--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি থোৱা কোনো নতুন কথা নহয়। শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে ভৰি থলে ৰাজনীতি জগতত। 

জন্মস্থান হিমাচল প্ৰদেশৰ পৰা বিজেপি দলে লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক । জন্মস্থান মাণ্ডি সমষ্টিৰ পৰা শাসকীয় দলে টিকট প্ৰদান কৰে অভিনেত্ৰীগৰাকীক। প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁৰ সদায় চৰ্তহীন সমৰ্থন আছে।

জয়া ললিতা, জয়া প্ৰদা, জয়া বচ্চন, হেমা মালিনী আদিৰ খোজতে খোজ মিলাই আগবাঢ়ি আহিল কংগনা ৰাণাৱট। 

শেহতীয়াকৈ কংগনাৰ ছবিসমূহ দৰ্শকে আদৰি নোলোৱা হৈছে। তেওঁৰ ছবিসমূহ এতিয়া ফ্লপ। এনে সময়তে ৰাজনীতিত যোগ দিয়াটো সমীচিন হ’ব বুলি ভাবিলে অভিনেত্ৰীগৰাকীয়ে। 

বিগত কেইবাবছৰ ধৰি বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে।

বিজেপি চৰকাৰৰ সমৰ্থনত প্ৰায় সকলো কথাতে ৰাজহুৱাকৈ মন্তব্য কৰিছিল কংগনাই। দেশৰ কেইবাজনো বিৰোধী দলৰ নেতাক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰাৰ উপৰিও তেওঁলোকক ঠাট্টা-মস্কৰা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। যোৱা কেইদিনমানৰ পৰা শুনা গৈছিল যে এইগৰাকী অভিনেত্ৰী লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে। সেয়া এতিয়া সত্যত প্ৰমাণিত হ’ল।

এনেদৰে এদিন অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাইয়েও ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজনীতিত ভৰি দিয়াৰে পৰা আঙুৰলতাৰ অভিনয় কেৰিয়াৰ প্ৰায় শেষ হোৱা বুলিয়ে ক’ব পাৰি। 

বিজেপিৰ প্ৰথম চৰকাৰৰ আমোলত আঙুৰলতা ডেকা আছিল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা। এগৰাকী ক্ষমতাশালী বিজেপি নেত্ৰী। দ্বিতীয়বাৰ তেওঁ বিধায়ক হ'ব নোৱাৰিলে। পূৰ্বৰ সেই জনপ্ৰিয়তা আৰু ক্ষমতাও হেৰুৱালে।

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰাও আঙুৰলতাক অপসাৰিত কৰা হ’ল। এতিয়া তেওঁ পুনৰ অভিনয় জগতলৈ উভতি আহিলেও ৰাইজে আগৰ দৰে আদৰি নল’ব বুলি চৰ্চা চলি থাকে।

ৰাজনীতিৰ পথাৰত কংগনা ৰাণাৱটৰ অস্তিত্ব আঙুৰলতা ডেকাৰ দৰেই নিস্প্ৰভ আৰু নিস্তেজ হৈ পৰিব নেকি সেয়া সময়তহে হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু