--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰ বয়সত ইতিহাস ৰচনা কৰিলে অদিতি গোপিচন্দ স্বামীয়ে। তেওঁ ধনুৰ্বিদ্যাৰ বিশ্ব চেম্পিয়ন হয়। অদিতিয়ে ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন হিচাপে ইতিহাস ৰচনা কৰিছে।। মেক্সিকোৰ আন্দ্ৰেয়া বেকেৰাক পৰাস্ত কৰে। অদিতিয়ে ১৪৯-১৪৭ ব্যৱধানত জয়লাভ কৰে। যোৱা মাহত তেওঁ যুৱ বিশ্ব চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল।

ভাৰতীয় মহিলা দলটোৱে শুকুৰবাৰে কম্পাউণ্ড বিভাগত স্বৰ্ণ পদক লাভ কৰে। ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও ধনুৰ্বিদ দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰা নাই। সেই দলটোত অদিতিও আছিল। তেওঁৰ উপৰিও ভাৰতীয় দলটোত জ্যোতি সুৰেখা ভেন্নাম আৰু পাৰ্নীত কৌৰ আছিল। ফাইনেলত তেওঁলোকে মেক্সিকোক ২৩৫-২২৯ গ’লত পৰাস্ত কৰে। ব্যক্তিগত শাখাতো এইবাৰ অদিতিয়ে স্বৰ্ণ পদক লাভ কৰে।

অদিতিয়ে ১১ বছৰ বয়সত ধনুৰ্বিদ্যা আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ আৰ্চাৰী বিশ্বকাপত ১৮ বছৰ অনুৰ্ধ শাখাত অভিলেখ গঢ়িছিল। ৭২০ পইণ্টৰ ভিতৰত ৭১১ পইণ্ট লাভ কৰে। আমেৰিকাৰ লিকা আৰেওলাক ৬ পইণ্টেৰে পৰাস্ত কৰে অদিতিয়ে। যোৱা মাহত যুৱ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল। ভাৰতৰ পৰা সোণৰ পদক লাভ কৰা চতুৰ্থগৰাকী ছোৱালী হিচাপে পৰিগণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক