--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দস্যু বীৰাপ্পানক মনত আছেনে? বীৰাপ্পান আছিল দক্ষিণ ভাৰতৰ চোৰাং ব্যৱসায়ী। অপৰাধেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল  বীৰাপ্পানে। কোৱা হয় যে শ শ মানুহ হত্যা কৰাৰ সমান্তৰালকৈ তেওঁ ২০০০ ৰো অধিক হাতী চিকাৰ কৰিছিল। হাতী চিকাৰ কৰাৰ পাছত তেওঁ হাতীবোৰৰ দাঁত চোৰাংভাৱে বিক্ৰী কৰিছিল। এটা সময়ত তেওঁৰ ভয়ত সমগ্ৰ দেশ কঁপি উঠিছিল। কৰ্ণাটক আৰু তামিলনাডুত মাফিয়া, ডকাইতি আৰু হত্যাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বীৰপ্পানে। পাছত তামিলনাডুৰ বিশেষ টাস্ক ফ’ৰ্চে বীৰাপ্পানক এনকাউন্টাৰ কৰে।

সেই বীৰাপ্পানৰে কন্যা বিদ্যাৰাণীয়ে খেলিবলৈ ওলাইছে লোকসভা নিৰ্বাচনত। ১৯ এপ্ৰিলত তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত ভাগ্য পৰীক্ষা কৰিব কুখ্যাত চন্দন কাঠ সৰবৰাহকাৰী বীৰপ্পানৰ কন্যা বিদ্যা ৰাণীয়ে। কৃষ্ণগিৰি লোকসভাৰ আসনৰ পৰা তামিল নেচনেলিষ্ট পাৰ্টি অৱ নাম তামিঝাৰ কট্চি (এনটিচি)ৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বিদ্যাৰাণীয়ে। পেছাত অধিবক্তা বিদ্যা ৰাণীয়ে ২০২০ চনৰ জুলাই মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। ইয়াত তেওঁ তামিলনাডু বিজেপি যুৱ শাখাৰ উপ-সভাপতিৰ পদ লাভ কৰিছিল যদিও শেহতীয়াকৈ তেওঁ বিজেপি এৰি অভিনেতা-পৰিচালক সীমানৰ নেতৃত্বত এনটিকেত যোগদান কৰে।

৩৩ বছৰীয়া বিদ্যা ৰাণীয়ে কৃষ্ণগিৰিত এখন শিশু বিদ্যালয় চলাই আছে আৰু চহৰখনত পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম কৰাৰ বাবে বেংগালুৰুৰ সৈতে গভীৰ সম্পৰ্ক আছে। তামিলনাডু-কৰ্ণাটক সীমান্তৰ গোপীনাথামৰ ককাকৰ ঘৰত প্ৰথম আৰু শেষবাৰৰ বাবে পিতৃ বীৰাপ্পানক লগ পাইছিল বিদ্যাৰাণীয়ে। সেই সময়ত তেওঁ ক্লাছ থ্ৰীত পঢ়ি আছিল।

বিদ্যা ৰাণীয়ে কয় যে সেই সময়ত মই দেউতাৰ লগত প্ৰায় ৩০ মিনিট কথা পাতিছিলো আৰু সেই কথা-বতৰা এতিয়াও মোৰ মনত সতেজ হৈ আছে। তেওঁ মোক ধৰি লৈ চিকিৎসা বিজ্ঞান পঢ়ি ৰাইজৰ সেৱা কৰিবলৈ কৈছিল। তেওঁ মোক কষ্ট কৰি খ্যাতি অৰ্জন কৰিবলৈ কৈছিল। তেওঁৰ সেই কথাবোৰে মোক মোৰ জীৱনত আজি য’ত আছো তালৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু