--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃগুজৰাট বিধানসভা নিৰ্বাচনত প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে ৰাজ্য খনত এতিয়ালৈ চাৰি খন আসনত জয়লাভ কৰিছে। আপে এতিয়ালৈকে গুজৰাটত মুঠ ভোটৰ ৬.৭৭ শতাংশতকৈ অধিক ভোট লাভ কৰিছে। সেই দিশৰ পৰা সংবিধানৰ বিধি অনুসৰিয়েই আপ সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰীয় দলত পৰিণত হৈ পৰিল। 

ইয়াৰ পূৰ্বে আপে ৰাজ্যিক দলৰ স্বীকৃতি লাভ কৰিছিল।কিছুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুুদিন পূৰ্বে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আপৰ দশম বাৰ্ষিকী অনুষ্ঠানত দিয়া ভাষণত কৈছিল   যে তেওঁৰ দলে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত "ঐতিহাসিক বিজয়" সাৱস্ত্য  কৰিব আৰু তাৰ পিছতে আপ  এটা "ৰাষ্ট্ৰীয়" ৰাজনৈতিক দল হৈ পৰিব। কেজৰিৱালৰ আশা আজি পূৰণ হ’ল।

আম আদমী পাৰ্টি (আপ)ৰ ২০১২ চনৰ  ২৬ নৱেম্বৰত জন্ম হৈছিল। দলটোৱে ইতিমধ্যে ১০ বছৰ পূৰ্ণ কৰিছে।কেজৰিৱালে লগতে কৈছিল যে আন এক ঐতিহাসিক বিজয়ৰ জড়িয়তে  আপ অতি সোনকালেই এখন ৰাষ্ট্ৰীয় দল হ'বলৈ গৈ আছে। 

উল্লেখ্য চলিত  বছৰৰ আৰম্ভণিতে পঞ্জাৱ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছতে আপে গুজৰাটত ডাঙৰ প্ৰত্যহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হয় । দলটোৱে  বিজেপি শাসিত ৰাজ্যখনৰ ১৮২   টা বিধানসভা সমষ্টিতে প্ৰাৰ্থী দিছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ গুজৰাটত মুখ্য প্ৰতিদ্বন্দী আছিল। এইবাৰ নতুনকৈ আপৰ প্ৰৱেশ ঘটে।সেয়ে এইবাৰ ৰাজ্যখনে  তিনিকোণীয়া নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ সন্মুখীন হৈছে। 

নিয়ম অনুসৰি এটা ৰাজনৈতিক দলে যদি ৬ শতাংশ ভোট আৰু বিধানসভাত দুখন আসন লাভ কৰে তেন্তে দলটোৱে  "ৰাজ্যিক দলৰ  "ৰ মৰ্যাদা লাভ কৰে৷ যদি এটা দলে চাৰিখন ৰাজ্যত "ৰাজ্যিক দলৰ"ৰ মৰ্যাদা লাভ কৰে,  তেন্তে ই স্বয়ংক্ৰিয়ভাৱে "ৰাষ্ট্ৰীয় দল" হৈ পৰে। দিল্লী, পঞ্জাৱ আৰু গোৱাত আপক "ৰাজ্যিক দল" হিচাপে স্বীকৃতি দিয়া হৈছে।  

দলটোৱে গুজৰাটত ৬.৭৭  শতাংশ ভোট আৰু চাৰি খন  আসন (এতিয়ালৈকে)  লাভ কৰি  অৱধাৰিতভাবেই  "ৰাষ্ট্ৰীয় দল"ৰ স্বীকৃতি  অৰ্জন কৰিলে।বৰ্তমান দেশত থকা ৰাষ্ট্ৰীয় দল কেইটা হ’ল কংগ্ৰেছ, বিজেপি, বিএছপি, চিপিআই, চিপিএম, নেচনেলিষ্ট কংগ্ৰেছ অৰ্থাৎ এনচিপি আৰু তৃণমূল কংগ্ৰেছ অৰ্থাৎ টিএমচি।এই তালিকাত আপো যোগ হ’ল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক