--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ জাপানত প্ৰদৰ্শিত হৈছিল। ছবিখনৰ প্ৰদৰ্শনত উপস্থিত আছিল পৰিচালক এছ এছ ৰাজামৌলি। পৰিচালকৰ পত্নী ৰামা ৰাজামৌলিও উপস্থিত থাকে। জাপান পোৱাৰ লগে লগে পৰিচালকগৰাকীয়ে এজন অনুৰাগীৰ উপহাৰে আপ্লুত কৰি পেলালে।

আৰ আৰ আৰৰ জাপানী বিতৰকজনে জনোৱা মতে, সোমবাৰে টকিঅ’ৰ দুটা মাল্টিপ্লেক্সত ছবিখন প্ৰদৰ্শিত হয়। ভ্ৰাম্যমাণ থিয়েটাৰখন দৰ্শকেৰে ভৰি পৰিছিল। ৰাজামৌলীক চাবলৈ অনুৰাগীৰ উৎসাহ স্পষ্ট হৈ পৰিছিল। বহুতে এই ছবিখনৰ বিষয়ে পৰিচালকৰ লগত আলোচনা কৰিছিল। অৱশ্যে এগৰাকী জ্যেষ্ঠ মহিলা অনুৰাগীৰ এই উপহাৰে ছবিখনৰ পৰিচালকৰ হৃদয় চুই গৈছিল। ভদ্ৰমহিলাগৰাকীয়ে তেওঁক ১০০০ টা অৰিগামি ক্ৰেন দিলে।

পৰিচালকে বিশেষ উপহাৰৰ বিষয়েও বুজাই দিলে। ৰাজামৌলিয়ে ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ সৈতে নিজৰ এখন ছবি পোষ্ট কৰি লিখিছে, ‘জাপানীসকলে সৌভাগ্য আৰু সুস্বাস্থ্যৰ প্ৰতীক হিচাপে ওচৰৰ মানুহক উপহাৰ হিচাপে অৰিগামি ক্ৰেন (পেপাৰ ক্ৰেন) তৈয়াৰ কৰে। এই ৮৩ বছৰীয়া মহিলাগৰাকীয়ে আমাক ১০০০ ক্ৰেন দিছিল। কাৰণ 'আৰ আৰ আৰ' তেওঁ উপভোগ কৰিছিল।''

ইয়াৰ লগতে পৰিচালকে ক’লে যে ভদ্ৰমহিলাগৰাকীয়ে উপহাৰ পঠিয়াই ঠাণ্ডাত থিয়েটাৰৰ বাহিৰত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। ৰাজামৌলিয়ে লিখিছে, “কিছুমান উপহাৰৰ প্ৰতিদান নোহোৱাকৈয়ে যায়। মই কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ