--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত ভৰি থোৱা কোনো নতুন কথা নহয়। শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে ভৰি থলে ৰাজনীতি জগতত। 

জন্মস্থান হিমাচল প্ৰদেশৰ পৰা বিজেপি দলে লোকসভাৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক । জন্মস্থান মাণ্ডি সমষ্টিৰ পৰা শাসকীয় দলে টিকট প্ৰদান কৰে অভিনেত্ৰীগৰাকীক। প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতেই বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁৰ সদায় চৰ্তহীন সমৰ্থন আছে।

জয়া ললিতা, জয়া প্ৰদা, জয়া বচ্চন, হেমা মালিনী আদিৰ খোজতে খোজ মিলাই আগবাঢ়ি আহিল কংগনা ৰাণাৱট। 

শেহতীয়াকৈ কংগনাৰ ছবিসমূহ দৰ্শকে আদৰি নোলোৱা হৈছে। তেওঁৰ ছবিসমূহ এতিয়া ফ্লপ। এনে সময়তে ৰাজনীতিত যোগ দিয়াটো সমীচিন হ’ব বুলি ভাবিলে অভিনেত্ৰীগৰাকীয়ে। 

বিগত কেইবাবছৰ ধৰি বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে।

বিজেপি চৰকাৰৰ সমৰ্থনত প্ৰায় সকলো কথাতে ৰাজহুৱাকৈ মন্তব্য কৰিছিল কংগনাই। দেশৰ কেইবাজনো বিৰোধী দলৰ নেতাক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰাৰ উপৰিও তেওঁলোকক ঠাট্টা-মস্কৰা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। যোৱা কেইদিনমানৰ পৰা শুনা গৈছিল যে এইগৰাকী অভিনেত্ৰী লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে। সেয়া এতিয়া সত্যত প্ৰমাণিত হ’ল।

এনেদৰে এদিন অসমৰ জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাইয়েও ৰাজনীতিৰ পথাৰত ভৰি দিছিল। ৰাজনীতিত ভৰি দিয়াৰে পৰা আঙুৰলতাৰ অভিনয় কেৰিয়াৰ প্ৰায় শেষ হোৱা বুলিয়ে ক’ব পাৰি। 

বিজেপিৰ প্ৰথম চৰকাৰৰ আমোলত আঙুৰলতা ডেকা আছিল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা। এগৰাকী ক্ষমতাশালী বিজেপি নেত্ৰী। দ্বিতীয়বাৰ তেওঁ বিধায়ক হ'ব নোৱাৰিলে। পূৰ্বৰ সেই জনপ্ৰিয়তা আৰু ক্ষমতাও হেৰুৱালে।

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰাও আঙুৰলতাক অপসাৰিত কৰা হ’ল। এতিয়া তেওঁ পুনৰ অভিনয় জগতলৈ উভতি আহিলেও ৰাইজে আগৰ দৰে আদৰি নল’ব বুলি চৰ্চা চলি থাকে।

ৰাজনীতিৰ পথাৰত কংগনা ৰাণাৱটৰ অস্তিত্ব আঙুৰলতা ডেকাৰ দৰেই নিস্প্ৰভ আৰু নিস্তেজ হৈ পৰিব নেকি সেয়া সময়তহে হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী