--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাপৰ সৈতে বিমান যাত্ৰা! শেহতীয়াকৈ কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমানখনৰ যাত্ৰীসকল আতংকিত হৈ উঠে। বিমানখনত যাত্ৰীসকলৰ স’তে এডাল সাপেও যাত্ৰা কৰিছিল!

হয়, কেৰালাৰ কালিকটৰ পৰা ডুবাইলৈ যোৱা আন্তৰ্জাতিক বিমানখনত এডাল সাপ আছিল। বিমানখনত যোৱা যাত্ৰীসকলৰ আসনৰ আশে পাশে নাছিল সাপটো। তেওঁলোকৰ লাগেজৰ সৈতে কাৰ্গো হোল্ডতহে উঠিছিল। বিমানখন ডুবাইত উপস্থিত হোৱাৰ সময়ত কৰ্মীসকলে সাপটো কাৰ্গো হোল্ডত দেখাৰ পিছতে আতংক বিয়পি পৰে।

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান নম্বৰ বি ৭৩৭-৮০০ ডুবাইত অৱতৰণ কৰাৰ পিছতে বিমানত কাৰ্গো হ’ল্ডত বস্তু-বাহানিৰ সৈতে সাপটো দেখা গৈছিল। যাত্ৰীসকলক সুৰক্ষিতভাৱে বিমানৰ পৰা উলিয়াই অনা হয়।

সূত্ৰ অনুসৰি, বিমানবন্দৰৰ অগ্নি নিৰ্বাপক সেৱাক অৱগত কৰা হয়। কিন্তু বিষয়টোক লৈ আতংকৰ সৃষ্টি হৈছিল। যাত্ৰীসকলে ছ’চিয়েল মিডিয়াত অভিযোগ কৰিছিল যে ইয়াৰ বাবে তেওঁলোকে বিমানবন্দৰত দীঘলীয়া সময় অপেক্ষা কৰিব লগা হৈছিল।

বিমানবন্দৰৰ এখন ফটো টুইট কৰি এগৰাকী যাত্ৰীয়ে লিখিছে, “কাৰ্গোত সাপ আছিল সেয়েহে আমি ডুবাই বিমানবন্দৰত সাত ঘণ্টা অপেক্ষা কৰিব লগা হৈছে। ইয়াৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে জনাওক?’’

ইয়াৰ প্ৰত্যুত্তৰত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই কয়, “এই সমস্যাৰ বাবে দুঃখিত। আশা কৰোঁ আপোনালোকক হোটেললৈ লৈ যোৱা হ’ব আৰু বিষয়টোৰ ওপৰত শেহতীয়া তথ্য দিয়া হ’ব।”

বাতৰি অনুসৰি, ডিজিচিএয়ে কালিকটৰ পৰা ডুবাইলৈ যোৱা বিমানখনৰ কাৰ্গোত সাপটো কেনেকৈ সোমাইছিল তাৰ অনুসন্ধান কৰিব। ডিজিচিএৰ এজন বিষয়াই কয় যে ক্ষেত্ৰ পৰ্যায়ত অৱহেলাৰ বাবে এনে ঘটনা সংঘটিত হ’ব পাৰে। অনুসন্ধানৰ পিছত প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব। অৱশ্যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই এই সন্দৰ্ভত একো কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক