--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰি এতিয়া খেলুৱৈসকলে বিভিন্ন দেশৰ টি-২০ লীগত খেলিবলৈ অধিক আগ্ৰহী নেকি? এলেক্স হেলছৰ অৱসৰ লোৱাৰ সিদ্ধান্তই এই প্ৰশ্নটো আকৌ এবাৰ উত্থাপন কৰিছে। ইংলেণ্ডৰ হোৱাইট বল অ’পেনাৰগৰাকীয়ে শুকুৰবাৰে অৱসৰৰ কথা ঘোষণা কৰে। ৩৪ বছৰ বয়সত তেওঁৰ এই সিদ্ধান্তই ক্ৰিকেট প্ৰেমীক আচৰিত কৰি তুলিছে।

টি-২০ বিশ্বকাপবিজয়ী হেলেছে শেষবাৰৰ বাবে যোৱা বছৰৰ নৱেম্বৰ মাহত ইংলেণ্ডৰ হৈ খেলিছিল।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈ হেলেছে কয়- ''দেশৰ হৈ ১৫৬খন মেচ খেলাৰ সুযোগ পাইছিলোঁ। মোৰ বাবে গৌৰৱৰ বিষয়। আজীৱন মোৰ লগত থাকিব পৰা বন্ধু কেইজনমান পাইছো। মই ভাবো এইটোৱেই অৱসৰৰ সৰ্বোত্তম সময়।”

ইংলেণ্ডৰ জাৰ্চি পিন্ধি হেলছৰ শেষ মেচ আছিল যোৱা বছৰৰ টি-২০ বিশ্বকাপৰ ফাইনেল। হেলেছে কয়, ‘ইংলেণ্ডৰ জাৰ্চিত যিমানেই সফলতা লাভ কৰিছো, সিমানেই মোৰ বহুত বেয়া সময়ো পাৰ হৈছে। এটা কথা মই মনত ৰাখিম যে ইংলেণ্ডৰ হৈ মোৰ শেষ মেচ আছিল বিশ্বকাপৰ ফাইনেল। আমি সেইটো জিকিলোঁ।"

হেলছে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। কলকাতা নাইট ৰাইডাৰ্ছ দলত বাছি লোৱা হৈছিল যদিও পিছত মানসিক সমস্যাৰ বাবে নাম প্ৰত্যাহাৰ কৰে। ইয়াৰ উপৰিও হেলছক বিভিন্ন দেশৰ টি-২০ লীগত খেলা দেখা যায়।

ইংলেণ্ডৰ হৈ হেলছে ১১ খন টেষ্টত ৫৭৩ ৰাণ, ৭০ খন এদিনীয়াত ২,৪১৯ ৰাণ আৰু ৭৫খন টি-২০ মেচত ২,০৭৪ ৰাণ সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ