ্য সন্দেশখালিৰ একাধিক মহিলাই টিএমচিৰ কেইবাজনো নেতাৰ বিৰুদ্ধে ব যৌন শোষণ আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছিল। স্থানীয় জিলা পৰিষদৰ সদস্য শ্বেখ শ্বাহজাহান প্ৰধান দোষী বুলি মহিলাসকলে অভিযোগ উত্থাপন কৰে।

শ্বেখ শ্বাহজাহানে আত্মগোপন কৰাৰ পাছতে টিএমচিৰ নেতাসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ লৈ ওলাই আহে মহিলাকেইগৰাকী। সন্দেশখালিৰ শ্বাহজাহানৰ ঘৰলৈ গৈ থকা বলবৎকাৰী সঞ্চালকালয়ৰ এটা দলক জানুৱাৰী মাহত আক্ৰমণ কৰা হৈছিল, আৰু তেতিয়াৰ পৰাই তেওঁ পলাতক হৈ আছে৷তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক - শিবাপ্ৰসাদ হাজৰা আৰু উত্তম চৰ্দাৰ - যিসকলো টিএমচিৰ নেতা, আৰক্ষীয়ে অঞ্চলটোৰ মহিলাসকলৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰাৰ পাছত গ্ৰেপ্তাৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী