--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী  দিৱসত নাৰী শক্তিক অগ্ৰাধিকাৰ দিলে কেন্দ্ৰই। আজিৰ এই বিশেষ দিনটোতে সুধা মূৰ্তিক ৰাজ্যসভালৈ মনোনীত কৰিলে কেন্দ্ৰই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তৰ্জাতিক নাৰী  দিৱসৰ দিনটোত  দেশবাসীক সম্বোধন কৰে। 

মোদীয়ে কয়  "সমাজকৰ্মী সুধা মূৰ্তিক মহিলা শক্তিৰ প্ৰতীক হিচাপে ৰাজ্যসভালৈ মনোনীত কৰা হৈছে।’’ উল্লেখ্য সুধা মূৰ্তি ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী। তেওঁ টাটা ইঞ্জিনিয়াৰিং আৰু লোকোমোটিভ কোম্পানীৰ প্ৰথম মহিলা অভিযন্তা আছিল। পিছত তেওঁ ইনফোচিছত যোগদান কৰে। তেওঁ সমাজ কল্যাণমূলক কামৰ বাবেও জনাজাত। সুধাই কেইবাখনো কিতাপো ৰচনা কৰিছে। তেওঁৰ কামৰ স্বীকৃতিস্বৰূপে তেওঁক ২০০৬ চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। ২০২৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছিল।
 
সুধা মূৰ্তিক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰাৰ কথা  প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে তেওঁৰ এক্স  হেণ্ডেলত শ্বেয়াৰ কৰিছিল।মোদীয়ে লিখিছিল  "ৰাষ্ট্ৰপতি দ্ৰৌপদী  মুৰ্মুৱে সুধা মূৰ্তিক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছে। তেওঁ সমাজৰ বহু  দিশত অৱদান আগবঢ়াইছে। সমাজকৰ্মী আৰু শিক্ষাবিদ হিচাপে তেওঁৰ কামে সকলোকে অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যসভাত তেওঁৰ  উপস্থিতিয়ে আমাক নাৰী শক্তিৰ বিষয়ে  বাৰ্তা প্ৰদান কৰিব। এই মনোনয়নে প্ৰতিফলিত কৰে যে মহিলাসকলৰো  দেশৰ ভাগ্য গঢ়ি তোলাৰ দায়িত্ব আছে। ৰাজ্যসভাৰ সদস্য হিচাপে তেওঁৰ আগন্তুক দিনবোৰৰ বাবে মই তেওঁক শুভকামনা জনাইছো।’’ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ