--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ পৰা আহি পৰিছে এক বিশেষ খবৰ৷দেওবাৰে বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ মুজাফৰপুৰ জিলাত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনে দৃষ্টিশক্তি হেৰুৱাইছে। পোখাৰীয়া পীৰৰ একাংশ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটা তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগে লগে এই ঘটনা পোহৰলৈ আহে।


তদন্তৰ অন্তত পোহৰলৈ আহিছে যে দুই তিনিদিন পূৰ্বে বিষাক্ত সুৰা সেৱন কৰিছিল।যাৰ ফলত দুজন লোকৰ মৃত্যু হয় আৰু তিনিজন লোকে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাই।ইয়াৰ পৰিপ্ৰেক্ষিতত চকুৰ দৃষ্টিশক্তি হেৰুওৱা ভুক্তভোগী ধৰ্মেন্দ্ৰ ৰামে নিম্নমানৰ আৰু ভেজাল মদ বিক্ৰীৰ বাবে পৰিচিত শিৱচন্দ্ৰ পাছৱানৰ ঘৰত মিশ্ৰিত সুৰা সেৱন কৰাৰ কথা প্ৰকাশ কৰে।ধৰ্মেন্দ্ৰই এই মদ দুগিলাচ এশ টকাত সেৱন কৰিছিল, তাৰ পাছত ক্ৰমান্বয়ে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাবলৈ ধৰে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে দুজন লোকক জিম্মাত লৈছে। ইয়াৰে এজন স্থানীয় বাসিন্দা যিয়ে পূৰ্বে মদ্যপান সম্পৰ্কীয় গোচৰত কাৰাগাৰত বন্দী হৈছিল।আৰক্ষীয়ে শিৱচন্দ্ৰ পাছৱানৰ পত্নী আৰু কন্যাকো জেৰাৰ বাবে আটক কৰিছে।উল্লেখ্য যে বিহাৰৰ মতিহাৰী জিলাত ভুৱা সুৰা সেৱন কৰি ২৭ জন লোকে প্ৰাণ হেৰুৱাৰ কেইবামাহো পাছত এই ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক