--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰে ভৰি থকা ৰে’লত আসন এখন উলিয়াভ ল’ব পৰাটো সহজ কথা নহ? কিন্তু সেই টান কাম ফেৰাই এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অতি সহজে কৰিব পাৰিছিল।  প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ পৰা বহুতো সমল সৃষ্টিকৰ্তাক প্ৰথম ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী বৰ্ণনা কৰে। তেওঁ কয়  কেনেকৈ তেওঁ এখন যাত্ৰীৰে ভৰি থকা ৰে’লত নিজৰ বাবে এখন আসন উলিয়াই লৈছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন অংশগ্ৰহণকাৰীৰ সৈতে মন বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনৰ এক ধেমেলীয়া কাহিনী বৰ্ণনা কৰে। মোদীয়ে কয়   তেওঁ ৰে’লত আসন নোপোৱাৰ সময়ত কি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰিদামান নামৰ এজন সৃষ্টিশীল কৰ্মৰে জড়িত অংশগ্ৰহণকাৰীক বঁটা প্ৰদান কৰি তেওঁৰ পুৰণি কাহিনীটো বৰ্ণনা কৰে। 

আৰিদামানে ধৰ্ম, সংস্কৃতি আৰু জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয়  ভিডিঅ' প্ৰস্তুত কৰে। বঁটা প্ৰদান কৰি মোদীয়ে কয়  "জ্যোতিষ শাস্ত্ৰ এনে এক বিষয়  যে মানুহে লগে লগে  সেয়া বিশ্বাস কৰে আৰু  তেওঁলোকৰ হাত দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে। মই আপোনালোকক মোৰ শৈশৱৰ সৈতে সম্পৰ্কিত এটা অভিজ্ঞতা কওঁ। মই বহুত ভ্ৰমণ কৰিছিলো। সেই সময়ত  মই ৰে’লত টিকট  সংৰক্ষণৰ কৰা নাছিলো, ৰে’লত  যথেষ্ট ভিৰ হৈছিল। মই এটা অসংৰক্ষিত কম্পাৰ্টমেণ্টত ভ্ৰমণ কৰিছিলো।  মই বহিবলৈ কোনো  আসন পোৱা নাছিলো, মই ভাবিছিলো কিবা ধৰণে  সুযোগ পাব পাৰি  নেকি। মই কাৰোবাৰ হাত এখনত ধৰিছিলোঁ আৰু তেওঁৰ হাত খন  জ্যোতিষীৰ দৰে চাবলৈ আৰম্ভ কৰিছিলো। তেতিয়া লগে লগে মানুহে মোক এখন আসন দি তেওঁলোকৰো হাত চাবলৈ দিছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে আজি সমগ্ৰ দেশৰ ২৩ গৰাকী সমল সৃষ্টিকৰ্তাক ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে সন্মানিত কৰে। এইবাৰ বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে কিৰ্তিকা গোবিন্দচামী, ৰণবীৰ আল্লাবাদিয়া, জয়া কিশোৰী, মৈথিলী ঠাকুৰ, কামিয়া জানি, গৌৰৱ চৌধুৰী, মালহাৰ কালাম্বে, আৰ জে ৰৌনক, নিশ্চাই আৰু অমন গুপ্তাকে ধৰি বহুতো প্ৰখ্যাত ইউটিউবাৰ আৰু সমল সৃষ্টিকৰ্তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ