--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা হ’ল ঋষভ পন্তৰ ফটো। শুকুৰবাৰে ভাৰতীয় দলৰ উইকেটকীপাৰে নিজেই দুখন ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। দুয়োখন ফটোতে তেওঁক ক্ৰাচ লৈ খোজ কাঢ়ি থকা দেখা গৈছে।

কেপচনত পণ্টে লিখিছে, “এখোজ আগলৈ। এখোজ শক্তিশালীকৈ। ভাল হোৱাৰ পথত এখোজ।”  পণ্টে পোষ্ট কৰা ছবিখনত দেখা গৈছে যে তেওঁ বগা টি-চাৰ্ট আৰু ক’লা শ্বৰ্ট পিন্ধি দুয়োহাতত ক্ৰাচ লৈ লাহে লাহে খোজ কাঢ়িছে। সোঁ ভৰিত ডাঠ বেণ্ডেজ বান্ধি থোৱা আছে। সোঁ কঁকালৰ ওচৰত সৰু বেণ্ডেজ এটাও আছে। ইয়াৰ উপৰিও কঁকালৰ কাষৰ অংশত কটাৰ চিহ্ন আছে, সেয়া ছালৰ ৰং চালেই বুজিব পাৰি। পণ্টৰ সোঁ ভৰিখন যথেষ্ট ফুলি থকা দেখা গৈছে। এতিয়া কিছুদিনলৈ ক্ৰাচ নোহোৱাকৈ খোজ কাঢ়িব পৰা যেন লগা নাই।

ছৱিখন দেখি উৎসাহিত হৈ পৰিছে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীসকল। সকলোৱে তেওঁৰ আশু আৰোগ্য আৰু খেলপথাৰলৈ ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰিছে।

উল্লেখ্য যোৱা ৩০ ডিচেম্বৰত উত্তৰাখণ্ডত পন্থৰ গাড়ী দুৰ্ঘটনা হৈছিল। তাৰ ১৭ দিনৰ পাছত ১৬ জানুৱাৰীত পন্থে প্ৰথমবাৰৰ বাবে ছচিয়েল মিডিয়াত পোষ্ট কৰে। শুভাকাংক্ষীসকলক ধন্যবাদ জনোৱাৰ উপৰিও নিজৰ জীৱন ৰক্ষা কৰা ব্যক্তিজনৰ ছবিও পোষ্ট কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক