--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ত পৰা নাই বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনা৷ বিভিন্ন মহলে বাংলাদেশৰ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ মঙলবাৰে আমেৰিকাৰ কংগ্ৰেছৰ সদস্য ব্ৰেড শ্বাৰমানে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, হিন্দু সংখ্যালঘুক সুৰক্ষা প্ৰদান কৰাৰ লগতে শেহতীয়াকৈ হোৱা আক্ৰমণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘু হিন্দুৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই ব্যৱস্থা গ্ৰহণ কৰাটো বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব বুলি উল্লেখ কৰে৷

শ্বেখ হাছিনাৰ চৰকাৰ উফৰাই দিয়াৰ পিছত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হিংসাৰ বিষয়ে এতিয়া সমগ্ৰ বিশ্বতে চৰ্চাৰ বিষয় হৈ পৰিছে ।

আমেৰিকাৰ কংগ্ৰেছৰ সদস্যগৰাকীয়ে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পূৰ্বে আৰু পিছত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে সংঘটিত হোৱা হত্যাকাণ্ড আৰু অন্যান্য অধিকাৰ উলংঘাৰ বাবে বাংলাদেশৰ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কক তদন্ত কৰাৰ দাবী জনোৱাৰ লগতে প্ৰশাসনে হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে হিংসাৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে৷

উল্লেখযোগ্য যে বাংলাদেশৰ পৰা অহা হিন্দুসকলে হোৱাইট হাউছত এক সমদল উলিয়াই হিন্দু পুৰোহিত চিন্ময় কৃষ্ণ দাসৰ মুক্তি আৰু বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষাৰ দাবী জনায়। হিন্দু একচনৰ কাৰ্যবাহী সঞ্চালক উৎসৱ চক্ৰৱৰ্তীয়ে বাইডেন-হেৰিছ প্ৰশাসনক বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা হিংসা  ৰোধ কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

প্ৰসংগ ক্ৰমে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে আটক কৰি ৰখা নাগৰিক অধিকাৰ কৰ্মী তথা পুৰোহিত চিন্ময় কৃষ্ণ দাসে জিম্মাত থকা অৱস্থাতো জীৱনৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সন্মুখীন হৈছে।আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত হিংসাত্মক ঘটনা সন্দৰ্ভত শীতকালীন অধিৱেশনৰ লিখিত প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তই বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। আৰু বাংলাদেশৰ সংখ্যালঘুসকলৰ নিৰাপত্তা প্ৰদান কৰা  অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰাথমিক দায়িত্ব বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ