--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতত জৰ্জৰিত হৈ পৰিছে মহেন্দ্ৰ সিং ধোনি। চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক লৈ সেয়ে এতিয়া চৰ্চা চলিছে- আই পি এলৰ বাকী থকা মেচসমূহ তেওঁ খেলিব পাৰিবনে? চিন্তিত হৈ পৰিছে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীসকল।

বুধবাৰে ৰাজস্থান ৰয়েলছৰ খেলখনৰ পিছতে চি এছ কে কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰে। তাত ধোনীক আঘাতপ্ৰাপ্ত লোকৰ দৰে খোজকাঢ়ি যোৱা দেখা গ’ল।

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে আঁঠুৰ আঘাতত ভুগিয়েই আই পি এল খেলি আছে। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়ে তেওঁক লৈ উদ্বেগ স্বীকাৰ কৰিছে।

তেওঁ ক’লে, “ধোনিৰ আঁঠুৰ আঘাত হৈছে। তেওঁৰ খোজ নিৰীক্ষণ কৰিলেহে বুজা যায়। ধোনী স্বাভাৱিক ছন্দত খোজ কাঢ়িব পৰা নাই। যদিও তেওঁৰ ফিটনেছ এজন পেছাদাৰীৰ দৰে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ প্ৰায় এমাহ আগতে ইয়ালৈ আহিছিল। তাৰ আগতে ৰাঁচীত কিছুদিন নেট অনুশীলন কৰিছিল। প্ৰি-ছিজন প্ৰশিক্ষণৰ অন্তত আই পি এল খেলিবলৈ আহিছে ধোনীয়ে।’’

ফ্লেমিংয়ে ক’লে, “ধোনিয়ে নিজকে মেচ ফিট হ’বলৈ প্ৰস্তুত কৰে। সকলোৱে দেখিছে যে ধোনীয়ে যথেষ্ট ভাল খেলি আছে। তেওঁৰ প্ৰস্তুতি আৰু দৃষ্টিভংগীৰ ওপৰত আমি সদায় আত্মবিশ্বাসী।’’

আই পি এলৰ বাবে সাজু হোৱাৰ সময়তে ধোনীয়ে হামষ্ট্ৰিঙৰ আঘাত পাইছিল। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে তেনেদৰেই খেলিছে। ধোনিৰ আঘাতক লৈও বেছি চিন্তিত নহয় ফ্লেমিং। যন্ত্ৰণাত ভুগিলেও ৪১ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকীৰ আঘাত গুৰুতৰ নহয়। খেলিবলৈ তেওঁৰ কোনো সমস্যা নাথাকিব বুলিয়ে ভাবে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে