--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজত জ্যেষ্ঠজনক সন্মান প্ৰদান কৰাটো সৌজন্যতাৰ ভিতৰত পৰে৷ সেই সৌজন্যতাৰ বাবে কেতিয়াবা কিন্তু প্ৰহৃত হ’বলগীয়া হয় কোনো কোনো ব্যক্তি৷মঙলবাৰে কৰ্ণাটকৰ বেংগালুৰুৰ এটা এটিএমত এগৰাকী মহিলাই নিৰাপত্তাৰক্ষীক “আন্টি” বুলি সম্বোধন কৰাৰ পাছতে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ মতে, মহিলাগৰাকীয়ে মাত্ৰ এটিএমৰ পৰা নগদ ধন উলিয়াই কেবিনৰ দুৱাৰৰ ওচৰত থিয় হৈ আছিল। নিৰাপত্তাৰক্ষীয়ে আন গ্ৰাহকৰ বাবে বাট মুকলি কৰাৰ প্ৰয়াসত মহিলাগৰাকীক "আন্টি" বুলি সম্বোধন কৰি আনফালে যাবলৈ কয়।

এই শব্দটোৱে মহিলাগৰাকীৰ মনত ক্ষোভৰ সৃষ্টি কৰে আৰু প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি চেণ্ডেলেৰে চকীদাৰজনক আঘাত কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে।ঘটনাটো প্ৰত্যক্ষ কৰা পথচাৰীসকলে লগে লগে আৰক্ষীক সতৰ্ক কৰি দিয়ে, যাৰ ফলত গোচৰ ৰুজু হয়।

আৰক্ষীয়ে জনোৱা মতে, একাংশ লোকে কৈছিল যে মহিলাগৰাকীয়ে হয়তো এই ঘটনাৰ সময়ত স্বাস্থ্যজনিত সমস্যাৰ সৈতে মোকাবিলা কৰিছিল, কিন্তু এই দিশটোৰ ক্ষেত্ৰত এতিয়াও তদন্ত অব্যাহত আছে৷এই আক্ৰমণৰ পাছতো নিৰাপত্তাৰক্ষীজন কোনো ডাঙৰ আঘাত পোৱা নাই। মহিলাগৰাকীৰ কথা যদি উল্লেখ কৰোঁ তেন্তে বৰ্তমান তেওঁ জামিন লৈ বাহিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক