--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলকৰ খেলুৱৈ ৰবীন্দ্ৰ জাদেজাৰ বিৰুদ্ধে আইচিচিৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.২০ উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে খেলুৱৈগৰাকীক জৰিমনা বিহাৰ  উপৰি জাদেজাৰ অনুশাসনমূলক ৰেকৰ্ডত ডিমেৰিট পইণ্ট যোগ হৈছে। ২৪ মাহৰ ভিতৰত  খেল পথাৰত কৰা এয়া তেওঁৰ প্ৰথম অপৰাধ।

ৰবীন্দ্ৰ জাদেজাক খেলৰ সময়তে  আঙুলিত মলম লগোৱাৰ বাবে শাস্তি বিহা হৈছে। আইচিচিৰ মতে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে  নাগপুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ সময়ত আইচিচিৰ আচৰণ বিধিৰ স্তৰ ১ উলংঘা কৰিছিল। ইয়াৰ বাবে জাদেজাক  তেওঁৰ খেলৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে।ঘটনাটো ৯ ফেব্ৰুৱাৰীত নাগপুৰ টেষ্টৰ প্ৰথম দিনটোতে সংঘটিত হৈছিল।  অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৬ সংখ্যক  অভাৰত জাদেজাক তেওঁৰ তৰ্জনী আঙুলিত কিবা এটা লগোৱা দেখা গৈছিল। ভিডিঅ' ফুটেজত বাওঁহতীয়া স্পিনাৰজনক মহম্মদ চিৰাজৰ হাতৰ তলুৱাৰ পৰা কিবা এটা লৈ বাওঁ হাতৰ তৰ্জনী আঙুলিত ঘঁহি থকা দেখা গৈছিল। পিছত দেখা গৈছিল যে সেয়া এক প্ৰকাৰৰ  ক্ৰীম আছিল।

ভাৰতীয় দলটোৱে  ঘটনাটো সন্দৰ্ভত  ব্যাখ্যা আগবঢ়াই কৈছিল  স্পিনাৰে বলিঙৰ সময়ত  হাতৰ তৰ্জনী আঙুলি ফুলাবলৈ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। কিন্তু খেলপথাৰৰ আম্পায়াৰৰ অনুমতি অবিহনে এনে কৰিব নোৱাৰে। নহ’লে এনে কাৰ্যক  অপৰাধ বুলি গণ্য কৰা হয়। জাদেজাই তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে আৰু এমিৰেটছ আইচিচি এলিট পেনেল অফ মেচ ৰেফাৰীৰ এণ্ডি পাইক্ৰফ্টৰ দ্বাৰা প্ৰস্তাৱিত শাস্তি  গ্ৰহণ কৰিছে।

তাৰকা অলৰাউণ্ডাৰজনে আঙুলিত কিবা সনাৰ দৃশ্যটো  সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভন আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক টিম পেইনে এই বিশয়ত প্ৰশ্ন উত্থাপন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক