--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দস্যু বীৰাপ্পানক মনত আছেনে? বীৰাপ্পান আছিল দক্ষিণ ভাৰতৰ চোৰাং ব্যৱসায়ী। অপৰাধেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল  বীৰাপ্পানে। কোৱা হয় যে শ শ মানুহ হত্যা কৰাৰ সমান্তৰালকৈ তেওঁ ২০০০ ৰো অধিক হাতী চিকাৰ কৰিছিল। হাতী চিকাৰ কৰাৰ পাছত তেওঁ হাতীবোৰৰ দাঁত চোৰাংভাৱে বিক্ৰী কৰিছিল। এটা সময়ত তেওঁৰ ভয়ত সমগ্ৰ দেশ কঁপি উঠিছিল। কৰ্ণাটক আৰু তামিলনাডুত মাফিয়া, ডকাইতি আৰু হত্যাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বীৰপ্পানে। পাছত তামিলনাডুৰ বিশেষ টাস্ক ফ’ৰ্চে বীৰাপ্পানক এনকাউন্টাৰ কৰে।

সেই বীৰাপ্পানৰে কন্যা বিদ্যাৰাণীয়ে খেলিবলৈ ওলাইছে লোকসভা নিৰ্বাচনত। ১৯ এপ্ৰিলত তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাগ্য পৰীক্ষা কৰিব কুখ্যাত চন্দন কাঠ সৰবৰাহকাৰী বীৰপ্পানৰ কন্যা বিদ্যা ৰাণীয়ে। কৃষ্ণগিৰি লোকসভাৰ আসনৰ পৰা তামিল নেচনেলিষ্ট পাৰ্টি অৱ নাম তামিঝাৰ কট্চি (এনটিচি)ৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিদ্যাৰাণীয়ে। পেছাত অধিবক্তা বিদ্যা ৰাণীয়ে ২০২০ চনৰ জুলাই মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াত তেওঁ তামিলনাডু বিজেপি যুৱ শাখাৰ উপ-সভাপতিৰ পদ লাভ কৰিছিল যদিও শেহতীয়াকৈ তেওঁ বিজেপি এৰি অভিনেতা-পৰিচালক সীমানৰ নেতৃত্বত এনটিকেত যোগদান কৰে।

৩৩ বছৰীয়া বিদ্যা ৰাণীয়ে কৃষ্ণগিৰিত এখন শিশু বিদ্যালয় চলাই আছে আৰু চহৰখনত পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম কৰাৰ বাবে বেংগালুৰুৰ সৈতে গভীৰ সম্পৰ্ক আছে। তামিলনাডু-কৰ্ণাটক সীমান্তৰ গোপীনাথামৰ ককাকৰ ঘৰত প্ৰথম আৰু শেষবাৰৰ বাবে পিতৃ বীৰাপ্পানক লগ পাইছিল বিদ্যাৰাণীয়ে। সেই সময়ত তেওঁ ক্লাছ থ্ৰীত পঢ়ি আছিল।

বিদ্যা ৰাণীয়ে কয় যে সেই সময়ত মই দেউতাৰ লগত প্ৰায় ৩০ মিনিট কথা পাতিছিলো আৰু সেই কথা-বতৰা এতিয়াও মোৰ মনত সতেজ হৈ আছে। তেওঁ মোক ধৰি লৈ চিকিৎসা বিজ্ঞান পঢ়ি ৰাইজৰ সেৱা কৰিবলৈ কৈছিল। তেওঁ মোক কষ্ট কৰি খ্যাতি অৰ্জন কৰিবলৈ কৈছিল। তেওঁৰ সেই কথাবোৰে মোক মোৰ জীৱনত আজি য’ত আছো তালৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী