--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অস্কাৰৰ দৌৰত নামিছে ইমন চক্ৰৱৰ্তী। ২০২৫ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হ’ব একাডেমী বঁটা। চূড়ান্ত পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়া চলি আছে। এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ৮৯টা গীত আৰু ১৪৬টা এম্বিয়েণ্ট মিউজিক নিৰ্বাচিত কৰা হৈছে। প্ৰথমবাৰৰ বাবে বঙালী কণ্ঠশিল্পীৰ এটি গীতে অস্কাৰৰ দৌৰত যোগদান কৰিছে। ইন্দিৰা ধৰ মুখাৰ্জীৰ পৰিচালনাত নিৰ্মিত ‘পুতুল’ ছবিৰ ‘ইতি মা’ গীতটোৱে এই তালিকাত স্থান লাভ কৰিছে।

সংবাদ মাধ্যমৰ যোগেদি তেওঁ কয়, "এই খবৰটো পাই মই স্বাভাৱিকতে স্তম্ভিত হৈ পৰিলোঁ। তাৰ পিছত মই মোৰ পৰিয়ালক জনালো । দেউতা, নীলঞ্জন সকলো বহুত সুখী। আৰু মইও সুখী। মই টলিউড উদ্যোগক ধন্যবাদ জনাইছো। মোৰ দলৰ সকলো সদস্যলৈ অভিনন্দন।" 

এই দৌৰত ইমনৰ প্ৰতিদ্বন্দ্বী হৈছে লেডী গাগা, এল্টন জন, মাইলী চাইৰাছ, এড শ্বিৰানৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকা। বংগৰ এগৰাকী যুৱতী ইমন চক্ৰৱৰ্তীয়ে তেওঁলোকক প্ৰতিদ্বন্দ্বিতা দি আছে। এই তেওঁ কয়, "মই বহুত সুখী। মই প্ৰতিযোগিতাত নামিছো । মই আশাবাদী আৰু সময়েহে ক'ব।" 

ইমন চক্ৰৱৰ্তী অন্যতম জনপ্ৰিয় আৰু ব্যস্ত সংগীত শিল্পী। বৰ্তমান তেওঁ ‘সাৰেগামাপা’ৰ বিচাৰক হিচাপে কৰ্তব্যৰত আছে। ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীত শিল্পীগৰাকীয়ে শ্বুটিঙৰ সময়ত খবৰ পাইছিল যে তেওঁৰ গীতটো অস্কাৰলৈ মনোনয়ন হৈছে।

প্ৰসংগক্ৰমে ২০২৫ চনত অকাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰা ভাৰতৰ পৰা প্ৰথমখন ছবি হিচাপে ঘোষণা কৰা হৈছে কিৰণ ৰাওৰ ‘মিছিং লেডিজ’ ছবিখনে ২৯খন ছবিৰ ভিতৰত সৰ্বোত্তম স্থান লাভ কৰিছে। এই তালিকাত পিছ পৰি আছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ আৰু ‘আট্টম’। ভাৰতীয় ফিল্ম ফেডাৰেচনে সিদ্ধান্ত লয় যে কোনবোৰ ছবি আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত ভাৰতৰ বাবে অস্কাৰ দৌৰত অন্তৰ্ভুক্ত হ’ব। সেই নামটো ৰাজহুৱাভাৱে প্ৰকাশ পায়। পৰৱৰ্তী সময়ত আমিৰ খান প্ৰডাকচনে ছবিখনৰ নাম সলনি কৰি ‘লষ্ট লেডিজ’ নামেৰে নামাকৰণ কৰে। ছবিখনৰ নাম সলনি কৰাৰ পিছত নেটপাৰাত বহু বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হয় পৰিচালক কিৰণ ৰাও আৰু প্ৰযোজক আমিৰ খান।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক