--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ান প্ৰদেশৰ এক কাণ্ডই আজিৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এজন লোকে নিজৰ জীৱনলৈ ঘূৰি আহিবলৈ ২১ ঘণ্টা ধৰি প্ৰাক্তন প্ৰেমিকাক অনুৰোধ কৰাৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে৷চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ান প্ৰদেশৰ ডাঝৌত থকা মহিলাগৰাকীৰ কাৰ্যালয় ভৱনৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ২৮ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ১০ বজালৈকে ডাঙৰ ডাঙৰ গোলাপৰ গুচ্ছ লৈ আঁঠু লৈছিল। এতিয়াও চিনাক্ত নোহোৱা এই লোকজনে অত্যন্ত ঠাণ্ডা আৰু বৰষুণৰ সন্মুখীন হৈ কাৰ্যালয়ৰ বাহিৰত বহি থাকিল বুলি চাউথ চাইনা মৰ্নিং পোষ্টে প্ৰকাশ কৰিছে৷

 চীনৰ ভিডিঅ’ মিডিয়া জিউপাই নিউজৰ মতে তেওঁৰ চাৰিওফালে সমবেত হোৱা বাসিন্দাসকলে লোকজনক নিজৰ প্ৰচেষ্টা ত্যাগ কৰিবলৈ আহ্বান জনায়। কিছুদিন পূৰ্বে তেওঁৰ প্ৰাক্তন প্ৰেয়সীয়ে ব্ৰেকআপ কৰা বুলি উল্লেখ কৰি তেওঁ ক্ষমা বিচাৰিছিল বুলি কয়। আৰক্ষী বিষয়াসকলেও ঘটনাস্থলীত উপস্থিত হৈ চেষ্টা ত্যাগ কৰিবলৈ আহ্বান জনায় যদিও তেওঁ তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এনে প্ৰেমবিৰোধী মনোভাৱ দেখাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক প্ৰাক্তন প্ৰেমিকাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

 প্ৰেমত পৰিলে মানুহে চৰম পৰ্যায়লৈ যোৱাৰ ঘটনাও বিগত সময়ত দেখা গৈছে। ২০২১ চনত ছিংগাপুৰৰ এজন লোকে মানি ল’ব পৰা নাছিল যে তেওঁৰ প্ৰেমিকা তেওঁৰ সৈতে ব্ৰেকআপ কৰিছিল। টুডে অনলাইন পৰ্টেলত প্ৰকাশ পোৱা অনুসৰি লোকজনে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক ভাবুকি দিছিল যে যদিহে তেওঁক আৰু ৩৬০ ঘণ্টাৰ সংগ নিদিয়ে তেন্তে তেওঁলোকৰ অন্তৰংগ ফটো অনলাইনত শ্বেয়াৰ কৰিব। ভাবুকি দিয়াৰ পাছত মহিলাগৰাকীয়ে এই দাবীত সন্মতি দিয়ে। পৰ্টেলত প্ৰকাশ পোৱাৰ দৰে মানুহজনে পাছৰ দুবছৰ ধৰি প্ৰেমিকৰ দৰে কাম কৰি থাকিল আৰু ইমানেই আধিপত্য বিস্তাৰ কৰিছিল যে তাইৰ আত্মহত্যাৰ প্ৰৱণতা আছিল। খবৰ অনুসৰি আনকি তেওঁ তাইৰ কামৰ বিষয়ে দিয়া স্পৰ্শকাতৰ ক্লায়েণ্ট ডাটা পোষ্ট কৰিবলৈও তাইৰ ফেচবুক একাউণ্টত ব্যক্তিজনে প্ৰৱেশ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস