--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰে ভৰি থকা ৰে’লত আসন এখন উলিয়াভ ল’ব পৰাটো সহজ কথা নহ? কিন্তু সেই টান কাম ফেৰাই এটা সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে অতি সহজে কৰিব পাৰিছিল।  প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ পৰা বহুতো সমল সৃষ্টিকৰ্তাক প্ৰথম ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটা প্ৰদান কৰে। 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ শৈশৱৰ এটা কাহিনী বৰ্ণনা কৰে। তেওঁ কয়  কেনেকৈ তেওঁ এখন যাত্ৰীৰে ভৰি থকা ৰে’লত নিজৰ বাবে এখন আসন উলিয়াই লৈছিল। অনুষ্ঠানত অংশগ্ৰহণ কৰা এজন অংশগ্ৰহণকাৰীৰ সৈতে মন বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ জীৱনৰ এক ধেমেলীয়া কাহিনী বৰ্ণনা কৰে। মোদীয়ে কয়   তেওঁ ৰে’লত আসন নোপোৱাৰ সময়ত কি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আৰিদামান নামৰ এজন সৃষ্টিশীল কৰ্মৰে জড়িত অংশগ্ৰহণকাৰীক বঁটা প্ৰদান কৰি তেওঁৰ পুৰণি কাহিনীটো বৰ্ণনা কৰে। 

আৰিদামানে ধৰ্ম, সংস্কৃতি আৰু জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয়  ভিডিঅ' প্ৰস্তুত কৰে। বঁটা প্ৰদান কৰি মোদীয়ে কয়  "জ্যোতিষ শাস্ত্ৰ এনে এক বিষয়  যে মানুহে লগে লগে  সেয়া বিশ্বাস কৰে আৰু  তেওঁলোকৰ হাত দেখুৱাবলৈ ইচ্ছা প্ৰকাশ কৰে। মই আপোনালোকক মোৰ শৈশৱৰ সৈতে সম্পৰ্কিত এটা অভিজ্ঞতা কওঁ। মই বহুত ভ্ৰমণ কৰিছিলো। সেই সময়ত  মই ৰে’লত টিকট  সংৰক্ষণৰ কৰা নাছিলো, ৰে’লত  যথেষ্ট ভিৰ হৈছিল। মই এটা অসংৰক্ষিত কম্পাৰ্টমেণ্টত ভ্ৰমণ কৰিছিলো।  মই বহিবলৈ কোনো  আসন পোৱা নাছিলো, মই ভাবিছিলো কিবা ধৰণে  সুযোগ পাব পাৰি  নেকি। মই কাৰোবাৰ হাত এখনত ধৰিছিলোঁ আৰু তেওঁৰ হাত খন  জ্যোতিষীৰ দৰে চাবলৈ আৰম্ভ কৰিছিলো। তেতিয়া লগে লগে মানুহে মোক এখন আসন দি তেওঁলোকৰো হাত চাবলৈ দিছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে আজি সমগ্ৰ দেশৰ ২৩ গৰাকী সমল সৃষ্টিকৰ্তাক ৰাষ্ট্ৰীয় সৃষ্টিকৰ্তা বঁটাৰে সন্মানিত কৰে। এইবাৰ বঁটাপ্ৰাপকসকলৰ ভিতৰত আছে কিৰ্তিকা গোবিন্দচামী, ৰণবীৰ আল্লাবাদিয়া, জয়া কিশোৰী, মৈথিলী ঠাকুৰ, কামিয়া জানি, গৌৰৱ চৌধুৰী, মালহাৰ কালাম্বে, আৰ জে ৰৌনক, নিশ্চাই আৰু অমন গুপ্তাকে ধৰি বহুতো প্ৰখ্যাত ইউটিউবাৰ আৰু সমল সৃষ্টিকৰ্তা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু