--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপৰ বাবেই গুজৰাটত পৰাজিত হৈছে কংগ্ৰেছ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল আম আদমী পাৰ্টীয়ে৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অশোক গেহলটে৷ 

এটা ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰে কৰা আছুতীয়া আলাপত গেহলটে জনোৱা অনুসৰি শেহতীয়াকৈ সমাপ্ত হোৱা গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনত আম আদমী পাৰ্টীয়ে বৃহৎ ভূমিকা পালন কৰিছিল। গুজৰাটত পুৰণি দলটোৰ নিৰ্বাচনী ভাৰপ্ৰাপ্ত বিষয়া গেহলটে কয় যে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে যথেষ্ট ক্ষতি কৰিছে।

তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ উৎসাহজনক প্ৰচাৰেই বিজেপিৰ বৃহৎ জয় সম্ভৱ কৰি তুলিছে বুলি দাবী কৰিছে। প্ৰধানমন্ত্ৰীয়ে তিনিমাহ ধৰি প্ৰচাৰ চলাইছিল, কেইবাটাও ৰেলী অনুষ্ঠিত কৰিছিল। এইটোও এটা কাৰণ আছিল বুলি গেহলটে কয়৷ 

অশোক গেহলটে কংগ্ৰেছৰ দুৰ্বল প্ৰদৰ্শনৰ অন্যতম কাৰক হিচাপে পুঁজিৰ কথাও উল্লেখ কৰিছিল। বিজেপিয়ে একপক্ষীয় পুঁজি লাভ কৰে, কিয়নো যিসকলে কংগ্ৰেছক দান কৰে তেওঁলোকক ভাবুকি দিয়া হয় বুলি তেওঁ মন্তব্য কৰে৷
 
গেহলটে এই মন্তব্য বিজেপিয়ে গুজৰাটত এক ঐতিহাসিক জয়ৰ সৈতে মুখ্য প্ৰতিদ্বন্দ্বী কংগ্ৰেছক পৰাজিত কৰাৰ কেইদিনমান পাছত কৰিছে৷ 

২০১৭ চনৰ বিধানসভা নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত গুজৰাটৰ প্ৰচাৰত নিজৰ সকলো শক্তি প্ৰয়োগ কৰা আপে দাবী কৰিছিল যে দলটোৱেই বিজেপিৰ মুখ্য প্ৰতিদ্বন্দ্বী আৰু চৰকাৰ গঠন কৰিব।

বিজেপিয়ে মুঠ ১৮২খন আসনৰ ভিতৰত ১৫৬খন আসন লাভ কৰিছিল, যি গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ যিকোনো ৰাজনৈতিক দলৰ বাবে সৰ্বশ্ৰেষ্ঠ আসনৰ সংখ্যা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু