--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলকৰ খেলুৱৈ ৰবীন্দ্ৰ জাদেজাৰ বিৰুদ্ধে আইচিচিৰ আচৰণ বিধিৰ অনুচ্ছেদ ২.২০ উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে। সেয়ে খেলুৱৈগৰাকীক জৰিমনা বিহাৰ  উপৰি জাদেজাৰ অনুশাসনমূলক ৰেকৰ্ডত ডিমেৰিট পইণ্ট যোগ হৈছে। ২৪ মাহৰ ভিতৰত  খেল পথাৰত কৰা এয়া তেওঁৰ প্ৰথম অপৰাধ।

ৰবীন্দ্ৰ জাদেজাক খেলৰ সময়তে  আঙুলিত মলম লগোৱাৰ বাবে শাস্তি বিহা হৈছে। আইচিচিৰ মতে তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে  নাগপুৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টৰ সময়ত আইচিচিৰ আচৰণ বিধিৰ স্তৰ ১ উলংঘা কৰিছিল। ইয়াৰ বাবে জাদেজাক  তেওঁৰ খেলৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে।ঘটনাটো ৯ ফেব্ৰুৱাৰীত নাগপুৰ টেষ্টৰ প্ৰথম দিনটোতে সংঘটিত হৈছিল।  অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ ৪৬ সংখ্যক  অভাৰত জাদেজাক তেওঁৰ তৰ্জনী আঙুলিত কিবা এটা লগোৱা দেখা গৈছিল। ভিডিঅ' ফুটেজত বাওঁহতীয়া স্পিনাৰজনক মহম্মদ চিৰাজৰ হাতৰ তলুৱাৰ পৰা কিবা এটা লৈ বাওঁ হাতৰ তৰ্জনী আঙুলিত ঘঁহি থকা দেখা গৈছিল। পিছত দেখা গৈছিল যে সেয়া এক প্ৰকাৰৰ  ক্ৰীম আছিল।

ভাৰতীয় দলটোৱে  ঘটনাটো সন্দৰ্ভত  ব্যাখ্যা আগবঢ়াই কৈছিল  স্পিনাৰে বলিঙৰ সময়ত  হাতৰ তৰ্জনী আঙুলি ফুলাবলৈ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে। কিন্তু খেলপথাৰৰ আম্পায়াৰৰ অনুমতি অবিহনে এনে কৰিব নোৱাৰে। নহ’লে এনে কাৰ্যক  অপৰাধ বুলি গণ্য কৰা হয়। জাদেজাই তেওঁৰ অপৰাধ স্বীকাৰ কৰিছে আৰু এমিৰেটছ আইচিচি এলিট পেনেল অফ মেচ ৰেফাৰীৰ এণ্ডি পাইক্ৰফ্টৰ দ্বাৰা প্ৰস্তাৱিত শাস্তি  গ্ৰহণ কৰিছে।

তাৰকা অলৰাউণ্ডাৰজনে আঙুলিত কিবা সনাৰ দৃশ্যটো  সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক মাইকেল ভন আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক টিম পেইনে এই বিশয়ত প্ৰশ্ন উত্থাপন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য