--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত শীঘ্ৰেই অনুষ্ঠিত হ’ব পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷নিৰ্বাচন আয়োগৰ এক সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডেক জনোৱা মতে, পাঁচখন ৰাজ্য -- ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ দিন ৮ৰ পৰা ১০ অক্টোবৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে।

নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।ৰাজস্থান, মধ্যপ্ৰদেশ, মিজোৰাম আৰু তেলেংগানাই ২০১৮ চনৰ নিৰ্বাচনৰ দৰে একক পৰ্যায়ত ভোটদান কৰিব পাৰে বুলি ইচিৰ সূত্ৰই প্ৰকাশ কৰিছে।

ছত্তীশগড়তো ২০১৮ চনত যেনেদৰে ভোটগ্ৰহণ হৈছিল তাৰ দৰেই দুটা পৰ্যায়ত ভোটগ্ৰহণ হোৱাৰ সম্ভাৱনা আছে বুলিও নিৰ্বাচন আয়োগৰ সূত্ৰই লগতে উল্লেখ কৰে৷চলিত বৰ্ষৰ ১৭ ডিচেম্বৰত শেষ হ’ব মিজোৰামৰ বিধানসভাৰ কাৰ্যকাল। উত্তৰ-পূবৰ ৰাজ্যখনত বিজেপিৰ মিত্ৰদল মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) ক্ষমতাত আছে। তেলেংগানা, ৰাজস্থান, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ জানুৱাৰী মাহত বিভিন্ন তাৰিখত সমাপ্ত হব।

কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতিৰ তেলেংগানাত চৰকাৰ থকাৰ বিপৰীতে মধ্যপ্ৰদেশত বিজেপিয়ে শাসন কৰে।ইপিনে ছত্তীশগড় আৰু ৰাজস্থানত আছে কংগ্ৰেছ চৰকাৰ।পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পূৰ্বে ইচিয়ে ৰাজস্থান, মিজোৰাম, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ছত্তীশগড়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লৈছে।

নিৰ্বাচনী কচৰৎ সুচাৰুৰূপে চলোৱাৰ কৌশল চূড়ান্ত কৰিবলৈ শুকুৰবাৰে পৰ্যবেক্ষকৰ বৈঠক আহ্বান কৰিছে  সংস্থাটোৱে।ইচিৰ আৰক্ষী, সাধাৰণ আৰু ব্যয় পৰ্যবেক্ষকৰ দিনজোৰা বৈঠকৰ লক্ষ্য হৈছে মডেল ক’ড যাতে ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰা হয়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement