--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ প্ৰদেশ কংগ্ৰেছত বিসম্বাদৰ উকমুকনি৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিত দিশহাৰা হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ একাংশ নেতা৷

প্ৰদেশ কংগ্ৰেছৰ ভয়ানক ধুমুহাৰ উমান দি একাংশ নেতা সাজু হৈছে সভাপতি ভূপেন বৰাৰ হাতত সমুহীয়াকৈ পদত্যাগ পত্ৰ দিবলৈ। আনকি, এখোপ ওপৰলৈ গৈ সভাপতি ভূপেন বৰা কাৰ লগত আছে সেয়া স্পষ্ট কৰিবলৈ সকীয়াই দিছে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে।

যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে এইবাৰ গুৰি ধৰিছে বিসম্বাদৰ৷ বিজেপিৰে কংগ্ৰেছৰ নেতা-বিধায়কৰ গোপন সম্পৰ্কৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাণা গোস্বামীয়ে৷ আজি নগাঁৱত সাংবাদিকৰ সন্মুখত বিস্ফোৰণ ঘটাই গোস্বামীয়ে কয়, কংগ্ৰেছত দুই তাল মৰা নেতা নালাগে৷ কোনো বিধায়ক দলবিৰোধী কাৰ্যকলাপত জড়িত হ’লে দলে ব্যৱস্থা লওক৷

‘অমৃত কলহ’ত বিধায়কৰ অংশগ্ৰহণক লৈ দলীয় সমৰ্থক অসন্তুষ্ট বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে কয়, ৰাহুল গান্ধীৰ ওপৰত মোৰ বিশ্বাস আছে৷ ১১ অক্টোবৰত দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সভা আছে৷ তাতে বিষয়টো উত্থাপন কৰিম শীৰ্ষ নেতৃত্বৰ আগত৷ 

মূলতঃ অমৃত কলহে অন্তঃকলহ সৃষ্টি কৰিছে কংগ্ৰেছত৷ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই বিজেপিৰ অমৃত কলহ কাৰ্যসূচীত ভাগ লোৱাৰ পাছতেই ৰাণা গোস্বামীয়ে আজি নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজৰা পৰিলক্ষিত হয়৷

ইপিনে, কংগ্ৰেছৰ দলীয় বিষয়ত সৰব হৈছে সুযোগ সন্ধানী এআইইউডিএফ৷ আনহাতে, ৰাণা গোস্বামীয়ে কেন্দ্ৰীয় নেতৃত্বলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ভূপেন বৰাক শীৰ্ষ নেতৃত্বই মাতি পঠাইছে দিল্লীলৈ।

এতিয়া প্ৰশ্ন হয়, হঠাৎ কিয় দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে ৰাণা গোস্বামীয়ে? যিসময়ত ৰাজ্যত প্ৰতিষ্ঠানবিৰোধী ঢৌ সৰ্বাত্মক ৰূপত গঢ় লৈ উঠিছে, যিসময়ত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ একাংশ নেতা কংগ্ৰেছলৈ অহাৰ যো-জা চলাইছে, সেইসময়ত কংগ্ৰেছৰ একাংশ নেতাৰ এনে স্থিতি ৰহস্যজনক হিচাপে বিবেচিত হৈছে৷ চৰ্চালৈ আহিছে ভাস্কৰ বৰুৱা, ৰেকিবুদ্দিন আহমেদৰ স্থিতিও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ