--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ পৰা আহি পৰিছে এক বিশেষ খবৰ৷দেওবাৰে বিহাৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি বিহাৰৰ মুজাফৰপুৰ জিলাত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনে দৃষ্টিশক্তি হেৰুৱাইছে। পোখাৰীয়া পীৰৰ একাংশ লোকৰ স্বাস্থ্যৰ অৱনতি ঘটা তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগে লগে এই ঘটনা পোহৰলৈ আহে।


তদন্তৰ অন্তত পোহৰলৈ আহিছে যে দুই তিনিদিন পূৰ্বে বিষাক্ত সুৰা সেৱন কৰিছিল।যাৰ ফলত দুজন লোকৰ মৃত্যু হয় আৰু তিনিজন লোকে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাই।ইয়াৰ পৰিপ্ৰেক্ষিতত চকুৰ দৃষ্টিশক্তি হেৰুওৱা ভুক্তভোগী ধৰ্মেন্দ্ৰ ৰামে নিম্নমানৰ আৰু ভেজাল মদ বিক্ৰীৰ বাবে পৰিচিত শিৱচন্দ্ৰ পাছৱানৰ ঘৰত মিশ্ৰিত সুৰা সেৱন কৰাৰ কথা প্ৰকাশ কৰে।ধৰ্মেন্দ্ৰই এই মদ দুগিলাচ এশ টকাত সেৱন কৰিছিল, তাৰ পাছত ক্ৰমান্বয়ে তেওঁৰ দৃষ্টিশক্তি হেৰুৱাবলৈ ধৰে।


ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে দুজন লোকক জিম্মাত লৈছে। ইয়াৰে এজন স্থানীয় বাসিন্দা যিয়ে পূৰ্বে মদ্যপান সম্পৰ্কীয় গোচৰত কাৰাগাৰত বন্দী হৈছিল।আৰক্ষীয়ে শিৱচন্দ্ৰ পাছৱানৰ পত্নী আৰু কন্যাকো জেৰাৰ বাবে আটক কৰিছে।উল্লেখ্য যে বিহাৰৰ মতিহাৰী জিলাত ভুৱা সুৰা সেৱন কৰি ২৭ জন লোকে প্ৰাণ হেৰুৱাৰ কেইবামাহো পাছত এই ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু