--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ তেওঁৰ ব্লকবাষ্টাৰ ছবি ‘আৰ আৰ আৰ’ জাপানত প্ৰদৰ্শিত হৈছিল। ছবিখনৰ প্ৰদৰ্শনত উপস্থিত আছিল পৰিচালক এছ এছ ৰাজামৌলি। পৰিচালকৰ পত্নী ৰামা ৰাজামৌলিও উপস্থিত থাকে। জাপান পোৱাৰ লগে লগে পৰিচালকগৰাকীয়ে এজন অনুৰাগীৰ উপহাৰে আপ্লুত কৰি পেলালে।

আৰ আৰ আৰৰ জাপানী বিতৰকজনে জনোৱা মতে, সোমবাৰে টকিঅ’ৰ দুটা মাল্টিপ্লেক্সত ছবিখন প্ৰদৰ্শিত হয়। ভ্ৰাম্যমাণ থিয়েটাৰখন দৰ্শকেৰে ভৰি পৰিছিল। ৰাজামৌলীক চাবলৈ অনুৰাগীৰ উৎসাহ স্পষ্ট হৈ পৰিছিল। বহুতে এই ছবিখনৰ বিষয়ে পৰিচালকৰ লগত আলোচনা কৰিছিল। অৱশ্যে এগৰাকী জ্যেষ্ঠ মহিলা অনুৰাগীৰ এই উপহাৰে ছবিখনৰ পৰিচালকৰ হৃদয় চুই গৈছিল। ভদ্ৰমহিলাগৰাকীয়ে তেওঁক ১০০০ টা অৰিগামি ক্ৰেন দিলে।

পৰিচালকে বিশেষ উপহাৰৰ বিষয়েও বুজাই দিলে। ৰাজামৌলিয়ে ছ’চিয়েল মিডিয়াত মহিলাগৰাকীৰ সৈতে নিজৰ এখন ছবি পোষ্ট কৰি লিখিছে, ‘জাপানীসকলে সৌভাগ্য আৰু সুস্বাস্থ্যৰ প্ৰতীক হিচাপে ওচৰৰ মানুহক উপহাৰ হিচাপে অৰিগামি ক্ৰেন (পেপাৰ ক্ৰেন) তৈয়াৰ কৰে। এই ৮৩ বছৰীয়া মহিলাগৰাকীয়ে আমাক ১০০০ ক্ৰেন দিছিল। কাৰণ 'আৰ আৰ আৰ' তেওঁ উপভোগ কৰিছিল।''

ইয়াৰ লগতে পৰিচালকে ক’লে যে ভদ্ৰমহিলাগৰাকীয়ে উপহাৰ পঠিয়াই ঠাণ্ডাত থিয়েটাৰৰ বাহিৰত তেওঁৰ বাবে অপেক্ষা কৰি আছিল। ৰাজামৌলিয়ে লিখিছে, “কিছুমান উপহাৰৰ প্ৰতিদান নোহোৱাকৈয়ে যায়। মই কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু