--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাট বিধানসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ৰাজ্য খনত এতিয়ালৈ চাৰি খন আসনত জয়লাভ কৰিছে। আপে এতিয়ালৈকে গুজৰাটত মুঠ ভোটৰ ৬.৭৭ শতাংশতকৈ অধিক ভোট লাভ কৰিছে। সেই দিশৰ পৰা সংবিধানৰ বিধি অনুসৰিয়েই আপ সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰীয় দলত পৰিণত হৈ পৰিল। 

ইয়াৰ পূৰ্বে আপে ৰাজ্যিক দলৰ স্বীকৃতি লাভ কৰিছিল।কিছুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুদিন পূৰ্বে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ দশম বাৰ্ষিকী অনুষ্ঠানত দিয়া ভাষণত কৈছিল   যে তেওঁৰ দলে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত "ঐতিহাসিক বিজয়" সাৱস্ত্য  কৰিব আৰু তাৰ পিছতে আপ  এটা "ৰাষ্ট্ৰীয়" ৰাজনৈতিক দল হৈ পৰিব। কেজৰিৱালৰ আশা আজি পূৰণ হ’ল।

আম আদমী পাৰ্টি (আপ)ৰ ২০১২ চনৰ  ২৬ নৱেম্বৰত জন্ম হৈছিল। দলটোৱে ইতিমধ্যে ১০ বছৰ পূৰ্ণ কৰিছে।কেজৰিৱালে লগতে কৈছিল যে আন এক ঐতিহাসিক বিজয়ৰ জড়িয়তে  আপ অতি সোনকালেই এখন ৰাষ্ট্ৰীয় দল হ'বলৈ গৈ আছে। 

উল্লেখ্য চলিত  বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছতে আপে গুজৰাটত ডাঙৰ প্ৰত্যহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হয় । দলটোৱে  বিজেপি শাসিত ৰাজ্যখনৰ ১৮২   টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ গুজৰাটত মুখ্য প্ৰতিদ্বন্দী আছিল। এইবাৰ নতুনকৈ আপৰ প্ৰৱেশ ঘটে।সেয়ে এইবাৰ ৰাজ্যখনে  তিনিকোণীয়া নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে। 

নিয়ম অনুসৰি এটা ৰাজনৈতিক দলে যদি ৬ শতাংশ ভোট আৰু বিধানসভাত দুখন আসন লাভ কৰে তেন্তে দলটোৱে  "ৰাজ্যিক দলৰ  "ৰ মৰ্যাদা লাভ কৰে৷ যদি এটা দলে চাৰিখন ৰাজ্যত "ৰাজ্যিক দলৰ"ৰ মৰ্যাদা লাভ কৰে,  তেন্তে ই স্বয়ংক্ৰিয়ভাৱে "ৰাষ্ট্ৰীয় দল" হৈ পৰে। দিল্লী, পঞ্জাৱ আৰু গোৱাত আপক "ৰাজ্যিক দল" হিচাপে স্বীকৃতি দিয়া হৈছে।  

দলটোৱে গুজৰাটত ৬.৭৭  শতাংশ ভোট আৰু চাৰি খন  আসন (এতিয়ালৈকে)  লাভ কৰি  অৱধাৰিতভাবেই  "ৰাষ্ট্ৰীয় দল"ৰ স্বীকৃতি  অৰ্জন কৰিলে।বৰ্তমান দেশত থকা ৰাষ্ট্ৰীয় দল কেইটা হ’ল কংগ্ৰেছ, বিজেপি, বিএছপি, চিপিআই, চিপিএম, নেচনেলিষ্ট কংগ্ৰেছ অৰ্থাৎ এনচিপি আৰু তৃণমূল কংগ্ৰেছ অৰ্থাৎ টিএমচি।এই তালিকাত আপো যোগ হ’ল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু