--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰি এতিয়া খেলুৱৈসকলে বিভিন্ন দেশৰ টি-২০ লীগত খেলিবলৈ অধিক আগ্ৰহী নেকি? এলেক্স হেলছৰ অৱসৰ লোৱাৰ সিদ্ধান্তই এই প্ৰশ্নটো আকৌ এবাৰ উত্থাপন কৰিছে। ইংলেণ্ডৰ হোৱাইট বল অ’পেনাৰগৰাকীয়ে শুকুৰবাৰে অৱসৰৰ কথা ঘোষণা কৰে। ৩৪ বছৰ বয়সত তেওঁৰ এই সিদ্ধান্তই ক্ৰিকেট প্ৰেমীক আচৰিত কৰি তুলিছে।

টি-২০ বিশ্বকাপবিজয়ী হেলেছে শেষবাৰৰ বাবে যোৱা বছৰৰ নৱেম্বৰ মাহত ইংলেণ্ডৰ হৈ খেলিছিল।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈ হেলেছে কয়- ''দেশৰ হৈ ১৫৬খন মেচ খেলাৰ সুযোগ পাইছিলোঁ। মোৰ বাবে গৌৰৱৰ বিষয়। আজীৱন মোৰ লগত থাকিব পৰা বন্ধু কেইজনমান পাইছো। মই ভাবো এইটোৱেই অৱসৰৰ সৰ্বোত্তম সময়।”

ইংলেণ্ডৰ জাৰ্চি পিন্ধি হেলছৰ শেষ মেচ আছিল যোৱা বছৰৰ টি-২০ বিশ্বকাপৰ ফাইনেল। হেলেছে কয়, ‘ইংলেণ্ডৰ জাৰ্চিত যিমানেই সফলতা লাভ কৰিছো, সিমানেই মোৰ বহুত বেয়া সময়ো পাৰ হৈছে। এটা কথা মই মনত ৰাখিম যে ইংলেণ্ডৰ হৈ মোৰ শেষ মেচ আছিল বিশ্বকাপৰ ফাইনেল। আমি সেইটো জিকিলোঁ।"

হেলছে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। কলকাতা নাইট ৰাইডাৰ্ছ দলত বাছি লোৱা হৈছিল যদিও পিছত মানসিক সমস্যাৰ বাবে নাম প্ৰত্যাহাৰ কৰে। ইয়াৰ উপৰিও হেলছক বিভিন্ন দেশৰ টি-২০ লীগত খেলা দেখা যায়।

ইংলেণ্ডৰ হৈ হেলছে ১১ খন টেষ্টত ৫৭৩ ৰাণ, ৭০ খন এদিনীয়াত ২,৪১৯ ৰাণ আৰু ৭৫খন টি-২০ মেচত ২,০৭৪ ৰাণ সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু