--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘাতত জৰ্জৰিত হৈ পৰিছে মহেন্দ্ৰ সিং ধোনি। চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীক লৈ সেয়ে এতিয়া চৰ্চা চলিছে- আই পি এলৰ বাকী থকা মেচসমূহ তেওঁ খেলিব পাৰিবনে? চিন্তিত হৈ পৰিছে চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীসকল।

বুধবাৰে ৰাজস্থান ৰয়েলছৰ খেলখনৰ পিছতে চি এছ কে কৰ্তৃপক্ষই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰে। তাত ধোনীক আঘাতপ্ৰাপ্ত লোকৰ দৰে খোজকাঢ়ি যোৱা দেখা গ’ল।

ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে আঁঠুৰ আঘাতত ভুগিয়েই আই পি এল খেলি আছে। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়ে তেওঁক লৈ উদ্বেগ স্বীকাৰ কৰিছে।

তেওঁ ক’লে, “ধোনিৰ আঁঠুৰ আঘাত হৈছে। তেওঁৰ খোজ নিৰীক্ষণ কৰিলেহে বুজা যায়। ধোনী স্বাভাৱিক ছন্দত খোজ কাঢ়িব পৰা নাই। যদিও তেওঁৰ ফিটনেছ এজন পেছাদাৰীৰ দৰে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ প্ৰায় এমাহ আগতে ইয়ালৈ আহিছিল। তাৰ আগতে ৰাঁচীত কিছুদিন নেট অনুশীলন কৰিছিল। প্ৰি-ছিজন প্ৰশিক্ষণৰ অন্তত আই পি এল খেলিবলৈ আহিছে ধোনীয়ে।’’

ফ্লেমিংয়ে ক’লে, “ধোনিয়ে নিজকে মেচ ফিট হ’বলৈ প্ৰস্তুত কৰে। সকলোৱে দেখিছে যে ধোনীয়ে যথেষ্ট ভাল খেলি আছে। তেওঁৰ প্ৰস্তুতি আৰু দৃষ্টিভংগীৰ ওপৰত আমি সদায় আত্মবিশ্বাসী।’’

আই পি এলৰ বাবে সাজু হোৱাৰ সময়তে ধোনীয়ে হামষ্ট্ৰিঙৰ আঘাত পাইছিল। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে তেনেদৰেই খেলিছে। ধোনিৰ আঘাতক লৈও বেছি চিন্তিত নহয় ফ্লেমিং। যন্ত্ৰণাত ভুগিলেও ৪১ বছৰীয়া উইকেটকীপাৰ বেটছমেনগৰাকীৰ আঘাত গুৰুতৰ নহয়। খেলিবলৈ তেওঁৰ কোনো সমস্যা নাথাকিব বুলিয়ে ভাবে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ