--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপৰ সৈতে বিমান যাত্ৰা! শেহতীয়াকৈ কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ উঠে। বিমানখনত যাত্ৰীসকলৰ স’তে এডাল সাপেও যাত্ৰা কৰিছিল!

হয়, কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা আন্তৰ্জাতিক বিমানখনত এডাল সাপ আছিল। বিমানখনত যোৱা যাত্ৰীসকলৰ আসনৰ আশে পাশে নাছিল সাপটো। তেওঁলোকৰ লাগেজৰ সৈতে কাৰ্গো হোল্ডতহে উঠিছিল। বিমানখন ডুবাইত উপস্থিত হোৱাৰ সময়ত কৰ্মীসকলে সাপটো কাৰ্গো হোল্ডত দেখাৰ পিছতে আতংক বিয়পি পৰে।

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান নম্বৰ বি ৭৩৭-৮০০ ডুবাইত অৱতৰণ কৰাৰ পিছতে বিমানত কাৰ্গো হ’ল্ডত বস্তু-বাহানিৰ সৈতে সাপটো দেখা গৈছিল। যাত্ৰীসকলক সুৰক্ষিতভাৱে বিমানৰ পৰা উলিয়াই অনা হয়।

সূত্ৰ অনুসৰি, বিমানবন্দৰৰ অগ্নি নিৰ্বাপক সেৱাক অৱগত কৰা হয়। কিন্তু বিষয়টোক লৈ আতংকৰ সৃষ্টি হৈছিল। যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছিল যে ইয়াৰ বাবে তেওঁলোকে বিমানবন্দৰত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল।

বিমানবন্দৰৰ এখন ফটো টুইট কৰি এগৰাকী যাত্ৰীয়ে লিখিছে, “কাৰ্গোত সাপ আছিল সেয়েহে আমি ডুবাই বিমানবন্দৰত সাত ঘণ্টা অপেক্ষা কৰিব লগা হৈছে। ইয়াৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জনাওক?’’

ইয়াৰ প্ৰত্যুত্তৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই কয়, “এই সমস্যাৰ বাবে দুঃখিত। আশা কৰোঁ আপোনালোকক হোটেললৈ লৈ যোৱা হ’ব আৰু বিষয়টোৰ ওপৰত শেহতীয়া তথ্য দিয়া হ’ব।”

বাতৰি অনুসৰি, ডিজিচিএয়ে কালিকটৰ পৰা ডুবাইলৈ যোৱা বিমানখনৰ কাৰ্গোত সাপটো কেনেকৈ সোমাইছিল তাৰ অনুসন্ধান কৰিব। ডিজিচিএৰ এজন বিষয়াই কয় যে ক্ষেত্ৰ পৰ্যায়ত অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ’ব পাৰে। অনুসন্ধানৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব। অৱশ্যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই এই সন্দৰ্ভত একো কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু