--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপৰ বাবেই গুজৰাটত পৰাজিত হৈছে কংগ্ৰেছ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আম আদমী পাৰ্টীয়ে৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অশোক গেহলটে৷ 

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে কৰা আছুতীয়া আলাপত গেহলটে জনোৱা অনুসৰি শেহতীয়াকৈ সমাপ্ত হোৱা গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনত আম আদমী পাৰ্টীয়ে বৃহৎ ভূমিকা পালন কৰিছিল। গুজৰাটত পুৰণি দলটোৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া গেহলটে কয় যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে যথেষ্ট ক্ষতি কৰিছে।

তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ উৎসাহজনক প্ৰচাৰেই বিজেপিৰ বৃহৎ জয় সম্ভৱ কৰি তুলিছে বুলি দাবী কৰিছে। প্ৰধানমন্ত্ৰীয়ে তিনিমাহ ধৰি প্ৰচাৰ চলাইছিল, কেইবাটাও ৰেলী অনুষ্ঠিত কৰিছিল। এইটোও এটা কাৰণ আছিল বুলি গেহলটে কয়৷ 

অশোক গেহলটে কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ অন্যতম কাৰক হিচাপে পুঁজিৰ কথাও উল্লেখ কৰিছিল। বিজেপিয়ে একপক্ষীয় পুঁজি লাভ কৰে, কিয়নো যিসকলে কংগ্ৰেছক দান কৰে তেওঁলোকক ভাবুকি দিয়া হয় বুলি তেওঁ মন্তব্য কৰে৷
 
গেহলটে এই মন্তব্য বিজেপিয়ে গুজৰাটত এক ঐতিহাসিক জয়ৰ সৈতে মুখ্য প্ৰতিদ্বন্দ্বী কংগ্ৰেছক পৰাজিত কৰাৰ কেইদিনমান পাছত কৰিছে৷ 

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত গুজৰাটৰ প্ৰচাৰত নিজৰ সকলো শক্তি প্ৰয়োগ কৰা আপে দাবী কৰিছিল যে দলটোৱেই বিজেপিৰ মুখ্য প্ৰতিদ্বন্দ্বী আৰু চৰকাৰ গঠন কৰিব।

বিজেপিয়ে মুঠ ১৮২খন আসনৰ ভিতৰত ১৫৬খন আসন লাভ কৰিছিল, যি গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ যিকোনো ৰাজনৈতিক দলৰ বাবে সৰ্বশ্ৰেষ্ঠ আসনৰ সংখ্যা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক