--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আকৌ প্ৰদেশ কংগ্ৰেছত বিসম্বাদৰ উকমুকনি৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিত দিশহাৰা হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ একাংশ নেতা৷

প্ৰদেশ কংগ্ৰেছৰ ভয়ানক ধুমুহাৰ উমান দি একাংশ নেতা সাজু হৈছে সভাপতি ভূপেন বৰাৰ হাতত সমুহীয়াকৈ পদত্যাগ পত্ৰ দিবলৈ। আনকি, এখোপ ওপৰলৈ গৈ সভাপতি ভূপেন বৰা কাৰ লগত আছে সেয়া স্পষ্ট কৰিবলৈ সকীয়াই দিছে দলটোৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে।

যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে এইবাৰ গুৰি ধৰিছে বিসম্বাদৰ৷ বিজেপিৰে কংগ্ৰেছৰ নেতা-বিধায়কৰ গোপন সম্পৰ্কৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাণা গোস্বামীয়ে৷ আজি নগাঁৱত সাংবাদিকৰ সন্মুখত বিস্ফোৰণ ঘটাই গোস্বামীয়ে কয়, কংগ্ৰেছত দুই তাল মৰা নেতা নালাগে৷ কোনো বিধায়ক দলবিৰোধী কাৰ্যকলাপত জড়িত হ’লে দলে ব্যৱস্থা লওক৷

‘অমৃত কলহ’ত বিধায়কৰ অংশগ্ৰহণক লৈ দলীয় সমৰ্থক অসন্তুষ্ট বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে কয়, ৰাহুল গান্ধীৰ ওপৰত মোৰ বিশ্বাস আছে৷ ১১ অক্টোবৰত দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সভা আছে৷ তাতে বিষয়টো উত্থাপন কৰিম শীৰ্ষ নেতৃত্বৰ আগত৷ 

মূলতঃ অমৃত কলহে অন্তঃকলহ সৃষ্টি কৰিছে কংগ্ৰেছত৷ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই বিজেপিৰ অমৃত কলহ কাৰ্যসূচীত ভাগ লোৱাৰ পাছতেই ৰাণা গোস্বামীয়ে আজি নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজৰা পৰিলক্ষিত হয়৷

ইপিনে, কংগ্ৰেছৰ দলীয় বিষয়ত সৰব হৈছে সুযোগ সন্ধানী এআইইউডিএফ৷ আনহাতে, ৰাণা গোস্বামীয়ে কেন্দ্ৰীয় নেতৃত্বলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ভূপেন বৰাক শীৰ্ষ নেতৃত্বই মাতি পঠাইছে দিল্লীলৈ।

এতিয়া প্ৰশ্ন হয়, হঠাৎ কিয় দলীয় নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে ৰাণা গোস্বামীয়ে? যিসময়ত ৰাজ্যত প্ৰতিষ্ঠানবিৰোধী ঢৌ সৰ্বাত্মক ৰূপত গঢ় লৈ উঠিছে, যিসময়ত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ একাংশ নেতা কংগ্ৰেছলৈ অহাৰ যো-জা চলাইছে, সেইসময়ত কংগ্ৰেছৰ একাংশ নেতাৰ এনে স্থিতি ৰহস্যজনক হিচাপে বিবেচিত হৈছে৷ চৰ্চালৈ আহিছে ভাস্কৰ বৰুৱা, ৰেকিবুদ্দিন আহমেদৰ স্থিতিও৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু