--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিনিয়োগ কোম্পানীৰ দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ অভিযোগ উঠিছে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, তেওঁ সেই কোম্পানীটোৰ বিজ্ঞাপনৰ মুখ আছিল। কোম্পানীটোৰ বহু অনুষ্ঠানত ছানিয়া আছিল মধ্যমণি । অভিযোগ উত্থাপন হৈছে যে তেওঁক দেখাৰ পিছত বহু লোকে তাত টকা ৰাখিছিল। কিন্তু দুৰ্নীতিত সোমাই পৰিছে কোম্পানীটো। গতিকে ছানিয়াৰ বিৰুদ্ধে তদন্তৰ বাবে বলবৎকাৰী সঞ্চালকালয় (ইডি)ত এজাহাৰ দাখিল কৰা হৈছে। এই খবৰ প্ৰকাশ কৰিছে "নেচনেল হেৰাল্ড" কাকতে।

বিনিয়োগ কোম্পানীটোৰ নাম ‘Qnet’। দীৰ্ঘদিন ধৰি তেলেংগানাত কোম্পানীটোৱে ব্যৱসায় কৰি আহিছে। অভিযোগ কৰা হৈছে যে তেওঁলোকে দেশৰ পৰা মালয়েছিয়ালৈ চোৰাং ধন সৰবৰাহ কৰিছে। বহুতো বিনিয়োগকাৰীয়ে ধন হেৰুৱাইছে। তেওঁলোকৰ বাবে যুঁজিছে ‘ফাইনেন্সিয়েল ফ্ৰড ভিক্টিমছ ৱেলফেয়াৰ লিমিটেড’ নামৰ এটা বেচৰকাৰী সংস্থাই। এই সন্দৰ্ভত তেওঁলোকে যোৱা ৪ এপ্ৰিলত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক এখন আৱেদন দাখিল কৰিছিল। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছে।

সংগঠনটোৰ এগৰাকী বিষয়া গুৰুপ্ৰীত সিং আনন্দই কয় যে, “ক্ৰীড়া জগতত ছানিয়া ডাঙৰ নাম। গতিকে যেতিয়া তেওঁ সেই বিনিয়োগ কোম্পানীটোৰ বাবে প্ৰচাৰ চলাইছিল, তেতিয়া বহুতে তাত টকা ৰাখিছিল। সেই কোম্পানীটোৰ মূল শাখাটো মালয়েছিয়াত। কৰা হৈছে। ঘটনা সন্দৰ্ভত ইডিয়ে তদন্ত আৰম্ভ কৰিছে।

গুৰপ্ৰীতে অভিযোগ কৰিছিল যে ছানিয়াই সেই বিনিয়োগ কোম্পানীটোৰ পৰা সুবিধা লৈছিল। গতিকে তেওঁৰ বিৰুদ্ধে তদন্ত হ’ব লাগে। তেওঁ কয়, "সনীয়াই সংগঠনটোৰ প্ৰচাৰৰ বাবে বহিঃৰাজ্যলৈ গৈছিল। বহু অনুষ্ঠানত অংশ লৈছিল। ছানিয়াই ভ্ৰমণ, হোটেলৰ ভাড়া, প্ৰমোচনৰ বাবে টকা লৈছিল। যদি অভিযোগ আছে তেন্তে তেওঁৰ বিৰুদ্ধে তদন্ত হ’ব লাগে। আমি সেই অনুৰোধ ইডিক কৰিছো।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে