--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ বছৰ বয়সত ইতিহাস ৰচনা কৰিলে অদিতি গোপিচন্দ স্বামীয়ে। তেওঁ ধনুৰ্বিদ্যাৰ বিশ্ব চেম্পিয়ন হয়। অদিতিয়ে ভাৰতৰ প্ৰথম বিশ্ব চেম্পিয়ন হিচাপে ইতিহাস ৰচনা কৰিছে।। মেক্সিকোৰ আন্দ্ৰেয়া বেকেৰাক পৰাস্ত কৰে। অদিতিয়ে ১৪৯-১৪৭ ব্যৱধানত জয়লাভ কৰে। যোৱা মাহত তেওঁ যুৱ বিশ্ব চেম্পিয়নশ্বিপত জয়লাভ কৰিছিল।

ভাৰতীয় মহিলা দলটোৱে শুকুৰবাৰে কম্পাউণ্ড বিভাগত স্বৰ্ণ পদক লাভ কৰে। ভাৰতে ইয়াৰ পূৰ্বে কেতিয়াও ধনুৰ্বিদ দলীয় ইভেণ্টত সোণৰ পদক লাভ কৰা নাই। সেই দলটোত অদিতিও আছিল। তেওঁৰ উপৰিও ভাৰতীয় দলটোত জ্যোতি সুৰেখা ভেন্নাম আৰু পাৰ্নীত কৌৰ আছিল। ফাইনেলত তেওঁলোকে মেক্সিকোক ২৩৫-২২৯ গ’লত পৰাস্ত কৰে। ব্যক্তিগত শাখাতো এইবাৰ অদিতিয়ে স্বৰ্ণ পদক লাভ কৰে।

অদিতিয়ে ১১ বছৰ বয়সত ধনুৰ্বিদ্যা আৰম্ভ কৰিছিল। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ আৰ্চাৰী বিশ্বকাপত ১৮ বছৰ অনুৰ্ধ শাখাত অভিলেখ গঢ়িছিল। ৭২০ পইণ্টৰ ভিতৰত ৭১১ পইণ্ট লাভ কৰে। আমেৰিকাৰ লিকা আৰেওলাক ৬ পইণ্টেৰে পৰাস্ত কৰে অদিতিয়ে। যোৱা মাহত যুৱ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰিছিল। ভাৰতৰ পৰা সোণৰ পদক লাভ কৰা চতুৰ্থগৰাকী ছোৱালী হিচাপে পৰিগণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ