--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শীঘ্ৰেই অনুষ্ঠিত হ’ব পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷নিৰ্বাচন আয়োগৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক জনোৱা মতে, পাঁচখন ৰাজ্য -- ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ দিন ৮ৰ পৰা ১০ অক্টোবৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।ৰাজস্থান, মধ্যপ্ৰদেশ, মিজোৰাম আৰু তেলেংগানাই ২০১৮ চনৰ নিৰ্বাচনৰ দৰে একক পৰ্যায়ত ভোটদান কৰিব পাৰে বুলি ইচিৰ সূত্ৰই প্ৰকাশ কৰিছে।

ছত্তীশগড়তো ২০১৮ চনত যেনেদৰে ভোটগ্ৰহণ হৈছিল তাৰ দৰেই দুটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ সম্ভাৱনা আছে বুলিও নিৰ্বাচন আয়োগৰ সূত্ৰই লগতে উল্লেখ কৰে৷চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত শেষ হ’ব মিজোৰামৰ বিধানসভাৰ কাৰ্যকাল। উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপিৰ মিত্ৰদল মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) ক্ষমতাত আছে। তেলেংগানা, ৰাজস্থান, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ জানুৱাৰী মাহত বিভিন্ন তাৰিখত সমাপ্ত হব।

কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতিৰ তেলেংগানাত চৰকাৰ থকাৰ বিপৰীতে মধ্যপ্ৰদেশত বিজেপিয়ে শাসন কৰে।ইপিনে ছত্তীশগড় আৰু ৰাজস্থানত আছে কংগ্ৰেছ চৰকাৰ।পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্বে ইচিয়ে ৰাজস্থান, মিজোৰাম, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তীশগড়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লৈছে।

নিৰ্বাচনী কচৰৎ সুচাৰুৰূপে চলোৱাৰ কৌশল চূড়ান্ত কৰিবলৈ শুকুৰবাৰে পৰ্যবেক্ষকৰ বৈঠক আহ্বান কৰিছে  সংস্থাটোৱে।ইচিৰ আৰক্ষী, সাধাৰণ আৰু ব্যয় পৰ্যবেক্ষকৰ দিনজোৰা বৈঠকৰ লক্ষ্য হৈছে মডেল ক’ড যাতে ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰা হয়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু