--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী  দিৱসত নাৰী শক্তিক অগ্ৰাধিকাৰ দিলে কেন্দ্ৰই। আজিৰ এই বিশেষ দিনটোতে সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনীত কৰিলে কেন্দ্ৰই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তৰ্জাতিক নাৰী  দিৱসৰ দিনটোত  দেশবাসীক সম্বোধন কৰে। 

মোদীয়ে কয়  "সমাজকৰ্মী সুধা মূৰ্তিক মহিলা শক্তিৰ প্ৰতীক হিচাপে ৰাজ্যসভালৈ মনোনীত কৰা হৈছে।’’ উল্লেখ্য সুধা মূৰ্তি ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী। তেওঁ টাটা ইঞ্জিনিয়াৰিং আৰু লোকোমোটিভ কোম্পানীৰ প্ৰথম মহিলা অভিযন্তা আছিল। পিছত তেওঁ ইনফোচিছত যোগদান কৰে। তেওঁ সমাজ কল্যাণমূলক কামৰ বাবেও জনাজাত। সুধাই কেইবাখনো কিতাপো ৰচনা কৰিছে। তেওঁৰ কামৰ স্বীকৃতিস্বৰূপে তেওঁক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। ২০২৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।
 
সুধা মূৰ্তিক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰাৰ কথা  প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে তেওঁৰ এক্স  হেণ্ডেলত শ্বেয়াৰ কৰিছিল।মোদীয়ে লিখিছিল  "ৰাষ্ট্ৰপতি দ্ৰৌপদী  মুৰ্মুৱে সুধা মূৰ্তিক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছে। তেওঁ সমাজৰ বহু  দিশত অৱদান আগবঢ়াইছে। সমাজকৰ্মী আৰু শিক্ষাবিদ হিচাপে তেওঁৰ কামে সকলোকে অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যসভাত তেওঁৰ  উপস্থিতিয়ে আমাক নাৰী শক্তিৰ বিষয়ে  বাৰ্তা প্ৰদান কৰিব। এই মনোনয়নে প্ৰতিফলিত কৰে যে মহিলাসকলৰো  দেশৰ ভাগ্য গঢ়ি তোলাৰ দায়িত্ব আছে। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ আগন্তুক দিনবোৰৰ বাবে মই তেওঁক শুভকামনা জনাইছো।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু