--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ান প্ৰদেশৰ এক কাণ্ডই আজিৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। এজন লোকে নিজৰ জীৱনলৈ ঘূৰি আহিবলৈ ২১ ঘণ্টা ধৰি প্ৰাক্তন প্ৰেমিকাক অনুৰোধ কৰাৰ ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে৷চীনৰ দক্ষিণ-পশ্চিম ছিচুয়ান প্ৰদেশৰ ডাঝৌত থকা মহিলাগৰাকীৰ কাৰ্যালয় ভৱনৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ২৮ মাৰ্চৰ দুপৰীয়া ১ বজাৰ পৰা পিছদিনা পুৱা ১০ বজালৈকে ডাঙৰ ডাঙৰ গোলাপৰ গুচ্ছ লৈ আঁঠু লৈছিল। এতিয়াও চিনাক্ত নোহোৱা এই লোকজনে অত্যন্ত ঠাণ্ডা আৰু বৰষুণৰ সন্মুখীন হৈ কাৰ্যালয়ৰ বাহিৰত বহি থাকিল বুলি চাউথ চাইনা মৰ্নিং পোষ্টে প্ৰকাশ কৰিছে৷

 চীনৰ ভিডিঅ’ মিডিয়া জিউপাই নিউজৰ মতে তেওঁৰ চাৰিওফালে সমবেত হোৱা বাসিন্দাসকলে লোকজনক নিজৰ প্ৰচেষ্টা ত্যাগ কৰিবলৈ আহ্বান জনায়। কিছুদিন পূৰ্বে তেওঁৰ প্ৰাক্তন প্ৰেয়সীয়ে ব্ৰেকআপ কৰা বুলি উল্লেখ কৰি তেওঁ ক্ষমা বিচাৰিছিল বুলি কয়। আৰক্ষী বিষয়াসকলেও ঘটনাস্থলীত উপস্থিত হৈ চেষ্টা ত্যাগ কৰিবলৈ আহ্বান জনায় যদিও তেওঁ তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এনে প্ৰেমবিৰোধী মনোভাৱ দেখাৰ পিছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক প্ৰাক্তন প্ৰেমিকাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

 প্ৰেমত পৰিলে মানুহে চৰম পৰ্যায়লৈ যোৱাৰ ঘটনাও বিগত সময়ত দেখা গৈছে। ২০২১ চনত ছিংগাপুৰৰ এজন লোকে মানি ল’ব পৰা নাছিল যে তেওঁৰ প্ৰেমিকা তেওঁৰ সৈতে ব্ৰেকআপ কৰিছিল। টুডে অনলাইন পৰ্টেলত প্ৰকাশ পোৱা অনুসৰি লোকজনে তেওঁৰ প্ৰাক্তন প্ৰেমিকাক ভাবুকি দিছিল যে যদিহে তেওঁক আৰু ৩৬০ ঘণ্টাৰ সংগ নিদিয়ে তেন্তে তেওঁলোকৰ অন্তৰংগ ফটো অনলাইনত শ্বেয়াৰ কৰিব। ভাবুকি দিয়াৰ পাছত মহিলাগৰাকীয়ে এই দাবীত সন্মতি দিয়ে। পৰ্টেলত প্ৰকাশ পোৱাৰ দৰে মানুহজনে পাছৰ দুবছৰ ধৰি প্ৰেমিকৰ দৰে কাম কৰি থাকিল আৰু ইমানেই আধিপত্য বিস্তাৰ কৰিছিল যে তাইৰ আত্মহত্যাৰ প্ৰৱণতা আছিল। খবৰ অনুসৰি আনকি তেওঁ তাইৰ কামৰ বিষয়ে দিয়া স্পৰ্শকাতৰ ক্লায়েণ্ট ডাটা পোষ্ট কৰিবলৈও তাইৰ ফেচবুক একাউণ্টত ব্যক্তিজনে প্ৰৱেশ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল