--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিনিয়োগ কোম্পানীৰ দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ অভিযোগ উঠিছে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, তেওঁ সেই কোম্পানীটোৰ বিজ্ঞাপনৰ মুখ আছিল। কোম্পানীটোৰ বহু অনুষ্ঠানত ছানিয়া আছিল মধ্যমণি । অভিযোগ উত্থাপন হৈছে যে তেওঁক দেখাৰ পিছত বহু লোকে তাত টকা ৰাখিছিল। কিন্তু দুৰ্নীতিত সোমাই পৰিছে কোম্পানীটো। গতিকে ছানিয়াৰ বিৰুদ্ধে তদন্তৰ বাবে বলবৎকাৰী সঞ্চালকালয় (ইডি)ত এজাহাৰ দাখিল কৰা হৈছে। এই খবৰ প্ৰকাশ কৰিছে "নেচনেল হেৰাল্ড" কাকতে।

বিনিয়োগ কোম্পানীটোৰ নাম ‘Qnet’। দীৰ্ঘদিন ধৰি তেলেংগানাত কোম্পানীটোৱে ব্যৱসায় কৰি আহিছে। অভিযোগ কৰা হৈছে যে তেওঁলোকে দেশৰ পৰা মালয়েছিয়ালৈ চোৰাং ধন সৰবৰাহ কৰিছে। বহুতো বিনিয়োগকাৰীয়ে ধন হেৰুৱাইছে। তেওঁলোকৰ বাবে যুঁজিছে ‘ফাইনেন্সিয়েল ফ্ৰড ভিক্টিমছ ৱেলফেয়াৰ লিমিটেড’ নামৰ এটা বেচৰকাৰী সংস্থাই। এই সন্দৰ্ভত তেওঁলোকে যোৱা ৪ এপ্ৰিলত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক এখন আৱেদন দাখিল কৰিছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছে।

সংগঠনটোৰ এগৰাকী বিষয়া গুৰুপ্ৰীত সিং আনন্দই কয় যে, “ক্ৰীড়া জগতত ছানিয়া ডাঙৰ নাম। গতিকে যেতিয়া তেওঁ সেই বিনিয়োগ কোম্পানীটোৰ বাবে প্ৰচাৰ চলাইছিল, তেতিয়া বহুতে তাত টকা ৰাখিছিল। সেই কোম্পানীটোৰ মূল শাখাটো মালয়েছিয়াত। কৰা হৈছে। ঘটনা সন্দৰ্ভত ইডিয়ে তদন্ত আৰম্ভ কৰিছে।

গুৰপ্ৰীতে অভিযোগ কৰিছিল যে ছানিয়াই সেই বিনিয়োগ কোম্পানীটোৰ পৰা সুবিধা লৈছিল। গতিকে তেওঁৰ বিৰুদ্ধে তদন্ত হ’ব লাগে। তেওঁ কয়, "সনীয়াই সংগঠনটোৰ প্ৰচাৰৰ বাবে বহিঃৰাজ্যলৈ গৈছিল। বহু অনুষ্ঠানত অংশ লৈছিল। ছানিয়াই ভ্ৰমণ, হোটেলৰ ভাড়া, প্ৰমোচনৰ বাবে টকা লৈছিল। যদি অভিযোগ আছে তেন্তে তেওঁৰ বিৰুদ্ধে তদন্ত হ’ব লাগে। আমি সেই অনুৰোধ ইডিক কৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ